ভালপোৱাৰ অনুভূতি-ডলীমণি নাথ

Rinku Rajowar
0
ভালপোৱাৰ অনুভূতি ( ০১)

পাহীহঁতৰ ঘৰখনত এটা ব্যস্ততাপূৰ্ণ পৰিৱেশ। সকলোৱে কাম কৰি আছে। কাকো কাৰো চাবলৈ সময় নাই; কেৱল কাম আৰু কাম। কোনোবাই চকী বোৰ শাৰী শাৰীকৈ পাতিব ধৰিছে, কোনোবাই ৰন্ধা বঢ়া কৰিবলৈ চৌকা খন্দাত ব্যস্ত আৰু কোনোবাই হয়তো আলহীবোৰক আগবঢ়াই লৈ গৈ বহিবলৈ দিয়াত ব্যস্ত। ব্যস্ততাৰ মাজতো দেউতাকে কাম কৰি থকাবোৰক দিহা-পৰামৰ্শ দি আছে। তেতিয়াই পাহীৰ বান্ধৱী কেইজনীমানো আহি সোমালেহি। ঘৰৰ ভিতৰত হাঁহি ধেমালিৰে হুলস্থুলীয়া পৰিৱেশ। পাহীয়ে বাৰে বাৰে বাহিৰলৈ চাইছে আৰু মুখৰ ভিতৰতে ভোৰভোৰাই আছে কিবাকিবি। তেনেতে কোনোবা এজনী আহি সোমালেহি আৰু পাহীৰ মাকক মাত লগালে.....
:বৰমা...
:আহিলি তই...!?
:অ'। পাহী ক'ত?
:শিঙৰা বৰল হৈ আছে যোৱা। দিব তোমাক মজা আজি। যোৱা ভিতৰলৈ- পাহীৰ মাকে হাঁহি এটা মাৰি ক'লে।
:হ'ব বৰমা।
তাই ভিতৰলৈ সোমাবলৈ পৰ্দাখন দাঙি দেখিলে সিহঁতৰ লগৰ বহু কেইজনী আছে ৰূমটোত। পাহীৰ হাতত মেহিন্দী লগাই আছে। তাৰে মাজে মাজে আড্ডাও চলি আছে আৰু হাঁহিও আছে গোটেইকেইজনী। তাই গৈয়েই পাহীৰ চকুত ধৰিলে।
:হ'ব যোৱা নাহিলেও হ'ল হয়। কিয় আহিব লাগে..! মই তোৰ Best Friend হ'লেহে সোনকালে আহিলি হয়।
:খং উঠিছে তোৰ..? লাহেকৈ হাতখন আঁতৰাই সুধিলে তাই।
:নাই উঠা যোৱা।
:গম পাইছোঁ মই বান্দৰী।
:হুহ।
:হ'ব দে আহি পাইছোঁতো মই। আন মইও লগাই দিওঁ মেহিন্দী; বুলি কৈ লগৰ জনীৰ পৰা মেহিন্দীটো লৈ পাহীৰ আনখন হাতত মেহিন্দী আঁকিব ধৰিলে।
                  আজি পাহীৰ Engagement। তাইৰ ভালপোৱা লৰাজনৰ লগতেই বিয়া ঠিক হৈছে তাইৰ। তাই খং কৰি থকা বান্ধৱীজনী হল জুলী। তাইৰ Best Friend। এজনীয়ে আনজনীক একমুহূৰ্তও এৰি নাথাকে। আজি Engagement ৰ দিনা জুলীয়ে দেৰি কৰা কাৰণে তাইৰ বহুত খং উঠিছে। জুলী নহলে তাইৰ জীৱনৰ সকলো কামেই যেন আধৰুৱা হৈ ৰব। দুয়োটাই একেটি মুদ্ৰাৰ ইপিঠি সিপিঠি।

ভালপোৱাৰ অনুভূতি ( ০২)

