প্ৰেষণী-মিন্টু হাজৰিকা

©Admin
0
ব্যস্ত ৰাজপথ।
সূৰ্যাস্ত ক্ষণ গণাত ছাঁ-পোহৰৰ অপূৰ্ব খেলাৰ মাজত সন্ধ্যাৰ আগমনে ৰাজপথৰ দুয়োকাষে শাৰীকৈ ঠিয় হৈ থকা  ষ্ট্ৰিট লাইট বোৰ এটা এটাকৈ ক্ৰমান্বয়ে জ্বলিব  ধৰিলে। প্ৰজ্বলিত দীপধাৰাৰ  পোহৰৰ ক্ষীণ চেকুৰা এটা ৰাষ্টাৰ দাতিত কাষ্টমাৰৰ অপেক্ষাত ৰৈ থকা অসূয়াৰ গালে-মূখে পৰিলেহি। প্ৰদীপৰ তীব্ৰতা বাহি অহাৰ লগে লগে তাইৰ শৰীৰ-মূখৰ প্লাচা স্পষ্ট ৰূপত ধৰা দিলে। যথেষ্ট সময় একে ঠাইতে ৰখি নিজকে অস্বস্তি অনুভৱ কৰিলে। সেয়ে বিব্ৰত হৈ বাৰে বাৰে বাওঁ হাতত পৰিহিতা ঘড়ী টোলৈ চাই সময়ৰ উমান লৈছে। নাই এতিয়াও সাত বাজিবলৈ পাচ মিনিট সময় আছেই। 

শৰতৰ আগমন নঘটাৰ বাবে ৰাত্ৰিৰ আগমনত পলম হৈছে। ন'হলে এই সময়ত দুপৰ বিভাৱৰী দৰেই নিতাল-নিস্তব্ধ হ'ল হয়।

তেনেতে অসূয়াৰ ফোনটো বাজি উঠিল । বাজি উঠা ৰিংটনৰ উমান পাই লগত অনা মানি বেগ টোত স-যত্নে ৰাখি থোৱা ফোনটো  উলিয়াবৰ বাবে অসূয়া উদ্যত হ'ল।বেগটো চেইন ডাল খৰ-খেদাকৈ খুলি মোবাইল টো লৈ দেখে- মাকৰ ফোন। লগে লগে সময় ব্যয় নকৰি  হাতৰ তৰ্জনী আঙুলিৰে স্কিনটাষ্ট মোবাইৰ স্কিন খনৰ ওপৰৰ সেই বিশেষ ঠাই কনত আঙুলিটো লগাই  সোঁ-দিশলৈ ঠেলি কাণত লগাই দিলে। সিটো দিশৰ পৰা মাকৰ কেঁকাই থকা মাতটো ভাহি আহিল- 
•••• অসু,দিউটিলৈ ওলালি?
•••••অ' মা। এতিয়া বাছলৈ ৰখি আছো। তোমাৰ গাটো বেয়া নেকি?
••••নাই- আগৰ দৰেই আছে। এনেকৈ বিচনাত পৰি থাকিলেনো ক'ত ভাল হ'ব।ডাক্তৰক দেখুৱালেহে ••••••।

সৃষণাৰ কথাৰ ইংগিত ধৰিব পাৰি  তাই অলপ ব্যতিব্যস্ত অনুভৱ কৰিলে আৰু অধিক সংযত হৈ ক'বলৈ আৰম্ভ কৰিলে।

•••হ'ব দিয়া মা মই চাকৰি কৰি আছো নহয়। দৰমহা বাহিলে দেখুৱাবলৈ ইয়ালৈকে লৈ আহিম। 

মাক  ভনীয়েকক শান্তিত থাকক বুলিয়ে তাই মিছা মাতিলে। সিহঁতেটো নাজানে তাই কি চাকৰি কৰে? জানিলে তাইক এইদৰে এটা কৰ্মত লিপ্ত হ'বলৈ দিব নেকি?সেয়ে কথাটো অন্য দিশলৈ নিয়াৰ বাবে পুনৰ সুধিলে-

