পেলনীয়াৰ দমত জীৱনৰ ৰঙ বিচাৰি
এজাক লক্ষ্যহীন শিশু
আচলতে সিহঁত চহৰীয়া গলিৰ ভোকাতুৰ বাসিন্দা
শিক্ষা-স্বাস্থ্য সিহঁতৰ নুশুনা ইতিহাস
বুজি নাপায় জীৱনৰ ৰঙ নতুবা সময়ৰ চাহিদাও
যেন বৈধ পৃথিৱীৰ সিহঁত একো একোজন অবৈধ বাসিন্দা
বিলাসীজনৰ বিলাসীতাত পূৰ হয় সিহঁতৰ ভোকৰ চোতালখন
উচ্ছিষ্ট আহাৰ নতুবা বিৰক্তিৰ দুচকু
সিহঁতৰ নিত্য চিনাকি
সিহঁতে জানে বিলাসীতাৰ দৌৰত কিদৰে পূৰ্ণ হয় ভোকৰ ভঁৰাল
যদিও সেয়া চাহিদাৰ অনাকাংক্ষিত দৌৰ
ক্ৰমাৎ হেৰাই যায় সিহঁত আৰু সিহঁতৰ অধিকাৰৰ পৃষ্ঠাবোৰ
কেতিয়াবা সিহঁত দৌৰি যায় ভোকৰ পৰ্চাখনলৈ
আভিজাত্যৰ পদূলীলৈ
ভয়াৰ্ত নিবেদনত জীয়াই থকাৰ আকুলতা
কোনোবাই দয়া কৰে যদিও অৱজ্ঞাও অসহনীয়
তথাপিও অসহায় আবদাৰত আগবাঢ়ে জীৱন আৰু জীৱিকাৰ সংগ্ৰাম।
✍️জহিৰুল ইছলাম,
গোৱালপাৰা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