জুলী। এজনী সহজ সৰল মৰমলগা ছোৱালী। কেতিয়াও কাকো টানকৈ কথা নকয়। সদায় হাঁহি ধেমালি কৰি থাকে। দেখাত মাগুৰবৰনীয়া, লাহি কঁকালৰ, কঁকাললৈকে পৰা দীঘলীয়া চুলি। চকু দুটাই অনবৰতে হাঁহি থাকে। পাহীহঁতৰ ঘৰৰ পৰা ১কিলোমিটাৰ মান দূৰত ঘৰ তাইৰ। পাহীৰ লগত একেলগে পঢ়া। জুলী দেখাত হাঁহি মাতি থাকিলেও তাইৰ চকুলৈ চালে যেন বুজিব পাৰি তাইৰ অন্তৰৰ কোনোবা এটি কোণত সোমাই থকা দুখৰ কথা। যিটোৱে তাইক যেন খুলি খুলি খায়। তাইৰ দুখৰ সমভাগী হবলৈ তাই যে কাকোৱে প্ৰকাশ নকৰে তাইৰ দুখৰ কথা। কোনোবাই কিবা সুধিলে সদায় হাঁহিৰে উৰুৱাই দিয়ে। তাইৰ মতে তাই পৃথিৱীৰ আটাইতকৈ সুখী ছোৱালী। তাই বিচৰা সকলোখিনিয়ে হেনো তাই পাইছে। ভগৱানে তাইৰ সকলো প্রিয় বস্তু তাইক সপি দিছে। আজি পাহীৰ Engagement ত অহাৰ পৰাই তাই ফুৰ্তি কৰি আছে কিন্তু তাইৰ চকুহালে এক অন্য কথা কৈ যাব খুজিছে। অন্তৰৰ কথাবোৰ চকুযুৰিয়ে ব্যক্ত কৰিব খুজিছে তাইৰ। তাইৰ চকুত আজি এক ভয়াৰ্ত দৃষ্টি। কাৰোবাক হেৰুৱাই পেলোৱাৰ শংকা তাইৰ দুচকুত। পলে পলে চকুৰ পলক জপাইছে তাই। বুকু ভেদী ওলাই আহিব খোজা ক্ৰন্দনৰ টোপাল টোপাল চকুলোক যেন তাইৰ বাধা দিয়াৰ ক্ষুদ্ৰ প্ৰচেষ্টা চলাইছে। মাজে মাজে অস্থিৰ হৈ উঠাৰ দৰে ইফালে সিফালে চাই ৰৈছে। নিজকে স্থিৰ কৰিবৰ বাবে নানান কথা পাতিছে সকলোৰে লগত। একান্তমনে পাহীৰ হাতত মেহিন্দী আঁকি আঁকি তাই যেন কলেজীয়া দিনলৈ মনত পেলাইছে........

 ভালপোৱাৰ অনুভূতি ( ০৩)

কলেজৰ কেম্পাছত থকা কৃষ্ণচূড়া গছকেইজোপাৰ তলত কলেজৰ প্ৰায়ভাগ লৰা ছোৱালীয়ে বহি আড্ডা মাৰে। সকলোৱে কৃষ্ণচূড়া জোপাৰ তলতে জীৱনৰ সৌন্দৰ্য্য উপভোগ কৰে আৰু সেয়ে এই কৃষ্ণচূড়া কেইজোপাই বহুতৰে স্মৃতি কঢ়িয়াই লৈ ফুৰিছে। কাৰোবাৰ বন্ধুত্বৰ আৰম্ভনি হৈছে আৰু আন কাৰোবাৰ হয়তো প্ৰেম কাহিনীৰ। কাৰোবাৰ হয়তো প্ৰেমৰ অন্ত আৰু আন কাৰোবাৰ হয়তো শেষ হৈছে আধৰুৱা অপ্ৰকাশ্য প্ৰেমকাহিনীৰ। পাহী আৰু জুলীৰ বন্ধুত্বৰ বহুতো স্মৃতিও যে ইয়াৰ মাজতেই ৰৈ গৈছে...!

                     কলেজত গৈ Major ক্লাছ কেইটা কৰি ক্লাছ কৰিব মন নোযোৱাত দুয়োটাই গৈ গছ এজোপাৰ তলতে বহিল। আৰম্ভ হৈ গল সিহঁতৰ নানান কথা। দুয়োজনীয়ে লগ হলে কথাই শেষ নহয় সিহঁতৰ....
:ঐ জুলী আজি ক্লাছ নকৰোঁ আৰু দে।
:কিয়?
:ইমান ক্লাছ কৰিব পাৰি নেকি কচোন। তাতে আৰু Education ক্লাছ আছে। Professor জন কেনেকুৱা আক্ৰু জানাই চোন।
:তাতেনো কি হ'ল তোৰ?
:কি হ'ল মানে; মোৰ ব'ৰ লাগে।
:লাগক তোৰ ব'ৰ। মই কৰিম ক্লাছ।
:ফালিবি তই যা।
:কি কলি?
:যা যা কৰিবি যা ক্লাছ। হুহ।
জুলীয়ে একো নকৈ হাঁহিবলৈ ধৰিলে। তাইক হাঁহি দিয়া দেখি পাহীয়েও হাঁহিব ধৰিলে। পাহীয়ে বুজি পাইছিল জুলীয়েও ক্লাছ নকৰে।ইটো সিটো কথা পতাৰ পিছত দুয়োটাই কেণ্টিনলৈ গৈ পোনে পোনে ঘৰলৈ যাবলৈ ওলাল।গোটেই ৰাস্তাটো কথা পাতি আহিলেও সিহঁতৰ কথাই যেন শেষ নহয়। ঘৰত গৈ পায়ো Msg ত কথা আৰম্ভ হয় সিহঁতৰ। কথাৰ Topic বোৰ সিহঁতৰ কোনটো Senior লৰাক ভাল লাগে দেখাত, কোনটো লৰাই কাক ভাল পায়, কাক কেইটা লৰাই Propose কৰিলে etc.......

