মই ডাইনী নহয়~গল্প-উৎপল মৰাং

©Admin
0
 ''মোক নামাৰিবি অ' বাবা,মই ডাইনী নহয়।।''
 মোক মাৰি পেলালে অ' সোণ।মোক ডাইনী বুলি বহুত মাৰিলে অ'। তইতো জান ন সোণ,তোৰ মা ডাইনী নহয় বুলি। তই ক'ত আছ অ' সোণ। সিহঁতে মোক বহুত দুখ দিলে অ'। মই বহুত চিঞৰিলো অ' সোণ,কোনেও নুশুনিলে। মোক সিহঁতে মাৰি পেলালে অ'।সোণ মোক ক্ষমা কৰি দিবি,আৰু শুন সিহঁতক কৈ দিবি তোৰ মা ডাইনী নহয় বুলি।।
                সোণ মই,তোৰ মায়ে কৈছোঁ,তই জানো মোক বুজি নেপাৱ নে?তই সিহঁতক কৈ দিব নোৱাৰনে?তোৰ বাবা মৰাৰ পৰাই সিহঁতে মোক ডাইনী বুলি ভাবি আহিছিল।তোৰ বাবা বোলে মোৰ কাৰণে মৰিল।তই তেতিয়া সৰু হৈ আছিলি অ'।তোৰ বাবাকো সিহঁতেই মাৰিলে অ' সোণ।তইতো এবাৰ বুজ সোণ!কিন্তু তয়ো আজি মোক নুবুজিলি, সিহঁতে যি ক'লে তাকেই মানি ল'লি।মোক ডাইনী সাজিলি অ' তই। তহঁতে বুজি নেপালি।
''মই ডাইনী নহয়''।।

✍️উৎপল মৰাং

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)