টিভিৰ সন্মুখত নীলা আৰু বহি থাকিব নোৱাৰিলে।টিভি ৰূমৰ পৰা ওলাই আহি তাই তাইৰ ৰুমত সোমাই দুয়োখন হাতেৰে কাণ দুখন হেঁচি ধৰি বহি পৰিল। আজিকালি তাইৰ প্ৰায়ে এনেকুৱা হয়। টিভি, social media সকলোতে justice for অমুক, justice for তমুক। তাই নোৱাৰে এইবোৰ চাব। তাইৰ অতীতে ধাৰাশায়ী কৰে তাইক। নীলাই চেষ্টা কৰিছে সকলো পাহৰিবলৈ ।কিন্তু তাইৰ পক্ষে সম্ভৱ নহয় এয়া। অভিশপ্ত সেই সন্ধিয়াটো পাহৰাতো ইমান সহজ নহয়। তথাপি নীলাই সকলো পাহৰিবলৈ চেষ্টা কৰিছে, কেৱল আকাশৰ বাবে। যি আকাশে আজি নীলাক নীলা হৈ থাকিবলৈ সাহস দিছে , যি আকাশে আজিও তাইক তাইৰ অতীত পাহৰাত সহায় কৰি আছে, যি আকাশে তাইক হীনমন্যতাৰ অটল গহ্বৰৰ পৰা উলিয়াই আনি এখন আকাশ দিলে নীলা হ'বলৈ।
নীলাই মনতে ভাবিলে - তাই হাঁহিব, তাই আকৌ হাঁহিব সেই আকাশৰ বাবে তাই নিজক সজাব আগৰ দৰে। তাই ভাবিলে তাই সঁচাই ভাগ্যবান যে আকাশৰ দৰে জীৱনসংগী পাইছে, যি আকাশ বৰ বিশাল, আকাশৰ দৰে। তাই পাহৰি যাব নীলা আকাশৰ পঞ্চম প্ৰেম বাৰ্ষিকীৰ দিনা তাইৰ ধৰ্ষণ হৈছিল, সদায় এইটো মনত ৰাখিব যে আকাশে তাইক দিয়া প্ৰতিশ্ৰুতি পালন কৰি কোনো প্ৰশ্ন নকৰাকৈ আকোৱালি লৈছিল, বৰঞ্চ দুগুণ মৰমেৰে।
ড্ৰয়িং ৰূমৰ পৰা ভাঁহি আহিল-
উভতাই আনিলা
জীয়াই তুলিলা
মোক জীয়াই তুলিলা...
✍️মধুস্মিতা চহৰীয়া
বুঢ়া (দৰং)
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