                   দুয়োজনীয়ে সকলো কথা কোৱাৰ মাজতো কিয় জানো তাৰ মাজতেই কিছুমান কথা থাকি যায়। যিবোৰ চাগে প্ৰকাশ কৰিব মন নাযায়। তেনেতে পাহীৰ মাকে আহি তাইক মাত দিয়াতহে তাইৰ তন্ময়তা ভাগিল। মাকে কিবা এটা কৰিব লাগে বুলি তাইক পাকঘৰলৈ মাতি নিলে।

 ভালপোৱাৰ অনুভূতি ( ০৪)

পাহীৰ ঘৰখনৰ দৰে বিতোপনৰ ঘৰখনতো একেই উখল মাখল পৰিৱেশ। পাহীৰ দৰেই তাৰো মনত আনন্দৰ সীমা নোহোৱা হৈছে। পাহীয়েও মনে মনে তাৰ কথাকেই ভাবি আছে। তাই আজি বহুত সুখী কাৰণ তাইক আজি সি সমজুৱাভাৱে স্বীকাৰ কৰি স্বীকৃতি দিব। তাইৰ আজিও তাৰ চকুৰ চাৱনিত নতুনকৈ প্ৰেমত পৰি যাব মন যায়। তাৰ প্ৰতিটো কথাত তাই নিজকে হেৰুৱাই পেলাইছিল।
                    বিতোপন....তাই পঢ়া কলেজ খনৰে Senior আছিল সি। সি তেতিয়া B.SC.ৰ Last Semester ত পঢ়ি আছিল। ওখকৈ ক্ষীণ কলা লৰা এজন, মুখত এসোপামান দাড়ি, চুলিকেইডালো কিবা Colour কৰি বেলেগ কৰি থৈছে। দেখাত কলা হলেও দাড়িকেইডালেৰে সৈতে ভালেই দেখি তাক। কলেজৰ আন লৰাবোৰতকৈ ছোৱালীবোৰে তাৰ পিছতহে পাগল। কিবা যেন মন মুহিব পৰা শক্তিহে আছে তাৰ। আন ছোৱালীবোৰৰ দৰেই পাহী আৰু জুলীৰো তাৰ প্ৰতি দুৰ্বলতা আছিল কিন্তু কেতিয়াও দুয়োজনীয়ে দুয়োজনীৰ আগত প্ৰকাশ কৰা নাছিল। কেতিয়াবা তাৰ কথা পাতিছিল যদিও মনৰ কথা প্ৰকাশ কৰা নাছিল।
                 এদিন Off Time ত কৃষ্ণচূড়াজোপাৰ তলত বহিব যাওঁতে পাহীয়ে জুলীক কলে....
:ঐ জুলী আজি বহুত ডাঙৰ কথা এটা কবলৈ আছে তোক।
:মোৰো আছে।
:বাৰে দুইটাৰে আজি আমাৰ একেলগে কথা ওলাইছে।
:অ। কি কথা তই আগতে কবি। মোৰটো পিছত কম।
:হব দে মইয়ে কম আগতে। বহুত বেছি Important। তই পাগল হৈ যাবি শুনিলে। খং নকৰিবি কিন্তু আগতে নোকোৱা কাৰণে।
:হব দে।
:বল আগতে বহি লওগে।
দুয়োজনীয়ে গৈ বহি ললে গছজোপাৰ তলতে।
:ক' এতিয়া।
:কৈ আছোঁ ৰ'। কথাতো হল- মই কাৰোবাৰ প্ৰেমত পৰিছোঁ।
:কি কলি??!! কাৰ লগত?? কোন হয়?? আমাৰ কলেজৰে নে?? কিমান দিন হল?? কি নাম তাৰ?? কত লগ পালি....??
:ঐ এটা এটাকৈ সুধিবি ৰ'। একেবাৰে ইমান সুধিছাঁ যে?
:Ok কৈ যা।
:তই চিনি পাৱ তাক। বিতোপন; Last Semester ৰ লৰাজন।
জুলীৰ মুখখন কলা পৰি গল। চকুৱে মুখে বিষাদৰ চাপ। পায়ো হেৰুৱাই পেলোৱাৰ অৱকাশ যেন মূৰ্ত হৈ উঠিছে দুনয়নত। কিন্তু লগে লগে তাই নিজকে সংযত কৰি ল'লে। জুলীৰ চকুত ধৰা পৰাৰ আগতে স্বভাৱ সুলভ মিচিকিয়া হাঁহিতো ওঁঠত বিৰিঙাই তুলিলে তাই। পাহীয়ে একো গমকে নাপালে। প্ৰচণ্ড শোকে হেঁচা মাৰি ধৰা কলিজাটোক যেন সংযত কৰি তাই কৈ উঠিল....
:ইমান ভাল খৱৰ মোক নোকোৱাকৈ কিয় আছিলি! আজিহে সময় পাইছা মোক কবলে হুহ।
       তাই যেন খং কৰাৰ অভিনয়হে কৰিলে। সমস্ত দুখ একাটি কৰি থৈ সুখৰ অভিনয় কৰিবলৈ তাই যেন ৰঙ্গমন্সৰ নায়িকা।সমস্ত যন্ত্ৰণা সহি মাথোঁ হাঁহি গৈছে তাই...পাহীয়ে অনর্গল কথা কৈ গৈছে কিন্তু জুলীৰ কাণত এটা ধ্বনিও সোমোৱা নাই। নিৰ্বিকাৰ হৈ পাহীৰ মুখলৈ চাই ৰৈছে। বাৰে বাৰে কাণত বাজি উঠিছে পাহীৰ এষাৰি কথাই.....

