মোৰ বাবে তোমাৰ
স্মৃতিয়ে যথেষ্ট।
তোমাৰ স্মৃতিবোৰ
চিৰদিন জীপাল হৈ থাকিব
মোৰ হৃদয়ত।
অʼ...
মনত পৰিব মোৰ তোমালৈ
হয়তো ৰাতিৰ নিজানত
শিতানৰ গাৰোটো তিতিব...
একো নাই দিয়া,
তুমি সুখী হোৱাচোন
তোমাৰ স্মৃতিবোৰেও
মোৰ হৃদয়ৰ মাজত হাঁহিব।
✍️অংশুমী গগৈ,ঢকুৱাখনা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