বিশ্বায়নৰ কৱলত অসমীয়া ভাষা-সংস্কৃতি: চৰকাৰ আৰু জাতীয় সংগঠনৰ ভূমিকা-ৰিতু ৰশ্মি হাজৰিকা

©Admin
0
পৃথিৱীত বাস কৰা প্ৰতিটো জাতি- জনজাতিৰে নিজস্ব পৰিচয় থাকে । একোটা জাতিয়ে পৰিচয় বহন কৰে নিজৰ ভাষা আৰু সংস্কৃতিৰ মাধ্যমৰ জৰিয়তে । তেনেস্থলত ভাৰতবৰ্ষৰ অংগৰাজ্য হৈছে অসম । এই অসমৰ পৰিচয় বহন কৰি আছে অসমীয়া ভাষা- সংস্কৃতিয়ে ।   অসম এখন বহুল জাতি- জনগোষ্ঠীয় ৰাজ্য। যদিও অসমীয়া ভাষা আৰু সংস্কৃতিয়ে সকলোকে সামৰি অসমীয়া ভাষা- সংস্কৃতিৰূপে   পৰিচয় বহন কৰি আহিছে । গতিকে অসমীয়া ভাষা- সংস্কৃতিৰ পৰিসৰ সেয়ে অসীম ।
           
             সচৰাচৰ দেখা পোৱা যায় যে সাম্প্ৰতিক সময় বিশ্বায়নৰ কৱলত । অন্যান্য ভাষা-সংস্কৃতিৰ দৰে অসমীয়া ভাষা-সংস্কৃতিও ইয়াৰ কৱলৰ পৰা মুক্ত নহয় । সংস্কৃতিৰ জৰিয়তে ভাষাৰ আদান-প্ৰদান হয় বাবে বিশ্বায়নৰ কৱলত সমান্তৰালভাৱে ভাষা- সংস্কৃতি দুয়োটাই বিৰাজমান  ।

            সংস্কৃতি’ মানৱসৃষ্ট; ই মানুহৰ মাজত পৰিৱৰ্তিত তথা পৰিবৰ্দ্ধিত ৰূপত জীয়াই থাকে। সেয়ে ক’ব পাৰি যে বিশাল ভাৰতীয় সংস্কৃতিৰ দৰে অসমীয়া সংস্কৃতিও এক সমন্বয় বা মিলনৰ বস্তু।অসমীয়া সংস্কৃতি বুলিলে অসমীয়া জীৱন নিৰ্বাহ প্ৰণালীৰ সমগ্ৰতাক সাঙুৰি লয়। সামাজিক জীৱ হিচাপে মানুহে কিছুমান ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, বিশ্বাস-অবিশ্বাস, ধৰ্ম-অধৰ্ম, উৎসৱ-অনুষ্ঠান আদিৰ মাজেৰে জীৱন নিৰ্বাহ কৰে আৰু এই জীৱন নিৰ্বাহ প্ৰণালীৰ সামগ্ৰিক যৌগিক ৰূপটোৱেই হ’ল সংস্কৃতি। থুলমুলকৈ জনসাধাৰণৰ জীৱন পদ্ধতিয়ে হ’ল সংস্কৃতি।