:বিতোপন; last semester ৰ লৰাজন....!!
প্ৰতিধ্বনি হৈ বাৰে বাৰে তাইৰ কাণত বাজি হাহাকাৰ কৰি উঠিছে। কষ্ট হৈছে তাইৰ। চিঞৰি চিঞৰি কান্দিবলৈ মন গৈছে তাইৰ।
:এই জুলী কি হ'ল তোৰ..?
পাহীৰ মাতত তাই চমক খাই উঠিল। লৰালৰিকৈ নিজকে চম্ভালি কলে...
:কিনো হোৱা দেখিলি তই। তহঁতৰ প্ৰেম কাহিনী শুনি কল্পনা কৰি আছিলোঁ তহঁত দুটাক একেলগে কেনেকুৱা লাগিব।
:ৱাহ বঢ়িয়া...
:উম হবই বঢ়িয়া। মই কেতিয়াবা বেয়া চিন্তা কৰো নেকি? তাই ক্ষীণ হাঁহি এটা মাৰি কলে....
:হ'ব দে। এতিয়া তোৰ কথাটো ক'...
:মো.. মোৰ কথা....!! মোৰ আকৌ কি কথা?
:নিজেই দেখোন কৈছিলি মোক কবলে কিবা কথা আছে বোলে তোৰ...
:ও সেইটো কথা। আজি নকওঁ দিয়া। একেদিনাই দুটা প্ৰেমকাহিনী নুশুনাও।
:তাৰমানে তই ও প্ৰেমত পৰিছ'..? Congratulations.... তাৰ বিষয় ক' অলপ মোক।
:আজি নকওঁ দে। বহুত দেৰি হৈ গল। বেলেগ এদিন কম। বল এতিয়া.....
দুয়োজনী ক্লাছ ৰূমলৈ বুলি খোজ ললে......  মনে মনে জুলীয়ে ভাবিলে কেনেকৈ কব তাই পাহীক তাইয়ো যে বিতোপনৰ কথাই কম বুলি ভাবিছিল.....

ভালপোৱাৰ অনুভূতি ( ০৫)

