সেন্দুৰৰ টেমাটো হাতত লৈ তৰালীয়ে ভাবিছে বসন্তৰ অবিহনে ১৫ টা বসন্ত, উফ ! কি অসহ্য
তাই পাহৰি গৈছিল আজি বসন্ত আৰু তাইৰ ১৭ সংখ্যক বিবাহ বাৰ্ষিকী। কি অদ্ভূত এই সময়। বসন্ততেই বসন্তৰ হৈছিল তৰালী , আকৌ বসন্ততেই বসন্তই সিহঁতৰ কণমানি সীমাৰ সৈতে তৰালীক আৰু মাক দেউতাকক এৰি গুচি গৈছিল মাত্ৰ এষাৰ কথা কৈ- তোমালোকে চিন্তা নকৰিবা, সকলোৰে ভালৰ কাৰণে যাব ওলাইছোঁ এক মহান উদ্দেশ্য আগত লৈ। আশীৰ্বাদ কৰিবা যাতে সফল হওঁ।
সেই গ'ল যি গ'লেই। সেইদিন ধৰি আজি পৰ্যন্ত কোনোধৰণৰ যোগাযোগ নাই বসন্ত তৰালীৰ। সীমাই নাজানে তাইৰ দেউতাকৰ কেনেকৈ কি হৈছিল। কিন্তু আজিৰ দিনটোত প্ৰতিবছৰে ককাকে দেউতাকৰ শ্ৰাদ্ধ পাতে , য'ত মাক নাথাকে। ককাকে তাইক দেউতাকৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰিব দিয়ে । কিন্তু তাইৰ সন্দেহ হয় মাকে ড্ৰেচিংত সেন্দুৰৰ টেমাটো কিয় লুকাই ৰাখে?
ড্ৰয়িং ৰূমৰ পৰা অহা এপাত শব্দবানে তৰালীৰ হাতৰ পৰা সেন্দুৰৰ টেমাটো পেলাই দিলে।
" বিগ ব্ৰেকিং নিউজ -আৰক্ষীৰ গুলিত নিহত এজন আলফা কেডেট। নিহত আলফা কেডেটজনৰ নাম বসন্ত ফুকন বুলি জানিব পৰা গৈছে....
✍️মধুস্মিতা চহৰীয়া
বুঢ়া, দৰং
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