গণমাধ্যম আৰু যুৱসমাজত ইয়াৰ বিৰূপ প্ৰভাৱ~প্ৰবন্ধ-প্ৰজ্ঞা দেৱী ভূঞা

 সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকসকলৰ মাজত সামাজিক আন্তঃক্ৰিয়া তথা আন্তঃসম্বন্ধ স্থাপন কৰিবলৈ যাওঁতে সমাজৰ ব্যক্তিসকলৰ মাজত যি যোগাযোগ ব্যৱস্থা প্ৰতিষ্ঠা হৈছে তেনে যোগাযোগৰ ব্যৱস্থাই হৈছে গণমাধ্যম। এই গণমাধ্যমসমূহে যদি এহাতে সমাজত যোগাত্মক পৰিণতি সাধন কৰিছে আনহাতে সমাজ ব্যৱস্থাত বিয়োগাত্মক পৰিণতিও প্ৰদান কৰিছে। বিশেষকৈ নৱপ্ৰজন্ম অৰ্থাৎ ছাত্ৰসমাজ গণমাধ্যমৰ যোগাত্মক দিশৰ প্ৰতি আকৃষ্ট হোৱাৰ পৰিৱৰ্তে ইয়াৰ বিয়োগাত্মক দিশৰ প্ৰতিহে আকৰ্ষিত হোৱা দেখা যায়।
               বৰ্তমান সময়ত বিভিন্ন গণমাধ্যমসমূহত সম্প্ৰচাৰিত কাৰ্যসূচীৰ জৰিয়তে বিভিন্ন বাস্তৱ আৰু অবাস্তৱ ঘটনাৰ প্ৰতি মানুহৰ মাজত সচেতনতা আৰু জাগৰণ আনিবলৈ চেষ্টা কৰা হৈছে যদিও অধিকাংশ যুৱচামে অসামাজিক কাম-কাজৰ প্ৰতিহে আকৰ্ষিত হোৱা দেখা যায়। সাম্প্ৰতিক সময়ত ছাত্ৰ-ছাত্ৰীসকলে গণমাধ্যমসমূহতে অধিক সময় অতিবাহিত কৰা দেখা যায়। সামাজিক মাধ্যমত তেঁওলোকৰ স্থিতিৰ প্ৰতিহে নৱপ্ৰজন্ম অধিক সজাগ ও সচেতন হৈ থকা পৰিলক্ষিত হয়। মহাত্মা গান্ধীয়ে কৈছিল, গণমাধ্যম কেৱল সাধনহে, সাধ্য নহয়। কিন্তু ইয়াক যুৱচামে এতিয়া সাধ্য কৰি তুলিছে। আমাৰ সকলোৰে লক্ষ্য হ'ব লাগিছিল digital India, not digital human । কিন্তু আমিবোৰ digital human লৈ ৰূপান্তৰিত হৈ গৈ আছোঁ।
               যুৱ প্ৰজন্মই অধিক সময় গণমাধ্যমত অতিবাহিত কৰাৰ ফলত প্ৰজন্মৰ মাজত ব্যৱধান (generation gap) তথা পিতৃ-মাতৃ আৰু সন্তানৰ মাজত ব্যৱধান বৃদ্ধি পাইছে। লগতে সম্বন্ধবিলাকত আৱেগিক সংযোগ তথা নিৰাপত্তাৰ অভাৱ ঘটিছে। ইয়াৰোপৰি মানুহক দুখী হোৱাৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰিছে এই গণমাধ্যমে। গণমাধ্যমৰ অত্যধিক প্ৰচলনৰ পৰিণামস্বৰূপে নৱপ্ৰজন্মৰ মাজত মুখামুখি সম্পৰ্কৰ অভাৱ ঘটিছে। যাৰ বাবে তেওঁলোকৰ মাজত কেতিয়াবা কেতিয়াবা একো একোটা ভুল ধাৰণাৰো সৃষ্টি হয়। তেওঁলোকে কোনো ক্ষেত্ৰতে ভালদৰে মনোনিৱেশ কৰিব নোৱাৰে।
