বৰষুণ-প্ৰণৱ চক্ৰৱৰ্তী

©Admin
0
সোণাৰুকেইপাহ ধুৱাই নিয়া
এজাক পাতল বৰষুণে
মোক নষ্টালজিক কৰি তুলিছিল,
এনে এজাক বৰষুণতে
কাৰোবাৰ পবালি আঙুলিৰ
পৰশত লিখা হৈছিল
জীৱন জ্যামিতিৰ অভেদ্য সূত্ৰ ৷
এটোপ দুটোপকৈ সৰি পৰা
টোপালবোৰে বুকুত বজাইছিল
অচিন বাদ্য,
ধ্বনিৰ মায়াজালত কবি হ’ব
মন গৈছিল
মন গৈছিল দূৰ্দান্ত প্ৰেমিক হ’ব ৷
ৰৈ নথকা সময়বোৰত
মই হয়তো কিছু সলনি হ’লো,
দূৰ্দান্ত প্ৰেমিক হ'বও নোৱাৰিলো
নোৱাৰিলো কবি হ'বও ৷
বৰষুণজাক  একেই থাকিল
সোণাৰুকেইপাহ তিয়াই
এতিয়াও পাগল কৰিব পাৰে
কোনোবা তৰুণক,
মনৰ জোখেৰে জীয়াই থকা হেঁপাহক
পূৰ্ণতা দিয়ে বৰষুণজাকে...

✍️প্ৰণৱ চক্ৰৱৰ্তী
    নলবাৰী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)