•••••ভন্টীৰ ভাল নে? তাই কলেজ গৈ আছেনে?
••••অ' ভাল, তাই কলেজ গৈ আছে। কিন্তু ফতিক মহাজনৰ পৰা  লোৱা টকা কেইটা দিব পৰা হ'লে ভাল আছিলে। সি কুকুৰে সদাই আহি আমনি দি থাকেহি!
••••••হ'ব বাৰু মা। মই পাৰিলে এই কেইদিনতে টকা কেইটা পঠাই  দিম। ভন্টিৰ হতুৱাই বেঙ্কৰ পৰা অনাই লৈ  মহাজনক দি দিবা।
••••অ' হ'ব বাৰু। তই  ভাল কৈ থাকিবি। দিন কাল বেয়া মাজনী। দেখিছ নহয় ৰাতি বিয়লী ছোৱালী-নাৰী - বোৱাৰী বোৰক কি অৱস্থা কৰিছে নৰপিশাচ বোৰে। 
•••••হ'ব দিয়া মা। মই জানো। বাই•••••••। 
বুলি কৈ ফোনটো কাটি নিজকে  সংযত কৰি ল'লে।

 ঘৰৰ ব'ব নোৱাৰা বোজা বোৰৰ কথা ভাবি মনটো সেমেকি উঠিল। তাই নকৰিলে টো ন'হ'ব কাৰণ দেউতাক নাইকীয়া ঘৰ খনৰ ডাঙৰ আৰু দায়িত্বশীল ব্যক্তি বুলিবলৈ তায়েই আছে।সেয়ে নিজৰ জীৱনকো তুচ্ছ কৰি ঘৰ খনৰ বাবে বিলাই দিয়াৰ চেষ্টা কৰিছে। এনেদৰে ঘৰৰ তাগিদাৰ কথা ভাবি-গুণি ভাবুক হৈ ৰৈ থাকোঁতেই তাইৰ সন্মুখত  এখন চৌখিন গাড়ি আহি দৰ্জাৰ গ্লাছ খুলি তাইক উঠি বহিবলৈ ইংগিত দিলে। তাই কাস্তমাৰ জনৰ চিনাকি মূখ খন দেখা পাই গাড়ীত উঠি বহাত তীব্ৰ বেগেৰে গাড়ী চলাই নি প্ৰকাণ্ড অট্টালিকাৰ সন্মুখত ৰাখিলে গৈ। 

কথামতেই গাড়ীৰ ভিতৰতে অতি কম সময়তে লগত লৈ অনা বেগটোৰ পৰা ৰসচূৰ্ণ উলিয়াই তাই  উকা ৰৰালী আৰু শীৰত বোৱাই দিলে। যাক হিন্দু যোষা সমাজে পবিত্ৰ বা সন্মানৰ অলঙ্কাৰ হিচাপে ব্যৱহাৰ কৰে। 

তাইও জানে ইয়াৰ সন্মান! ইয়াৰ পৱিত্ৰতা। কিন্তু কি কৰিব? আজি তাই বিদ্ৰোহ কৰিলে চহকী শিয়াল বোৰে  কালিলৈ বেলেগ কোনোৱাৰ হতুৱাই তাইৰ ঠাই পুৰাই ল'ব।সেয়ে তাই সকলো কৰিবলৈ প্ৰস্তুত একমাত্ৰ ঘৰখনৰ বাবে । ন'হলে নো  তাই  এই বৃত্তি গ্ৰহন কৰেনে?  

