দিনত সূৰ্যৰ পোহৰ
নিশা তৰাৰ তিৰবিৰণি
আকাশতেই দৃশ্যমান ।
বৰষুণত তিতি ও ভাল লাগে,
মুক্ত আকাশৰ তলত
অকলশৰে বহিও ভাল লাগে,
স্বপ্নৰ পৃথিৱীত বিভোৰ হৈ
আকাশ খন নিচেই কাষত থকা যেন লাগে ।
আকাশত পাৰৰ দৰে উৰিব মন যায় ,
চিলনীৰ দৰে ফুৰিব মন যায় ।
নিশা গভীৰৰ পৰা গভীৰলৈ গতি কৰে ,
আকাশৰ তৰাই স্বপ্নৰ পাখা মেলে ।
সৰুতে চান্দা মামাৰ কাহিনী শুনি আকাশত থকা জোনটো লৈ চাই থাকো ,
আৰু আজি আকাশৰ জোনটি লৈ চালে নষ্টালজিয়া
হৈ পৰে এই মন ।
কাৰোবাৰ বাবে তৰা বুটলিবলৈ আকাশলৈ যাবলৈ হাবিয়াস ৰাখিছিলোঁ ,
কিন্তু আজি জীৱনটোৱেই হাস্যকৰ হৈ ৰ'ল ।
আকাশ আজি হঠাৎ ভাল নলগা হ'ল !
আকাশখনৰ দৰে স্বচ্ছ পৃথিৱীত কোনোৱেই নাই ,
সকলো ক'ৰবাত নহয় ক'ৰবাত ভেজাল ,
সেয়ে আকাশখনলৈ চাই ঈৰ্ষা জাগে !
আকাশৰ দৰে সকলো স্বচ্ছ হোৱা হ'লে , অপৰাধ শব্দ নাথাকিলহেঁতেন অভিধানত ।
আকাশৰ দৰে সৌন্দৰ্যই সকলো হোৱা হ'লে
নাথাকিলেহেঁতেন ধনী-দুখীয়াৰ খেল ,
এমুঠি অন্নৰ হাহাকাৰ ।
তথাপিও
আকাশ লৈ চালে স্বপ্নই পাখা মেলে ,
জীৱনে ঘেৰি ধৰে।
✍️পুলক উপাধ্যায়,
দৰং
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