আমি যে লিখো নষ্ট কবিতা..
হয় , সুন্দৰৰ আৰাধনা কৰিব নোৱাৰো বাবেই
আজি জৰ্জৰিত প্ৰাণে বিচাৰে ক্ষুধাতুৰ কাতৰ ,
সময়ৰ আহ্বান...
জীয়াই থকাৰ তাড়না
আৰু যে কত কি...
নুবুজিবা তুমি নিচলা প্ৰাণে
কিয় যে আজি সপোনে চকুলো টোকে...।
আং বাং......
উসঃ বিষাদ...
ছন্দহীন নিলাঞ্জনা...।
পথভ্রষ্ট
নহয় মই দুৰ্দান্ত ৰণুৱা
মিছলীয়াৰ মিছা প্ৰতিশ্ৰুতিৰে
আজি যে মই নিষ্ক্ৰিয় বনুৱা...
নতুনত্বৰ আলোড়নৰ আশাত
অতীত যেন আজি প্ৰতাৰিত
হাৰিবলৈ শিকি গৈছোঁ
যদিও জানো কোন সঁচা , কি মিছা
হাঁহিছোঁ , চকুলোক হৰুৱাইছোঁ ,
সুখী..
সঁচা অৰ্থত সুখী...।
যন্ত্ৰণা নাই কাৰ...
হাঁহি থকাৰ অৰ্থই জানো জীৱন……
অবুজন তুমি ,অবুজ তোমাৰ ভাষা ,
শিশুসুলভ আৱৰণত হেৰুৱাইছা বাস্তৱতা…|
প্ৰাপ্তিৰ আলোকেৰে
ভদ্ৰতাৰ মুখা পিন্ধি
আমাৰ নিৰ্ভীক নিৰ্বিকাৰ প্ৰাণৰ
অলৌকিক স্বপ্ন ভংগ নকৰিব ,
আমিও যে জানো আপোনাৰ দৰে
সহজতে ৰং সলাব।
সীমাহীন বেদনা ,
নুবুজো ইয়াৰ ৰহস্যৰ মায়া পাক ,
জীৱন চকৰি গঢ়িছো লৈ কল্পনাৰ প্ৰতিমূৰ্তি
য'ত নাই কোনো আৱেগিক আসক্তি।
তোমাৰ নামতেই লিখিম
নিৰস কবিতা ,
দিয়া আমাক জীয়াই থকাৰ স্বাধীনতা
আমাৰ সন্তুলিত মনক দিয়া
জাগৰণৰ নিঃস্বাৰ্থ প্ৰভাত
সপোনবোৰ আমাৰ বহুত বহুত ডাঙৰ
আমি যে পথভ্রষ্ট নিশাচৰ
হয় আমিয়েই লিখোঁ নষ্ট কবিতা ।
আন্দোলিত আৱেগৰ ময়-মতালিৰ হেতালি
কিবা এটা পোৱাৰ আকুল হাবিয়াস
পামনে , ল'মনে , নে প্ৰতীকী হ'ব
এক জটিল সন্ধিক্ষণৰ ছায়াময় নিৰ্যাস।
আগুৱাই যাবই লাগিব এই জটিল ক্ষণত
সপোন পুহি ৰাখিছোঁ অবুজ মনত ,
আন্ধাৰৰ আৱৰণ ফালি ,
যামেই যাম আগুৱাই
সফল হ'বই লাগিব এই মিছা সন্ধিক্ষণত ।
স্বাধীনতাৰ আমেজ ল'ম
বন্ধ কোঠালিৰ ছিদ্ৰ থকা চালিৰ মাজেৰে
আগুৱাই যাম , সকলো বাধাক নেওচি ,
হয় , আকৌ কৈছোঁ...
আমি যে পথভ্রষ্ট নিশাচৰ
হয় আমিয়েই লিখোঁ নষ্ট কবিতা।।।।।
✍️নীলমনি কলিতা
হাজৰিকাপাৰা
ছিপাঝাৰ, দৰং, অসম, ৭৮৪১৪৫
যোগাযোগ: ৮৬৩৮৮২৩৭৭০
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