কলেজৰ পৰা আহি বেগখন দলিয়াই থৈ মজিয়াখনতে বহি তাই কেৱল কান্দিছে। দুচকুৰে অশ্রুৰ নিজৰা বৈ গৈছে। বুকুখনে কষ্ট অনুভৱ কৰিছে, কলিজাটো কোনোবাই ছিঙি আজুৰি লৈ গল তাইৰ। নিজকে চম্ভালিব পৰা নাই তাই। মনৰ পিঞ্জৰাত আলফুলে ৰাখি থোৱা তাইৰ চৰাইটোক কোনোবাই কাঢ়ি লৈ গল...অসহ্য যন্ত্ৰণা ও। সপোনে বালিচৰত কাৰেংঘৰ সজাৰ আগতেই ধুমুহাই সকলো আজুৰি লৈ গল। বাৰে বাৰে বিতোপন আৰু পাহীৰ ছবি দুখন চকুৰ আগত ভাহি উঠিছে। পাহীৰ কথাবোৰ প্ৰতিধ্বনিত হৈছে কাণত। তাই কানদুখন টিপা মাৰি ধৰি চকু কেইটা মুদি লৈ কেৱল চিঞৰি চিঞৰি কান্দিছে। কেনেকৈ থাকিব তাই, কেনেকৈ সহ্য কৰি থাকিব চকুৰ আগত দুয়োটাকে দেখি....কেনেকৈ শুনিব তাই বিতোপনৰ কথা পাহীৰ মুখত। তাই ভালপোৱা লৰাজনক বেলেগৰ লগত দেখি তাই ধৈৰ্য ধৰিব পাৰিব জানো....!নোৱাৰিব তাই.. পাৰিব জানো তাই অভিনয় কৰিব...! তাই মনে মনে ভাবিলে- পাহীৰ কাৰণে অভিনয় কৰিব লাগিব তাই....তাইৰ দুখবোৰ লুকুৱাই ৰাখিব লাগিব। কঠোৰ হব লাগিব তাই....!
                 লাহে লাহে দিনবোৰ পাৰ হবলৈ ধৰিলে। পাহীৰ সন্মুখত অভিনয় কৰা জুলীজনী ঘৰলৈ আহি অকলে অকলে কান্দে। তাইৰ মোবাইলৰ Wallpaper ত বিতোপনৰ ফটো এখন সদায়ে Set কৰি থোৱা থাকে ।তাকে চাই তাই সমস্ত সুখ অনুভৱ কৰিব বিচাৰে...তাই মোবাইলটো কেতিয়াও কাকো চাবলৈ নিদিয়ে। কেনেবাকৈ কোনোবাই বিতোপনৰ ফটোখন দেখে বুলি ভয় খায় তাই। আগতেই হেৰুৱাই পেলোৱা লৰাজনক শেষ সম্বল বুলি ফটো এখনৰ মাজতে ধৰি ৰাখিছে তাই... এইখিনিও তাই হেৰুৱাই পেলাই অকলশৰীয়া হব নোখোজে। সকলোৰে মাজত থাকিও সদায় তাই বহুত অকলশৰীয়া অনুভৱ কৰে.....

ভালপোৱাৰ অনুভূতি ( ০৬)

পাহী আৰু বিতোপনৰ প্ৰেম লাহে লাহে গভীৰ হবলৈ ধৰিলে। সময় পালেই দুয়ো গছৰ তলত বহি কথা পাতে। জুলীয়ে অলপ দূৰত বহি থাকে, কেতিয়াবা কাষতেই বহি থাকে। সিহঁতৰ কথা শুনাৰ মানসিকতা নাই তাইৰ। দূৰৰ পৰাই এপলক বিতোপনলৈ চাই হৃদয় জুৰ পেলায় তাই। মোবাইল'ত Facebook টো খুলি লৈ বিতোপনৰ Post বোৰ চাই নিজকে সন্তুষ্ট কৰে তাই। অশান্ত হৃদয়খনক শান্ত কৰিবলৈ তাৰ ফটোখনকে চাই ৰয় তাই.... তাৰ ফটোখনৰ মাজতেই তাই বিচাৰি পায় সমস্ত সুখ। কেতিয়াবা তাইক বিতোপনে মাত এষাৰ দিয়ে আৰু কথা পাতে। তাইৰ অন্তৰখনে এক বিশেষ সুখ অনুভৱ কৰে। তাৰ এষাৰি মাতেই তাইৰ কলিজা শীতল কৰি তোলে.... কেতিয়াবা আকৌ তাইক পাহীয়ে মাতি ফটো তুলিবলৈ দিয়ে....তাইৰ তেতিয়া এনেকুৱা লাগে যেন কোনোবাই তাইৰ বুকুত চুৰি এখন বহুৱাই দিলে। যন্ত্ৰণাত চটফটাই ফুৰিছে তাই... তাৰ মাজতেই ওঁঠত হাঁহি এটা লৈ সিহঁতৰ ফটোখন তুলি দিয়ে.....অন্তৰতে উচুপি উচুপি কান্দে তাই.....কি যে অভিনয় তাইৰ।ৰাজ্যিক পৰ্যায়ৰ অভিনেত্ৰীৰ স্থান লব পাৰিব তাই। অপূৰ্ৱ অভিনয়..... মনে মনে তাই ভাৱে- এয়াই চাগে প্ৰেম। কাৰোবাৰ এটি মিঠা হাঁহি, এষাৰি মাততেই সকলো বিচাৰি পায় তাই.... পাহীৰ কাৰণে আজি অভিনয় কৰি গৈছে। ত্যাগ কৰিছে তাইৰ প্ৰথম প্ৰেম... তাইৰ অপ্ৰকাশিত প্ৰথম প্ৰেমক....
                          এদিন কলেজৰ পৰা ঘৰলৈ আহোঁতে জুলীক পাহীয়ে কলে.....
:জুলী, তোৰ কিবা হৈছে নেকি ও..?
:কিনো হোৱা দেখ' তই মোৰ?
:নহয় মানে, কিবা ভাবি থকা যেন লাগে?
:"সপোনবোৰ যেতিয়া দেখোঁ ন' পাহী; তেতিয়া এনেকুৱা লাগে কলিজাটো গোলাপৰ কলি হৈ ফুলিবলৈ লৈছে। কিন্তু সেই সপোনৰ ৰাজকোঁৱৰ যেতিয়া অমানিশাৰ আন্ধাৰত হেৰাই যাবলৈ ধৰে; তেতিয়া বুকুখনত সেই গোলাপৰ কাঁইটেই বিন্ধি ধৰে ও..."
:জুলী তই কি কৈছা মই বুজিয়ে পোৱা নাই। কবিতা কবিতা লগা কাব্যিক ভাষা কৈ দিয়া একেবাৰে। মই বুজিয়েই নাপাওঁ। কাক ভালপোৱা খোলাকৈ কৈ দিয়া আকৌ ।
:কম পিছত একেবাৰেই মোৰ সপোন কোঁৱৰৰ কথা। মোৰ এক ব্যতিক্ৰমী প্ৰেম কাহিনী....।
:কি যে কৈ থাকা তই এইবোৰ...!
:হব যা নালাগে বুজিব। তাই হাঁহি হাঁহি কলে.....
হাঁহিৰ মাজত থকা তাইৰ বেদনা খিনি কৰবাত যেন লুকাই ৰল....