অৱশ্যে তাই বেলেগ উপায় অৱলম্বন নকৰা নহয়। প্ৰথমে মহানগৰত থিতাপি ল'বলৈ আহোতে বহুত দোকানৰ বহুত মালিকক লগ কৰিছিল সুস্থ জীৱন-জাপনৰ বাবে। এদিন-দুদিন নহ'য়। পুৰা একমাহ অ'ত ত'ত আলৈ- আথানি হৈ পৰি আছিল। ঘৰৰ পৰা দিয়া সামান্য টকা কেইটাও শেষ হৈছিল। তেনেতে লগ পাইছিল মিৰা মনিষা বাইদেৱে। 

ৰাতি  প্ৰেষণী কৰি কাৰোবাক খুচ কৰি আহি বিভাৱৰী পুৱাও- নুপুৱাও সময়ত ব্ৰীজৰ তলত পৰি থকা মোক দেখি ওচৰ চাপি আহিছিল। তেতীয়া বাইদেৱে মোৰ কথা শুধি জানি-বুজি গম পাই মোক বিদ্ৰোহ কৰি কৈছিল-

••••••চালা এইখন পৃথিৱী বহুত জটিল। তই ভালহৈ জীয়াই থাকিব বিচাৰিলে তোক দেখা পালে মূখ ঘূৰাই দিব। আকৌ তই যদি ৰাতিৰ আন্ধাৰত সংগ দিয়াৰ কথা কৱ' আঁকোৱালি ল'ব।
 
আসূয়াই তেতিয়া কথাশাৰৰ বিষয়ে বুজি উঠা নাছিল। তাৰ পাছত বাইদেউৱে তাইক লগত লৈ যোৱাৰ প্ৰস্তাৱ দিলে। তাই ওঁ-আ একো নকৈ লগতে বাট ল'লে। 
 
বাইদেউ সৰু এটা কোঠা ভাৰা লৈ কোনোমতে চলি আছে। গণিকা হ'লেও মানুহক বুজিব পৰা এখন বহল স্তনান্তৰ আছে। তাতে অসুয়াক থৈ নিজে স্নান কৰি, অসূষাকো স্নান কৰিবলৈ দি খাই বৈ স্তৰ ত বিশ্যাম কৰিলে। কাৰণ দিনটোহে এই কোঠাত  কটাব লাগে মানে জিৰাব লাগে , ধৰিত্ৰিৰ বুকুলৈ ৰাতি নামি আহিলেটো কাৰোবাক বুকুৰ উম দিবলৈ যাবই লাগিব।

কম সময়ৰ ভিতৰতে বাইদেউ আৰু অসূয়াৰ মিথ দৃঢ় হৈছিল। বাইদেউৰো  মহানগৰত আহি তাইৰ দৰে একেই দশা হৈছিল বোলে। তাৰ পাছত হে অনিশ্চা স্বতেও এই চাকৰিত জইন কৰে। সেয়ে ব্ৰীজৰ তলত কুচি-মুচি শুই থাকোতে অসুয়াক দেখা পাই নিজৰ আগৰ কথাবোৰ মনত পৰি লৈ আনিলে। অৱশ্যে বাইদেউয়ে যে প্ৰেষণী বৃত্তিত জড়িত তাই এমাহ মান যোৱাৰ পাছত হে গম পাইছিল। কাৰণ দুয়োৱে একেলগে বঢ়ি কথা পতাৰ সময়েই পোৱা নাছিল। বৃত্তিৰ পৰা ঘূৰি আহি প্ৰায়েই নিদ্ৰাৰ কোলাত উটি যোৱাৰ চেষ্টা কৰিছিল। অৱশ্যে এই এমাহত তাইক বাইদেৱে কোনো কামৰ তাগিদা দিয়া নাছিল। 

এদিন বাইদেউ বাঠৰুমত সোমোৱাৰ পাছত ঘনাই ঘনাই বহুবাৰ ৰিঙ হৈ থকাত তাই ফোনটো ৰিচিভ কৰিছিল। তেতিয়া সিফালৰ পৰা বায়েকৰ পুৰণা কাস্তমাৰ এজনৰ গহীন ভাষ্য শুনা পাইছিল-
••••মই হোটেলত ৰুম বুক কৰি থৈছো। মই এওঁক (পত্নী) ঘৰত থৈ লেটকৈ পামগৈ। তুমি মোৰ নামকৈ ৰুমটোতে থাকিবাগৈ। অ' আৰু এটা কথা আজিৰ তোমাৰ ফিচ দাবোল হ'ব। আৰু এজন মানুহক খুচ কৰিব লাগিব।বুলি কৈ খৰ-ধৰ কৈ সিফালৰ পৰা ফোনটো কাটি দিলে।