                গণমাধ্যমে ধনাত্মক বা ঋণাত্মক নিৰ্দেশিত কৰি যিকোনো পৰিস্থিতিতে যুৱচামক পতিয়ন নিয়াবলৈ চেষ্টা কৰে। গণমাধ্যমসমূহতে অধিক জড়িত থকাৰ ফলস্বৰূপে তেওঁলোকে তেঁওলোকৰ শাৰীৰিক তথা মানসিক ক্ষমতাক উৎপাদনমুখী কাৰ্য্যত জড়িত কৰিব নোৱাৰে। এটা সমীক্ষাত পোৱা গৈছে যে ধাৰাবাহিকভাৱে ফেচবুক চলালে আমাৰ ১.৫% উৎপাদন ক্ষমতা হ্ৰাস পায়। যুৱক বা যুৱতী এগৰাকীয়ে যদি তেওঁৰ ক্ষমতাক কোনো ৰচনাত্মক কাৰ্যত বা ৰাষ্ট্ৰ, সমাজ, পিতৃ-মাতৃ বা নিজৰ ভৱিষ্যতৰ সম্ভাৱনাৰ ক্ষেত্ৰত প্ৰয়োগ নকৰি গণমাধ্যমত অপচয় কৰে তেন্তে তেওঁ নকাৰাত্মক দিশত গতি কৰে। সমাজিক স্বাৰ্থক নুই কৰি কেৱল ব্যক্তিগত লাভালাভৰ ক্ষেত্ৰত গণমাধ্যমৰ অধিক ব্যৱহাৰে নৱপ্ৰজন্মক ব্যক্তিবাদৰ দিশে ধাৱিত কৰিছে। এনে ব্যক্তিবাদী ভাৱধাৰাই যুৱচামক ভোগসর্বস্ব জীৱন পথৰ সন্ধান দি পৰিয়াল বিঘটনতো অৰিহণা যোগোৱা পৰিলক্ষিত হৈছে।
               গণমাধ্যমৰ অন্য এক বিৰূপ প্ৰভাৱ হৈছে চাইবাৰ ক্ৰাইম। গণমাধ্যমৰ তীব্ৰ প্ৰচলনৰ ফলস্বৰূপে যুৱপ্ৰজন্মৰ মাজত হেকিং, ফিশ্বিং, স্পামিং আদি অপৰাধৰ মাত্ৰা বৃদ্ধি পাই গৈ আছে। ইয়াৰোপৰি অন্যান্য অপৰাধীসকলেও তেঁওলোকৰ যোগাযোগ আৰু অপৰাধৰ তথ্য সংগ্ৰহৰ বাবে গণমাধ্যমৰ সহায় লয়।
               সকলো বস্তুৰে যোগাত্মক আৰু বিয়োগাত্মক ভূমিকা থকাৰ দৰে গণমাধ্যমৰো এই দুয়োটা দিশ প্ৰতিফলিত হয়। এটাৰ ঋণাত্মক দিশসমূহ বাদ দি নিশ্চয়কৈ গণমাধ্যমৰ গঠনমূলক ব্যৱহাৰে যুৱপ্ৰজন্মক সঠিক পথৰ পথিক কৰিব। কিন্তু নেতিবাচক দিশসমূহৰ যথোচিত পৰ্যালোচনাৰ যোগেদিহে নৱপ্ৰজন্মক পথভ্ৰষ্টতাৰ পৰা আঁতৰাই আনি নৈতিক ভাৱাপন্ন জীৱন-যাপনৰ প্রতি আগ্ৰহী কৰি তুলিব পৰা যাব।

✍️ প্ৰজ্ঞা দেৱী ভূঞা
      শিৱসাগৰ

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send