ভালপোৱাৰ অনুভূতি ( ০৭)

সেইদিনা ঘৰলৈ আহি পোৱাৰ পিছত পাহীয়ে ভাত খাই বিচনাতে পৰি ৰৈছিল। জুলীৰ কথাই ভাবি আছিল তাই। জুলীয়ে বাৰু কিবা কথা লুকুৱাইছে নেকি তাইৰ পৰা। তাইৰ ভালপোৱা লৰাজনৰ কথা কিয় প্ৰকাশ নকৰে তাই। মনত তাইৰ নানান প্ৰশ্নই খেলিমেলি লগাব ধৰিলে। তেনেতে বিতোপনে তাইলৈ ফোন কৰিলে। তাই ফোনটো Receive কৰিলে....
:হেলো...
:কি কৰিছা তুমি?
:এনেই বাগৰি আছোঁ বিচনাত।
:ও। এনেই যদি আছা মোলে ফোন কিয় কৰা নাছিলা?
:কৰিম বুলি ভাবিছিলোঁ। আচলতে মই জুলীৰ কথা ভাবি আছিলোঁ।
:কিনো হল জুলীৰ?
:একো নাই হোৱা। কিন্তু তাইৰ কিবা দুখ থকা যেন লাগে মোৰ।
:জুলীৰ দুখ। পাগল কৰি দিবা তুমি মোক।
:কিয়?
:কিয় মানে; দেখিছাই চোন তাই কিমান ফুৰ্তিত থাকে। দুখত থকা মানুহ এনেকে ফুৰ্তি কৰিব নোৱাৰে। কৰবাত নহয় কৰবাত দুখবোৰ ওলায়ে পৰে।
:সেইটো হয় দেচোন।
:তোৰ মুৰটোত যে কি চিন্তাবোৰ আহি থাকে বুজিয়ে নাপাৱ মই।
:হেই ৰবা না কথাটোহে কৈছোঁ মই। তাইৰ বোলে ভালপোৱা লৰা আছে। কিন্তু মোক কোৱাই নাই আজিলৈকে কোন হয়...
:অ এতিয়াহে বুজিলোঁ তোমাৰ মূৰৰ কামোৰটো।
:কি বুজিলা?
:তোমাক তাই ভালপোৱা লৰাজনৰ কথা কোৱা নাই, সিহঁতৰ মাজত কিবা সমস্যা হৈছে এইবোৰৰ কাৰণে তাইৰ মনত বিৰাট ডাঙৰ দুখ থকা বুলি নিজে ভাবি লৈছাঁ তুমি। মাৰি পেলাবা দেই মানুহ তুমি...সকলো মনৰ ভ্ৰম তোমাৰ।
:তেনেকুৱা নহয়,
:হয় তেনেকুৱাই। মই অলপ ওলাই যাও। পিছত কথা পাতিম। Bye
:Ok Bye....
                      ফোনটো কাটাৰ পিছত তাই ভাবিলে সচাকৈ অবান্তৰ কথা কিছুমান ভাবি আছে নেকি বাৰু তাই। নিজকে নিজে পাগল যেন অনুভৱ হল। মোবাইলটো থৈ শুবলৈ চেষ্টা কৰিলে তাই.......