            সময় গতিশীল। যুগৰ পৰিৱৰ্তনৰ লগে লগে জনসাধাৰণৰ জীৱন ধাৰণ প্ৰণালীৰ পৰিৱৰ্তন হোৱাটো নিতান্তই স্বাভাৱিক। বৰ্তমান যুগটোৱে হ’ল বিশ্বায়নৰ যুগ। এনে এটি যুগত এখন দেশৰ লগত আন এখন দেশৰ পাৰস্পৰিক সাংস্কৃতিক বিনিময় একো অস্বাভাৱিক নহয়। বৰ্তমান অসমীয়া সংস্কৃতিক পশ্চিমীয়া সংস্কৃতিয়ে বেৰি ধৰাৰ সৰল ব্যাখ্যা হ’ল বিশ্বায়ন ব্যৱস্থা। বিশ্বায়নে গোটেই বিশ্বখনক একগোট কৰি পেলোৱাৰ ফলত মানুহৰ মাজত ভাবৰ আদান-প্ৰদান অতি সহজসাধ্য হয়। সেয়ে দেখা যায় খাৱন-বোৱন, পিন্ধন-উৰণ, খেল-ধেমালি, কেশ-বিন্যাস, প্ৰসাধন, সোধন-পোচন ইত্যাদি অসমীয়া সংস্কৃতিৰ প্ৰতিটো বিষয়তে আধুনিকতাৰ স্পৰ্শ। খাদ্যদ্ৰৱ্যৰ প্ৰস্তুতি আৰু পৰিবেশন লগতে খোৱাৰ পদ্ধতিতো পশ্চিমীয়া ধৰণ সোমাই পৰিল। ‘খাৰখোৱা লোক’ বুলি পৰিচিত আজিৰ অসমবাসীয়ে খাৰ খাব নজনা হ’ল। সাজপাৰৰ ক্ষেত্ৰতো অসমীয়া সংস্কৃতিৰ এক বিৰাট পৰিবৰ্ত্তন সাধন হয়। যি ৰিহা-মেখেলা পিন্ধিলেই অসমীয়া লোক বুলি পৰিচিত আছিল সেই ৰিহা-মেখেলা বৰ্তমান অসমীয়া গাভৰুহতে চিনি নোপোৱা হ’ল। সমূহীয়া উৎসৱত অসমীয়া সাজ এযোৰ পৰিধান কৰাতকৈ জাক-জমক পোচাক এযোৰ পৰিধান কৰি নিজকে আধুনিক বুলি দেখুৱাবলৈ আমাৰ অসমীয়া যুৱতীসকলে বেছি ভাল পোৱা হ’ল। পুৰণি অসমীয়াৰ সাজ ৰিহা, কাঁচলি, পাতেনি, দোপটী, ধুতি আদিৰ প্ৰচলন লাহে লাহে কমি আহিবলৈ ধৰে আৰু এইবোৰ ঠাই অধিকাৰ কৰে আধুনিক সাজপাৰ যেনে - চোলা-চাদৰ, লংপেণ্ট, চাৰ্ট, চুৰিদাৰ ইত্যাদিয়ে। অৱশ্যে আধুনিক মহিলাসকলে পৰিধান কৰা ‘শাৰী’ৰ প্ৰচলন অতি প্ৰাচীন কালৰ পৰা অসমত আছে। অসমীয়া সাজ পৰিধান কৰা পদ্ধতিও বেলেগ। অসমীয়া সাজ মুগা-পাটৰ জনপ্ৰিয়তা পূৰ্বৰে পৰা অদ্যাপি চলি আহিছে যদিও কৃষিমুখী সমাজৰ ভাঙোন ধৰাৰ লগে লগে এৰী, মুগা-পাটৰ খেতি ক্ৰমাৎ কমি আহিবলৈ ধৰে।

 ‌          ধৰ্মীয় অনুষ্ঠানবোৰে ক্ৰমাৎ হৈ পৰিছে ব্যৱসায় ভিত্তিক। ধৰ্মৰ নামত গা কৰি উঠা ‘চান্দা তোলা’ সংস্কৃতিয়ে অসমীয়া সংস্কৃতিৰ ক্ষয়ংকৰি স্বৰূপটো উদঙাই দিয়ে। আকৌ, ধৰ্মৰ নামত অসমীয়া লোকৰ অৰিয়া-অৰিয়েও এক নতুন সাংস্কৃতিক সংকটৰ বাৰ্তাই বহন কৰি আনিব ধৰা যেন বোধ হৈছে ।

           অসমীয়া সংস্কৃতিৰ এটা দিশ উজলাই ৰখা পৰিবেশ্য কলাসমূহৰ ভিতৰত ওজাপালি, দেওধানী, ভাৱৰীয়া, ঢুলীয়া ইত্যাদি প্ৰধান। প্ৰাচীন সমাজত ইয়াৰ প্ৰচলন অদ্যপি চলি আহিছে যদিও পূৰ্বৰ তুলনাত ইয়াৰ সমাদৰ বহুখিনি হ্ৰাস পাইছে। থলুৱা সংস্কৃতি বজাই ৰাখিবলৈ একশ্ৰেণীৰ লোকে এই অনুষ্ঠানবোৰ উদ্‌যাপন কৰে যদিও এইবোৰ পৰিদৰ্শন কৰিবলৈ দৰ্শকৰ অভাৱ। অসমীয়া সমাজত ‘পুতলা নাচৰ’ যি সমাদৰ আছিল আজি সেই সমাদৰ বিচাৰি যোৱাটো মৰুভূমিত মৰিচিকা বিচাৰি যোৱাৰ সদৃশহে।গতিকে এইদৰে বিশ্বায়নৰ কৱলত অসমীয়া সংস্কৃতিৰ অস্তিত্ব আমাৰ দৃষ্টিগোচৰ হৈছে ।

