অপ্ৰেম-মাণিক পাল

এইখন গাঁৱতে তুমি থাকিবা 
হকে বিহকে দৌৰি ফুৰিবা 
অৱসৰৰ সময়ত 
বান্ধৱীৰ লগত বহিবা 
সৌ বটৰ তলত 
শিৱ মন্দিৰৰ ওচৰত 
স্ফূৰ্তি কৰিবা 
আনন্দ কৰিবা বান্ধৱীৰ লগত ।

নিশা শুই পৰিব 
কিন্তু তুমি শুই নপৰা 
হয়তো তুমি ওৰেৰাতি 
ব্যস্ত থাকিবা ম’বাইলত 
কাৰোবাৰ সৈতে 
কথা পতাত ৷
প্ৰেমৰ কথা 
আৱেগৰ কথা 
প্ৰণয়ৰ কথা ।

তোমাক নেদেখাৰ যন্ত্ৰণাত 
মৰি মৰি নিচিহ্ন হৈ যাম 
জহি-খহি নিঃশেষ হৈ যাম 
জ্বলি-পুৰি ছাৰখাৰ হৈ যাম ৷
তথাপিও নকওঁ
তুমি আহা 
বা তুমি কিয় অহা নাই । 
তোমাক ক’বলৈ 
সুযোগ নিদিওঁ যে 
তোমাৰ সময় নাই 
বা সম্প্ৰতি তুমি বৰ ব্যস্ত 
তোমাৰ অৱজ্ঞাৰ পৰা 
নিজকে ৰক্ষা কৰিম মই ।

তোমাৰ লগত মোৰ আৰু দেখা নহয় 
দিন যাব সপ্তাহ যাব 
মাহ যাব বছৰ যাব 
তথাপিও তোমাৰ সৈতে মোৰ দেখা নহ’ব 
কোনো কালে কোনো সময়ে ।
দেখা নহৈ নহৈ 
মই পাহৰি যাম 
তোমাৰ সৈতে দেখা হোৱা 
সময়বোৰ কেনেকুৱা আছিল,
তোমাৰ প্ৰতিটো হাঁহি কেনেকুৱা আছিল,
তোমাৰ কথাৰ সুৰ কেনেকুৱা আছিল 
তোমাৰ চকুযুৰি কেনেকুৱা আছিল ।

পাহৰি পাহৰি 
চিৰদিনৰ বাবে পাহৰি যাম 
তুমি দেখাত কেনেকুৱা আছিলা,
ক’লা তিলবোৰ তোমাৰ ক’ত ক’ত আছিল ।
পাহৰি যাম 
মই তোমাৰ প্ৰেমৰ কথাবোৰ,
আমাৰ ৰোমাঞ্চৰ দৃশ্যবোৰ  ।

বহু বছৰ পাৰ হৈ যাব 
একেখন গাঁৱতে 
তথাপিও তোমাৰ সৈতে মোৰ 
গাঁৱৰ মেলা , দোকান, স্কুল কলেজকে 
আদি কৰি ক’তো দেখা নহয় ।

কোনে কৈছে তুমি 
নহ’লে মই জীয়াই থাকিব নোৱাৰিম৷
চোৱা মই এতিয়াও জীয়াই আছোঁ 
তোমাৰ অবিহনে ।
মোৰ চকুত পানীয়ে
বৰ্ষাৰ বৰষুণৰ দৰে 
ধুই পেলাব পাৰে
ইমান দিনে অংকন কৰা 
স্মৃতিৰ সকলো ছবি,
তোমাৰ নাম তোমাৰ পৰিচয় ।

মোৰ অন্তৰৰ জুহালে 
বনজুইৰ দৰে পুৰি পেলাব পাৰে,
তুমি ইমান দিনে 
ছল কৰি প্ৰদান কৰা 
তোমাৰ প্ৰতিটো উপহাৰ ।

মোক অকলশৰীয়া বুলি নাভাবিবা
তোমাৰ অৱজ্ঞা মোৰ লগে লগে 
ছাঁ হৈ ঘূৰি ফুৰে এতিয়াও ।

✍️মাণিক পাল 
     গাঁও: শিমলীতোলা
     জিলা:গোৱালপাৰা

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send