কথাষাৰ শুনি তেতিয়াহে তাই উৰহিৰ ওৰ পালে। প্ৰকৃততে বাইদেউৰ চাকৰি কি? মাজে মাজে ভাৱ হয় ইমান যন্ত্ৰনাৰ মাজত থাকিও বাইদেৱে কেনেকৈ ফুটি কৰি থাকিব পাৰে। তেতিয়াহে তাই প্ৰকৃততে বুজি উঠিছে যে যোষাৰ জীৱনত সতীত্বত কৈ  হেৰুৱাব লগীয়া কি বস্তুনো থাকিব পাৰে? 

তেনেতে গাড়ীৰ পৰা নামি কাস্তমাৰ জনে আগতীয়াকৈ বুক কৰি থোৱা হোটেলৰ বিশেষ নম্বৰৰ ৰুমৰ চাবিটো কাউন্টাৰৰ পৰা লৈ ৰুমলৈ বুলি অগ্ৰসৰ হ'ল। পাছে পাছে শৰ্য্যাসংগিনী অসূয়াই ও বাট ল'লে।

বিশেষ ৰুমটো উপস্থিত হৈয়ে দৰ্জাৰ ওপৰত শৰমালা সদৃশ ৰচি এডালত এটা গোলনেমু আৰু শুকান জলকীয়া ওলমাই আঁৰি থোৱা প্ৰত্যক্ষ কৰিলে। চাবিৰে দূৱাৰ খন খুলি দি কাস্তমাৰ জনে ভিতৰলৈ আগমন জনোৱাৰ উদ্দেৰ্শ্যে হাত খনে বিশেষ ভঙ্গিমাৰে স্বাগতম জনালে। সেই সময়ত তাই প্ৰেষণী নহয় যেন প্ৰেষ্ঠা কান্তাহে অনুভৱ হৈছিল। অসূয়াইতেখেতৰ নিৰ্দেশ মতে ৰূমৰ ভিতৰলৈ আগমন হৈছিল।

সদা উজাগৰ বিভাৱৰী চিকমিকিয়া ৰং-বিৰঙী দীপ্তিমালাৰে শুশুভিত বন্ধ কোঠাৰ এখন সূ-সজ্জীতবিচনাত অনিচ্ছুক স্বতেওঁ সদা নতুন স্ত্ৰীচৌৰ পাষন্দ বোৰক নিজৰ ফুলকুমলীয়া শৰীৰটো  তুলি দিব লাগে। সু-সজ্জীত স্তৰ বোৰ দেখিলে তাইৰ এনে লাগে যেন আজি তাইৰ ফুলসজ্যাৰ প্ৰথম নিশা। কিন্তু এতিয়া তাই অভ্যস্ত হৈ পৰিছে।


তাই ভিতৰ সোমোৱাৰ লগে লেগে কাস্তমাৰ জনে মুক্তকঞ্চক দৰে হৈঅন্যৰূপৰ পৰিচয় দিলে। ৰ্দজা খন জপাই ভিতৰৰ পৰা খিলিটো মাৰি দি চকুৰ পলকতে তাইক যোৰেৰে স্বংগ কৰিলে। নভৱা নিচিন্তাকৈ ক্ষন্তেকতে অহা ধুমুহা সদৃশ কাম্য নকৰা এনে আচৰনে তাইক বিব্ৰত কৰি তোলে। ।