             ঠিক তেনেদৰে অসমীয়া ভাষাটোৰ ক্ষেত্ৰতো বিশ্বায়নৰ প্ৰভাৱ পৰা দেখা যায় । সংস্কৃতিৰ দৰে ভাষাটোত অন্যান্য ভাষাৰ প্ৰভাৱ পৰা লক্ষ্যণীয় । অসমীয়া ভাষাটো এটা মিশ্ৰিত ভাষালৈ পৰিৱৰ্তন হোৱা দেখা যায় । হিন্দী, ইংৰাজী,  আৰবী ভাষাৰ প্ৰভাৱ পৰা দেখা যায় । আতৰ,  দুপত্তা,  গোচৰ,  তাৰ্কা,  হাৱা,  লেহেংগা,  পাইজামা,  কুৰ্তা,  লুঙী,  হাল্লা,  হবি,  তালাচ,  দালাল,  কামচৌৰ ,,ইত্যাদি শব্দৰ প্ৰয়োগ অসমীয়া ভাষাত কৰা দেখা যায় । গতিকে এইদৰে অসমীয়া ভাষাটো মিশ্ৰণ হৈছে ।ইয়াৰ প্ৰতি সচেতন হোৱাটো প্ৰয়োজনীয় ।

            বিশ্বায়নৰ মেৰপাকত সোমাই পৰা অসমীয়া ভাষা আৰু সংস্কৃতিক উদ্ধাৰ কৰাৰ ক্ষেত্ৰত অসমৰ জনসাধাৰণৰ লগতে চৰকাৰ আৰু জাতীয় সংগঠনৰ ভূমিকা লেখতল'বলগীয়া । চৰকাৰ হ'ল জনসাধাৰণৰ মাজৰ এজন প্ৰতিনিধি । জনসাধাৰণৰ হৈ কাম কৰিবৰ বাবে এজন ব্যক্তিক চৰকাৰ ৰূপে নিৰ্বাচিত কৰোৱা হয়।সেয়ে অসমৰ চৰকাৰ সমগ্ৰ অসমবাসীৰ বাবে এজন জনপ্ৰতিনিধি । অসমৰ ভাষা-সংস্কৃতিৰ স্বাৰ্থত দৃষ্টি ৰখাটো চৰকাৰৰ কৰ্তব্য । উদাহৰণ স্বৰূপে, 

       প্ৰথমতে, চৰকাৰে অসমৰ প্ৰতিটো শিক্ষানুষ্ঠানতে অসমীয়া ভাষা আৰু সংস্কৃতি বিষয়ক পাঠদানৰ ব্যৱস্থা কৰিব লাগে,  অসমীয়া ভাষা শিক্ষানুষ্ঠানত বাধ্যতামূলক কৰিব লাগে , সপ্তাহত এটা বা দুটা অসমীয়া ভাষা আৰু সংস্কৃতি বিষয়ক সহযোগী পাঠদানৰ ব্যৱস্থা কৰিব লাগে,  ছাত্ৰ-ছাত্ৰীৰ মাজত সৃজনীশীল প্ৰতিযোগিতাৰ আয়োজন কৰিব লাগে। এইদৰে শিক্ষানুষ্ঠানসমূহক অসমীয়া ভাষা আৰু সংস্কৃতিৰ শিক্ষাৰ প্ৰতি সচেতন কৰাব লাগিব । 

       দ্বিতীয়তে, ৰাজহুৱা সভা বা অনুষ্ঠানত অসমীয়া ভাষা আৰু সংস্কৃতিৰ বিষয়ক কাৰ্যসূচী ৰাখিব লাগে । যাতে সভাত উপস্থিত থকা প্ৰতিজন লোকে অৱগত হ'ব পাৰে।

       তৃতীয়তে,  অসমৰ বাহিৰতো ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰৰ প্ৰতি  গুৰুত্ব দিব লাগিব ।

