জনা-বুজা হোৱাৰ দিন ধৰি কেৱল ঘৰখনৰ সমস্যাৰ সমাধান কৰি কৰি মুকুন্দ যেন এটা যন্ত্ৰত পৰিণত হৈছিল। তাৰ আৱেগ-অনুভূতি আশা-আকাংক্ষাৰ মূল্য ঘৰখনত শূন্য। ঘৰখনৰ মনত "সি পুৰুষ।সি পাৰিবই লাগিব,সি কৰিবই লাগিব।"
আজি সেই শূন্যতাই পূৰ্ণতা পাইছে সাদৰী ঘৈণীয়েক পাহিৰ মমতাত। আজি তাৰ আকাংক্ষিত সুখৰ প্ৰাপ্তিত চিঞৰি চিঞৰি ক'বলৈ মন যায় - "হয়,মই পুৰুষ;কিন্তু তাৰ আগতে ময়ো তেজ-মঙহৰ এজন মানুহেই। মই যন্ত্ৰ নহয়। মোৰো আছে এখন আৱেগ-অনুভূতিৰে ভৰা অন্তৰ।"
মুকুন্দ-পাহিয়ে অবিৰাম গাই গ'ল পুৰুষ-প্ৰকৃতিৰ মিলনৰ জয়গান।
✍️অংশুমান ভূঞা
চামতা,নলবাৰী
৬০০২৯৯৪৯৮০
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