উছাহহীন ঈদ-জুলহাছ আলী আহমেদ

Rinku Rajowar
0
ঈদ কেৱল এটি আনন্দোৎসৱেই নহয় বৰং ই এটা মহৎ ইবাদত-বন্দেগী (আৰাধনা-প্ৰাৰ্থনা)ৰ উৎসৱ। পৰম কৰুণাময় পৰম দয়ালু মহান আল্লাহ ৰাব্বুল আলামিনৰ সন্তষ্টি লাভৰ উৎকৃষ্ট মাধ্যম। আৰবী দহম মাহৰ প্ৰথম তাৰিখে ঈদ উল ফিতৰ পালন কৰা হয়। ২০২১ বৰ্ষৰ ১৪ মেত দসমগ্ৰ দেশৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত পালন কৰা হ'ব পৱিত্ৰ ঈদ উল ফিতৰ। ইছলাম ধৰ্মাৱলম্বী লোকসকলে সম্পুৰ্ণ ধৰ্মীয় পৰম্পৰাৰে পালন কৰিব ত্যাগৰ উৎসৱ ঈদ উল ফিতৰ। এইবেলি ঈদত নাই আনন্দ, নাই উছাহ-উদ্দীপনা, নাই জাকজমকতা আৰু নাই কোনো উলহ-মালহৰ পৰিবেশ। থাকিবই বা কেনেকৈ? এফালে অদৃশ্য কৰোনা ভাইৰাছৰ সংহাৰী ৰুপ আনফালে আকৌ চৰকাৰ-প্ৰশাসনৰ কঠোৰ কঠোৰ নীতি-নিৰ্দেশনা। মুঠৰ ওপৰত চাৰিওফালৰ পৰা আবৰি ৰাখিছে ঈদৰ অনাবিল উছাহক। অৱশ্যে এই ক্ষেত্ৰত চৰকাৰ-প্ৰশাসনক দোষাৰোপ কৰাটো উচিত নহব, কিয়নো চৰকাৰ-প্ৰশাসনে যি কৰিছে সেয়া একমাত্ৰ কৰোনা ভাইৰাছক প্ৰতিৰোধ কৰিবলৈহে কৰিছে। সাম্প্ৰতিক সময়ত সমগ্ৰ দেশজুৰি আতংকৰ কাৰণ হৈ পৰা মহামাৰী কৰোনা ভাইৰাছৰ মহা সংক্ৰমণক ৰোধিবলৈ ৰাজ্য চৰকাৰে কেতবোৰ কঠোৰ নীতি-নিৰ্দেশনা বলবৎ কৰিছে। সেয়ে এই সময়ছোৱাত মুছলমান লোকসকলে চৰকাৰ-প্ৰশাসনৰ ফালৰ পৰা জাৰি কৰা উক্ত নীতি-নিৰ্দেশনাক ১০০% সন্মান জনাই যোৱা বাৰৰ দৰে এইবাৰো ঈদৰ সমূহীয়া নামাজ ঈদগাহৰ পৰিবৰ্তে অনুষ্টুপীয়া আয়োজনেৰে মছজিদ তথা স্বগৃহতে সমাপন কৰা উচিত। হয় সমূহীয়া নামাজৰ তুলনাত চাৰি-পাঁচজনে মিলি নামাজ পঢ়িলে হয়তো অনাবিল আনন্দ বা ঈদৰ উছাহ নাথাকিব যদিওঁ উপায় নাই, বাচি থাকিলে জীৱনত ঈদৰ আনন্দ উপভোগ কৰাৰ বহু সুযোগ-সুবিধা পোৱা যাব। গতিকে দেশ তথা দহৰ হিত চিন্তা কৰি সকলো মুছলমানে অনুষ্টুপীয়া ঈদ পালন কৰা সময়ৰ আহ্বান। শেষত জাতি ধৰ্ম, বৰ্ণ, ভাষা, গোষ্ঠী, লিঙ্গ নিৰ্বিশেষে সদৌ অসমবাসী ৰাইজলৈ পৱিত্ৰ ঈদ উল ফিতৰৰ হিয়াভৰা ওলগ তথা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধৈৰ্য, সংযম, আৰু ত্যাগৰ উৎসৱ ঈদ উল ফিতৰে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক সুখ-শান্তি, সম্প্ৰীতি, উন্নতি আৰু প্ৰেম-ভালপোৱা। সমগ্ৰ বিশ্বৰ লগতে আমাৰ প্ৰাণপ্ৰিয় দেশ ভাৰতবৰ্ষতো সুদৃঢ় হৈ থাকক সাতামপুৰুষীয়া সমন্বয়ৰ এনাজৰী। সুচনা হওঁক ভাতৃত্ববোধৰ এক অনন্য দিগন্ত। দূৰ হওঁক হতাশা। আতৰ হওঁক সকলোধৰণৰ অসূয়া-অমঙ্গল তথা অপ্ৰীতি। পৱিত্ৰ ঈদ উল ফিতৰৰ মাহাত্ম্যই সকলোৰে মন-মগজুৰ পৰা চিৰদিনৰ বাবে দূৰ কৰক হিংসা, ঘৃণা, নিন্দা, বিভেদ তথা বিদ্বেষভাৱ। পৱিত্ৰ ঈদ উল ফিতৰৰ এই পৱিত্ৰ ক্ষণত মহান আল্লাহৰ ওচৰত তাৰেই কামনা কৰিলোঁ।

🖋️জুলহাছ আলী আহমেদ
জাগীৰোড, মৰিগাঁও (অসম)
  মবাইল : ৯৭০৬৬-৬৬১৯২

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)