কিন্তু নোৱাৰো পাহৰিব মা তোমাক !
মই পৃথিৱীৰ সকলো হেৰুৱাই পেলাব পাৰোঁ
কিন্তু নোৱাৰো মা তোমাক !
মোৰ এই পৃথিৱীৰ সকলো পাৰোঁ মই বিলাবলৈ কিন্তু নোৱাৰো মা তোমাক !
মই এই পৃথিৱীত মোৰ আৰ্জিত সকলো বিসৰ্জন দিব পাৰোঁ কিন্তু নোৱাৰো মা তোমাক !
এইখন পৃথিৱীতেই তুমি স্বৰ্গ মোৰ মা মাথোঁ মা
তুমিয়েই দেৱতা শতকোটি প্ৰণামৰ !
এইখন পৃথিৱীতেই তুমি মা মোৰ সুখৰ ভঁৰাল
হাঁহিৰে উচৰ্গিত কৰা যে মোৰ কাৰণে সকলো !
এইখন পৃথিৱীতেই তুমি মা মোৰ দয়াৰ সাগৰ
মোৰ ঈশ্বৰ তুমি মা অতি কোমল হৃদয়ৰ !
✍️ছাইফুদ্দিন আহমেদ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