শ্ৰমিক-কবিতা~চিন্ময় ডেকা

গৰাকীৰ ঘৰত কাম কৰোঁ দিনৰ দিনটো
উপাৰ্জন কৰো সন্ধিয়া ৩০০মাননি
অৱকাশ নাই কোনো সময়ৰ থিতাপি! 
প্ৰত্যেকটি ক্ষণত অযুুত গালি-শপনি। 
গৰাকীয়ে দিবলৈ টান পায় উপযুক্ত পৰিশ্ৰমৰ বক্সিছ।
হতাশ হৈ উভতনি হওঁ, 
পৰিয়ালৰ লগত!
ক'ত কিমান নিৰ্যাতনৰ যান্ত্রনা
ভুক্তভোগীয়ে জানে তাৰ সহিষ্ণুতা।।
অভাৱে জুৰুলা কৰা সংসাৰত
হওঁ আমি কেৱল দৃঢ়হাৰা,
কোনে বুজিব শ্ৰমিকৰ যান্ত্রনা।
যিমান কৰ্ম কৰিবা, তদ্ৰুপ থাকিব আন্তৰিকতা ।।
কিন্তু নেপাওঁ যা ন!
প্ৰাপ্যৰ উন্মুক্তধাৰা, কিয় বাৰু?
জগতত এই ব্যক্তিকেন্দ্রিক ভাৱধাৰা।।
দুৰ্ভগীয়া ব্যক্তিত্বৰ অধিকাৰী হ'বা যেতিয়া
বুজি উঠিবা তাৰ কষ্টৰ সাৰ্থকতা।
এতিয়া নুবুজিবা;
এজনৰ শ্ৰমিকৰ সংসাৰৰ তিক্ত বেদনা।।
আপোনাৰ দৰে, তেওঁৰো আছে এখনি সংসাৰ
য'ত পিতৃ,মাতৃ আৰু সন্তানৰ সমাহাৰ।
জীৱনত শ্ৰমিক তেওঁলোক! অনাহাৰে জীৱন কটায়
প্ৰকাশ নকৰে কেতিয়াওঁ, আনৰ আগত!
আপোনাৰ দৰে অহংকাৰ নাই? 
তেওঁলোকৰ সংসাৰত। নাই কোনো বিলাসীতা ভাৱ।
যি আছে তাকেই সন্তুষ্ট, এই জগতত
মাথোঁ কেৱল তেওঁলোকৰ চিনাকী নাম শ্ৰমিক।।

⚫ চিন্ময় ডেকা
টংলা,ওডালগুৰি

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send