হেণ্ড চেনিটাইজাৰ-চিন্ময় ডেকা

©Admin
0
 “হেৰি শুনিছেনে ? মোৰ বন্ধু পংকজ খাটনিয়াৰৰ যোৱাকালি ৰিপ'ৰ্টত ক'ভিড পজিটিভ ওলাইছে। সিও আপোনাৰ দৰে , নিজৰ ইচ্ছামতে ঘৈণীয়েকৰ কথা নুশুনি ব্যৱসায়লৈ যায়।” --কথাষাৰ বুজি পালে ৰক্তিমে ; তেওঁক উদ্দেশ্য কৰি পত্নী নিবেদিতাই কৈছিল। ইফালে ৰক্তিমেহে জানে ঘৰখন চলাবলৈ কিমান কষ্ট হৈছে। এক-দুই কৰি সাতোটি মানুহ ঘৰখনত। বয়সস্থ মাক-দেউতাকৰ অসুখ-বিসুখৰ দৰব পাতিৰ কথা আছেই ! লগতে সন্তান দুটিৰ খোৱা-বোৱা , পিন্ধা-লোৱা ইত্যাদি ইত্যাদি । ঘৰখনৰ সমূহ দায়িত্ব তথা খৰচৰ বোজা তেওঁৰেই ওপৰত ।মহামাৰীয়ে আতংকময় পৰিৱেশৰ সৃষ্টি কৰিলে । নিৰুপায় হৈছোঁ! 
আগতে সৰু-ডাঙৰ ব্যৱসায় কৰি ঘৰখন চলাইছিলোঁ , এতিয়া ক্ৰমশঃ সেইকণো নাই। টাউনলৈ যাব নোৱাৰোঁ মুখত মাস্ক অবিহনে , চেনিটাইজাৰৰ কথাটো আছেই । বাৰু নিজৰ ভালৰ কাৰণেই ব্যৱহাৰ কৰোঁ। ৰাতিপুৱাই বাৰীৰ শাক-পাচলি , ফল-মূল কেইপদ লৈ ওলাই যাওঁ । নাই আজিকালি আগৰ দৰে বিক্ৰী নাই । ক্ৰেতাৰ ভয় , কিজানিবা ক'ৰনা আহেই আৰু যে কত দুখ-দুৰ্দ্দশা !
ঘৰলৈ দেৰিকৈ আহিলেও পত্নীৰ অকথ্য মাত । জানোচা তেৱেঁই চলাই সমস্ত ঘৰখন। খোৱা-বোৱাৰ পৰা আৰম্ভ কৰি সংসাৰৰ সকলোখিনি। কি দিন আহিল ! দয়া , মমতা আন্তৰিকতা নোহোৱা হ'ল। সেয়ে ক্ৰমশঃ ভয়ংকৰ ৰূপ লৈছে প্ৰকৃতিয়ে। নিজকে সৰ্বশ্ৰেষ্ঠ জীৱ বুলি গৰ্ব কৰা মানুহৰ মাস্ক আৰু হেণ্ড চেনিটাইজাৰতে এতিয়া আত্মসমর্পণ ।

✍️চিন্ময় ডেকা
     টংলা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)