কি নিৰ্দয়  নিজকে জহাই ফুৰা শ্ৰেষ্ঠ এই জীৱ শ্ৰেণী। ইচ্ছা-অনিচ্ছাৰ কথা নাই বচ টকা দিছে  উপভোগ কৰিব লাগে। সেয়ে কোনো জন্মগত বৃত্তি নোহোৱা স্বত্বেও মহিলাৰ লাজ নিবাৰণ আহিলা কেইপদ নিলাজ হৈ খুচ কৰাৰ স্বাৰ্থত কাস্তমাৰ জনৰ ইচ্চা প্ৰকাশ কৰাত খুলিবলৈ এৰি দিলে। উত্তেজিত আসুৰিক ফপহুতা দুই হস্তৰ মৈথোনত তাইৰ স্তন মণ্ডল আৰু শৰীৰত পৰিবৰ্তনৰ চিন সুস্পষ্ট হৈ দেখা দিলে।

স্ত্ৰীকুসুম ৰ কথা জ্ঞাত হৈয়ো মানৱ ৰূপী দানৱটোৱে তাইক মাফ নিদিলে। কামশীতলতা  শৰীৰটোত মৈথুন্‌ আৰম্ভ কৰিলে। লিংগ আৰু ৰত্যংগৰ  ঘৰ্ষনত কামশীতলতা শৰীৰৰ ৰত্যাংগৰ বহি  বিভাগ চিগি থানবান হৈছিল। বিষৰ জালাত কালদণ্ড পোৱা দৰে অনুভৱ হৈছিল।

ৰতিক্ৰিয়া শেষ কৰি মানৱতাৰ খাতিৰত এনে বেদনা আৰু যন্ত্ৰনাৰ খৱৰ লোৱাৰ আহৰি নহ'ল। তাৰ  মূৰে কাস্তমাৰ জনে প্ৰাপ্য টকা কেইটা দলিয়াই দি দূৱাৰ বন্ধ কৰি গুছি গ'ল।

স্তৰৰ ওপৰত পাৰি থোৱা শ্বিত শৰ্য্যাচ্ছাদনৰ ওপৰত নিসৰিত ৰক্তৰ ধাৰাৰ চিনৰ চেকুৰাই তেনে যন্ত্ৰনাৰ সাক্ষী হৈ হ'ল। শ্ৰান্তিত স্তৰৰ ওপৰত উলঙ্গকৈ চিৎহৈ পৰি থাকি অসূয়াৰ ভাৱ হ'ল-

অৰ্থৰ ৰাগিত মাতাল এই মানৱ ৰূপী শিয়ালবোৰ সমাজৰ একো একো জন প্ৰতিস্থিত ব্যক্তি। আমাৰ দৰে গণিকাই লাজ মান সকলো বিৰ্ষজন দিয়ে একমাত্ৰ মৌলিক প্ৰয়োজন এমুঠি ভাত আৰু বস্ত্ৰৰ বাবে। কিন্তু সমাজৰ গুৰী ধৰোতো সেই স্ত্ৰীচৌৰ শিয়াল বোৰে সদায় এই শ্ৰেণীটোক ব্যৱহাৰ কৰি নিজৰ কামনা পূৰণ কৰিছে। সেয়ে আজি তাইৰ ভাৱ হৈছে -

মিশ্ৰণৰ পৰিমাণৰ কথা নাই, মাঁথো গাখীৰৰ ৰং বগা হ'লেই সি পবিত্ৰ আৰু শক্তিবান। দেৱতা হ'লেই দৈৱিক আৰু অসুৰ হ'লেই আসুৰিক। দেৱতা হৈয়ো ইন্দ্ৰই অহল্যাক ধৰ্ষণ কৰিছিল, কিন্তু ৰাৱণে কৰা নাছিল। চন্দ্ৰই বৃহস্পতিৰ ঘৈনীয়েকক ধৰ্ষণ কৰিছিল, কিন্তু নৰকাসুৰে কামাখ্যাৰ প্ৰেমত  একে ৰাতিতে খটখটি বনাইছিল। ঠিক তেনেদৰে অন্তাবাস সকলোৱে খোলে, কিন্তু প্ৰশ্ন হয় সমাজে তাক কি দৃষ্টিৰে চাই।

✍️মিন্টু হাজৰিকা (জ্ঞানকমল) 
পেচাঃ- অসম আৰক্ষী অনাতাঁৰ বিভাগ, বৰঘাট আউত পোষ্ট, তেজপুৰ।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)