যি গুজে গছ হʼল
সেই গছ কাটিলেও
ৰৈ যোৱা মূলৰ পৰা
আকৌ গছ ঠন ধৰিব
নদীৰ সোঁতত উটি অহা
একেই প্ৰজাতিৰ বীজবোৰ
শ্ৰেণী বিভাজন কৰি
এবিধক হেনো ৰোৱা আঁচনি
আনবিধ গহৰা হʼব
ভূমিহীন কৃষকক বীজৰ
ভৱিষ্যত সোধা হʼল
তেওঁটো বীজ সন্ধানী
হাতত পাই হেৰুৱাব ?
কথা হʼল আধি মাটিডৰা
সুবিধা দিলে নিজৰ কৰি
কোনে নলʼব ?
ধৰাহ'ল তেওঁক দিয়াহʼল
মাটি, বীজৰ গৰাকী কৰি
নিজৰ নামেৰে চিনাকি নিদিব ?
বাকী থকা বীজ বোৰ
কোনখন নদীত উটুৱাই দিব !
যʼতে তʼতে গজি উঠিব
মুঠতে এখন অভয়াৰণ্য হʼব
তুমি কোৱা আৰু লিখা ভাষাটো
কোনে মানি লʼব ?
ঘৰতে আলহী হোৱাৰ পুলিটো
তুমি ৰুইছিলা আৱেগত উটি গৈ
আৰু এতিয়া প্ৰচণ্ড ধুমুহাক
বাধা দিয়াৰ কোনো পথ
তুমি লʼব জনা নাই
কালি তুমি, তুমি হৈ নাথাকিলে
মোৰ কবিতাক জগৰীয়া কৰিব নোৱাৰা ।
✍️বাণীকান্ত লহকৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