শেষ আশ্ৰয়-গল্প~অভিজিত শেনচোৱা

©Admin
0
"এইবাৰ বহাগত আহি মই তোক একেবাৰে আপোন কৰি ল'ম , তই নিশ্চিন্ত থাক , তোৰ ঘৰৰ কোনেও মোক ৰখাব নোৱাৰে" – অপৰাজিতাৰ দুহাতত ধৰি সি তাইৰ আগত বুকু ফিন্দাই কথাষাৰ ক'লে ।
লাজতে তাইৰ গাল দুখন সেন্দূৰীয়া হৈ  পৰিল । সোঁ-ভৰিৰ বুঢ়া আঙুলিটোৰে মাটিত আঁক-বাক আঁকি তাইও লাজ লাজকৈ মূৰ দুপিয়াই তাৰ বুকুত সোমাই পৰিল । কাষেৰে নীৰৱে বৈ যোৱা নৈখন সিহঁতৰ সাক্ষী হৈ ৰ’ল ।

ছমাহৰ মূৰত বহাগত সি আহিল সঁচাই । কিন্তু অকলে নহয় , ঘৈণীয়েকৰ সৈতে মনত নতুন সপোন ওঁঠত হাঁহিৰ সমাহাৰ লৈ ।
: এওঁ কোন ? মোৰ সেন্দূৰ ক’ত ? --- ক্ষোভত যেন অপৰাজিতাৰ  মাত হেৰাই গ'ল। শেষ বাৰৰ বাবে তাই প্ৰতাৰক প্ৰেমিকক চাই সকলোৰে অলক্ষিতে তাই  ঢপলিয়াই গ’ল সেই নৈখনলৈ, তাতেই তাই শেষ আশ্ৰয় ল'বলৈ...........


✍️শ্ৰী অভিজিত শেনচোৱা
ঠিকনা- দেওবিল, ন-পমীয়া, শিৱসাগৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)