ভালপোৱাৰ অনুভূতি ( ০৮)

জুলীয়ে পাহীৰ মাকক কামত সহায় কৰি দি অহা মানে মেহিন্দী খিনি শুকাই ধুব পৰা হৈছে। পাহীয়ে মেহিন্দী খিনি ধুই সাজিবলৈ বহি গল। জুলীৰ লগতে আন লগৰ কেইজনীয়ে তাইক সজাবলৈ ধৰিলে। মাজতে মাকে আহি সোনকালে সজাবলৈ কৈ গৈছে কাৰণ লৰাঘৰৰ মানুহ আহি পাবৰে হৈছে। খুব ধুনীয়া দেখাইছে পাহীক আজি। হালধীয়া ৰঙৰ পাটৰ কাপোৰযোৰ তাইক খুবেই ধুনীয়া কৰি তুলিছে। এনেয়ে দেখাত মৰমলগা তাই তাতে আৰু আজি গহনাই কাপোৰেৰে পৰী জনী হৈ উঠিছে।সকলোৰে মনত আনন্দ। কেতিয়া বিতোপন হঁতৰ গাড়ী আহি পাব তাকেই ৰৈ আছে।পাহীৰ মনটো চঞ্চল হৈ উঠিছে আৰু আনফালে জুলীয়ে ক্ৰমশঃ দুৰ্বল হৈ গৈছে।মুখৰ বৰন সলনি হৈ যাব খুজিছে যদিও কষ্ট কৰি ওঁঠত হাঁহিটো বিৰিঙাই ৰাখিছে.....অনুভূতি বোৰ প্ৰকাশ হব বিচাৰিছে চকুলোৰ লোতক হৈ। কিন্তু নোৱাৰে তাই ইমান দুৰ্বল হব। নোৱাৰে নাই ইমান নিষ্ঠুৰ হব....
                     তেনেতে বিতোপন হঁত আহি পালে। সকলোৱে আদৰি আনিবলৈ গল। তাইও পিছে পিছে গল। চাব বিচাৰিছে তাই হেঁপাহ পলুৱাই বিতোপনক এবাৰ। আজিৰ পৰা আৰু তাইৰ মোবাইলৰ Wallpaperটো তাৰ স্থান নাথাকিব। হেৰাই যাব সি আজি তাইৰ প্ৰতিটো সপোনৰ পৰা। ৰৈ যাব কেৱল স্মৃতি হৈ.....আধৰুৱা হৈ ৰব তাইৰ একপক্ষীয় প্ৰথম প্ৰেম......

                      চোতালৰ মাজত পাহী আৰু বিতোপনক বহুৱাই যাৱতীয় নীতি-নিয়ম কৰি গৈছে। তাই বাৰাণ্ডাত থিয় দিয়ে চাই ৰৈছে। কাষলৈ যোৱাৰ সাহসকণ নাই আজি আৰু তাইৰ...এটা এটা নিয়মৰ অন্তত ছিগি গৈ আছে তাৰ লগত তাই নিজে সজাই লোৱা বন্ধনবোৰ।কান্দিব বিচাৰিছে তাই আজি। কিন্তু কতা তাইৰ চোন চকুপানীবোৰ ওলাই নাহে। হেৰাই গ'ল নেকি সকলো মৰিচিকা হৈ...

                  বিতোপনে পাহীক সেন্দুৰ পিন্ধালে; আঙুঠি পিন্ধালে আৰু তাই সৰগ পৰা মানুহৰ নিচিনা নিৰ্বিকাৰ হৈ থিয় দি ৰৈছে....হেৰাই গ'ল তাইৰ প্ৰথম ভালপোৱাৰ অনুভূতি....


ভালপোৱাৰ অনুভূতি ( ০৯)
         
বিতোপন আৰু পাহীৰ লগতে আন আন লৰা ছোৱালীবোৰ ৰূমত বহি আছে। সকলোৱে কিবা কিবি কৈ সিহঁত দুটাক জোকাই আছে।জুলী ভিতৰলৈ সোমাই যাবলৈ বিচৰা নাই। বহুত কষ্ট হৈছে তাইৰ। ইমান দিনে অভিনয় কৰা তাই আজি সময়ৰ ওচৰত হাৰি গৈছে। তাইৰ আৰু আজি অভিনয় কৰা ক্ষমতাকণ নাই। মুখ খনত স্পষ্টকৈ যন্ত্ৰণাবোৰ ফুটি উঠিছে আজি। তাই লুকাবও বিচৰা নাই আৰু লুকাবলৈ তাইৰ আজি সামৰ্থ্যও নাই।ৰূমৰ পৰা সিহঁতৰ লগৰ বোৰ লাহে লাহে ওলাই গৈছে।অকল বিতোপন আৰু পাহী ৰৈ গল। অনেক সাহস গোটাই তাই ৰূমলৈ সোমাই গল। তাইক সোমাই যোৱা দেখি পাহীয়ে কলে....

