কিম্বা মোৰ দেহ,
স্বজ্ঞান সম্বলিত এক সজাগ
প্ৰাণী মই,
মই এক সপ্ৰাণ জীৱ,
বাৰম্বাৰ আওৰাই আওৰাই
ভাগৰি পৰিছো মই।
কণ্ঠ ৰুদ্ধ কৰিবলৈ
সোপা অনেক,
মানসিক আৰু শাৰীৰিক
দুয়োৰেই অভাৱ নাই!
মাথোঁ কণ্ঠ বাহিৰ হৈ নাজাওক
তাৰেই চিন্তা তাহাতৰ,
তাৰ বাবে প্ৰাণহীন হৈ গলেও
আপত্তি কিহৰ।
লোভ মোৰ দেহৰ ভাঁজলৈ মাথোঁ,
তৃপ্তি মোৰ জ্বালা যন্ত্ৰণাত
মোৰ তিল তিল কৈ ভাগি পৰা
শৰীৰক ভোগ কৰাত।
সপ্ৰাণ জীৱনলৈ আৰু কিহৰ আশা
যদি জীয়াই থকাৰ বাবে
এইয়াই সম্বল হয়?
মৃত্যু তাতকৈ শতগুণ শ্ৰেয়ঃ
শৰীৰ বিহীন হৈ মুক্তি লভিবলৈ।
পণ্য সামগ্ৰী নহয় মই,
ভাগৰি পৰিছো বুজাই বুজাই।
মোৰ আৰ্তনাদতো নিহিত আছিল
তাৰেই অনুৰোধ,
কিন্তু অসুৰে জানো অনুৰোধৰ মূল্য বুজে?
হয়তো বুজে,
কিন্তু মানুহে নুবুজে।
জ্বলি জ্বলি
শীতল হল এসময়ত মোৰ শৰীৰ
ছাই হৈ গল মোৰ সন্তান,
ছাই হৈ গলো মই।!
ছাই হৈ যোৱা শৰীৰে
তেতিয়াও কৰি আছিল কাতৰ আহ্বান,
কিন্তু সিহঁতে নুশুনিলে
মই কৈ থাকিলো,
পণ্য সামগ্ৰী নহয় মই,
আৰু সিহঁত আঁতৰি গুচি গল
অন্য এক পণ্য বিচাৰি।
✍️শ্ৰী সন্দিপনি তাছা
অসম কৃষি বিশ্ববিদ্যালয়
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