জীৱন-কৰবী দাস

কেৰিয়াৰ গঢ়াৰ  বয়সত অভাৱৰ এখন ওখ দেৱাল

আজৱ এই মানৱ জীৱন

যেতিয়াই ৰঙীন জীৱনৰ সপোন দেখো

তেতিয়াই নিৰ্জনতা ভেদি অহা শব্দ‌ই টোপনি ভাঙে

হাই  এই মানৱ জীৱন

ইচ্ছা কৰিও জীৱনৰ পথ বাছি লব নোৱাৰো

সমাযোজন নহয় বুজাবুজিৰ......

সমস্যা সমাধানৰ.....

কেতিয়াবা কাৰো সৈতে কথা পাতিব মন নাযায়

যেন নিজানত বহি ৰম নীৰৱে অকলশৰে 

কেতিয়াবা আকৌ ভীষণ মন যায় 

কাৰোবাৰ সৈতে অনৰ্গল কথা পাতিব

কিন্তু কেতিয়াও নোৱাৰো হৃদয়ত খুন্দা কৰি

 থকা ভাৱনাবোৰ উলিয়াই দিব
 
 তেনেকৈয়ে ৰৈ যায়
 
মোক ছুপাৰ দুপাৰ জীৱন এটা নালাগে!

স্বাভাৱিক জীৱন এটা বিচাৰি ব্যতিব্যস্ত মই....!

অনিচ্ছাস্বত্বেও মই অনবৰতে হাহি এটি পিন্ধি ল‌ও....!
সাফল্যৰ পোহৰ পাবলৈও চাগে ফেমিলি

 ব্ৰেকগ্ৰাউণ্ডৰ খুবেই প্ৰয়োজন...
 
বহুতো কথাই জোকাৰি যায়  মোৰ মনৰ ভিতৰ

জুকিয়াই শেষ কৰিব নোৱাৰো কোন ৰাস্তাৰে বাট বুলিম
অৱশেষত বিছনাত দীঘল দিও

এটি ৰঙীন জীৱনৰ আশা বুকুত বান্ধি!

 জীৱনলৈ  সাফল্যৰ সুযোগ আহিব বুলিয়েই
 মই জীয়াই ৰ‌ওঁ।
 
জীৱনৰ সমস্ত ভাগৰ কাটি কৰি  চকুহাল জপাই দিও
 প্ৰতি ৰাতি......
 
কিন্তু এয়া কি সেমেকা শিতানৰ গাৰুটি......!!!



  ✍️ কৰবী দাস 
       নগাঁও(দৰং)

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send