:ইমান সময়নো কত আছিলি তই?!
:আছিলোঁ বাহিৰতে।
:ভিতৰলৈ আহিব পৰা নাছিলি....!
:এতিয়াতো আহিছোঁ। Congratulations both of ew..
:Thnq; বিতোপন আৰু পাহী দুয়োয়ে কৈ উঠিল।
তাই মনে মনে ৰল। কিবা কবলে তাইৰ মনেই যোৱা নাই। পাহীয়ে তাইক টানি নি কাষতে বহুৱাই ললে। জুলীয়ে মোবাইলটো বিচনাখনতেই থৈ দিলে। তাই কি কৰিছে নিজেই বুজি পোৱা নাই। বেলেগে চোৱাৰ ভয়ত মোবাইল হাতৰ পৰা থৈ নিদিয়া তাই মোবাইলটো যে থৈছে সেয়া অনুভৱে কৰিব পৰা নাই তাই। সঁচাকৈয়ে ভাঙি পৰিছে আজি তাই.....
              তেনেতে পাহীয়ে তাইক সুধিলে....
:ঐ; আজিটো ক মোক তোমাৰ প্ৰেমৰ কথা।
:কবলৈ একোৱেই নাই ও। মই এনেই কৈছিলোঁ তোক।
:কোৱা না Plz..
:মোৰ প্ৰেমৰ আৰম্ভণি নহওতেই শেষ হৈ গৈছে। আধৰুৱা প্ৰেম কাহিনী মোৰ। যত কেৱল মই আৰু কেৱল মই.... সপোনৰ বালিঘৰ নাসাজোঁতেই ভাঙি যোৱা প্ৰেম মোৰ....নিজৰ মাজতেই কাৰোবাক কল্পনা কৰি জীয়াই থকা একপক্ষীয় প্ৰেমিকা মই....কাৰোবাৰ মিঠা হাঁহিৰ মাজতেই জীৱনৰ সকলো বিচাৰি পোৱা প্ৰেমিকাজনীয়েই মই...কোনো স্বাৰ্থ নোহোৱা, কাৰো পৰা একো নিবিচৰা, কেৱল জীৱনৰ সকলো ত্যাগ কৰি আগুৱাই যাব বিচৰাজনীয়েই মই। আজন্ম প্ৰেমিকা মই.....
:ইমান কাব্যিক হৈ কথা কৈছা যে তই...
: মই যাওগে দে। মোৰ গাটো ভাল নহয়। বেয়া নাপাবি তই।
তাই ওলাই গল। পাহীয়ে কিবা কব খুজিছে যদিও তাই কব সুবিধাই নিদিলে.... পাহীয়ে বুজি নাপাালে হঠাতে তাইৰ কি হল....!!পাহীয়ে বিছনাখনত দেখিলে জুলীৰ মোবাইলটো থৈ গৈছে। তাই মোবাইলটো দাঙি ধৰিলে। মোবাইলটো টিপি তাইৰ চকুপানী ওলাই আহিল। বিতোপনেও চাই অবাক হল। দুয়োজনে দুয়োজনৰ মুখলৈ চাই ৰল........

       জুলীয়ে কব নিবিচৰা বহু কথাই তাইৰ মোবাইলৰ Wallpaper খনে প্ৰকাশ কৰিলে। জুলীৰ আধৰুৱা প্ৰেম কাহিনীৰ প্ৰেমিক জনক এখন Wallpaper য়ে বুজাই দিলে। তাইৰ সমস্ত অভিনয় হাৰি গল সকলোৰে আগত।পাহী ৰ চকুত সকলো স্পষ্ট হৈ উঠিল.....তাইৰ একপক্ষীয় প্ৰেম, ভালপোৱাৰ অনুভূতি বোৰ এখন ফটোৱেই নিমিষতে প্ৰকাশ কৰি দিলে........

                            মোবাইলৰ Wallpaperত জিলিকি ৰৈছে জুলীৰ সপোন কোঁৱৰ বিতোপনৰ একপি ফটো.................


🖋️ডলীমণি নাথ।
বাকাইটাৰী, গোৱালপাৰা।
ফোন নং-৮৪৭৩০৬০১২৫

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)