মা,
মা তোমালৈ শত সহস্ৰ প্ৰণাম।তোমাৰ বুকুৰ অমৃত পান কৰিয়ে এই ধুনীয়া পৃথিৱীখনত খোজ দিব শিকিছিলোঁ কণমানি ভন্টি আৰু মই।কিন্তু তুমি যে আধা বাটতে এৰি গুছি গ'লা।অসহায় দেউতাজনৰ দুহাতত ধৰিয়ে কণমানি ভন্টি আৰু মই আজি বহুত বেছিয়ে ডাঙৰ হৈ পৰিলোঁ আমি দুজনী।তুমিহীনতাৰ অৰণ্যখনিত দেউতাজনে বৰকৈ দুখত ছটফটাই ফুৰে।মা তুমি পুনৰ ঘুৰি আহিবা বুলি সৌ তাহানিতে দেউতাৰ মুখত শুনি আহিছিলোঁ।কিন্তু এতিয়াহে বুজিব পাৰিলোঁ মৃত্যু যে চিৰন্তন সত্য।তুমি কুশলে থাকা মা।পৰমাত্মাৰ সতে বিলীন হৈ আমালৈ কৃপাদৃষ্টিৰে চাই থাকিবা আমি যাতে সফল হ'ব পাৰো।জংগম জীৱনৰ পংকিল খোজবোৰত যাতে সফলতা বিয়পি পৰে।মা অ'...দেউতা জন অকলশৰীয়া হৈয়ে ৰৈ গ'ল।তুমি দেউতাক চকু মেলি চাই থাকিবাদেই।বহুত বহুত মৰম থাকিল তোমালৈ
ইতি
তোমাৰ দুৰ্ভগীয়া
জীয়ৰী
✍️পংকিতা কলিতা,
দৰং
আপোনাৰ মাতৃয়ে পুণ্যস্থানত বাস কৰক। প্ৰাৰ্থনা জনালোঁ 🙏
ReplyDelete