        চতুৰ্থতে,  অসমৰ প্ৰত্যেক অনুষ্ঠান আৰু প্ৰতিষ্ঠানৰ নাম ফলকসমূহত প্ৰথম অসমীয়া ভাষা ব্যৱহাৰ হোৱাটো বাধ্যতামূলক কৰিব লাগে ।

        পঞ্চমতে, বাতৰিকাকত বা দূৰদৰ্শনত সম্প্ৰচাৰ হোৱা বাতৰি চেনেলসমূহত অসমীয়া ভাষাৰ ব্যৱহাৰ শুদ্ধকৈ  নকৰিলে তাৰ প্ৰতি উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে ।

         ষষ্ঠতে,  অসমত প্ৰস্তুত কৰা প্ৰতিটো পেকেটিং বস্তুৰ আৱৰণখনিত অসমীয়া ভাষাত সবিশেষ বিৱৰণ দাঙি ধৰাৰ ব্যৱস্থা কৰিব লাগে ।

          সপ্তমতে,  অসমৰ থলুৱা নাট্যানুষ্ঠানসমূহৰ প্ৰচলনত গুৰুত্ব দিব লাগে ।

         অষ্টমতে,  অসমত অসমীয়া ভাষা আৰু সংস্কৃতিৰ সংৰক্ষণ কৰিব পৰাকৈ এটি সংগ্ৰহালয়ৰ নিৰ্মাণ কৰিব লাগে ।

         এইদৰে চৰকাৰে কৰ্তব্য পালন কৰিব লাগিব । এনেবোৰ ব্যৱস্থা গ্ৰহণ কৰিলে অসমীয়া ভাষা আৰু সংস্কৃতিৰ সংৰক্ষণ হোৱাৰ লগতে চৰ্চিত হৈ থাকিব । 

          আনহাতে,  চৰকাৰৰ দৰে জাতীয় সংগঠনৰো অসমীয়া ভাষা আৰু সংস্কৃতি প্ৰতি দ্বায়িত্ব থাকে । যিদৰে চৰকাৰ জনতাৰ প্ৰতিনিধি, ঠিক তেনেদৰে জাতীয় সংগঠনসমূহো একোটা জাতিৰ হৈ প্ৰতিনিধিত্ব কৰে । অসমীয়া ভাষা আৰু সংস্কৃতিৰ প্ৰতি যি দায়িত্বভাৰ থাকে ঠিক তেনেদৰে জাতীয় সংগঠনসমূহৰো দ্বায়িত্ব থাকে । জাতীয় সংগঠনৰো চৰকাৰৰ দৰে কিছুমান দ্বায়িত্ব লক্ষণীয় । উদাহৰণস্বৰূপে, 

     প্ৰথমতে,  জাতীয় সংগঠনসমূহে তেওঁলোক আয়োজন কৰা সভা বা অনুষ্ঠানত অসমীয়া ভাষা আৰু সংস্কৃতিৰ বিষয়ক কাৰ্যসূচী ৰাখিব লাগে।

      দ্বিতীয়তে,  অসমৰ থলুৱা নাট্যানুষ্ঠানসমূহৰ প্ৰচলন আৰু প্ৰসাৰৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব লাগে ।

       তৃতীয়তে,  অসমীয়া ভাষা আৰু সংস্কৃতিৰ লগত সংগতি ৰাখি কিছুমান প্ৰতিযোগিতাৰ আয়োজন কৰি ছাত্ৰ- ছাত্ৰী সকলক অংশগ্ৰহণ কৰিবলৈ সুযোগ  দিব লাগে । যাতে ছাত্ৰ-ছাত্ৰী সকল উপকৃত হয়।

         চতুৰ্থতে,  অসমীয়া ভাষা আৰু সংস্কৃতি বিষয়ক কৰ্মশালাৰ ব্যৱস্থা কৰিব লাগে ।

         পঞ্চমতে, মঞ্চ বিহু পাতিবলৈ চান্দা বিচৰা কাৰ্যসূচী বন্ধ কৰিব লাগিব ।

       এইদৰে জাতীয় সংগঠনসমূহেও নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰিব লাগিব । তেতিয়াহে অসমীয়া ভাষা আৰু সংস্কৃতিৰ ভেটি অক্ষুন্ন থাকিব । 

      গতিকে ওপৰৰ আলোচনাৰ পৰা দেখা যায় যে বিশ্বায়নৰ কৱলত অসমীয়া ভাষা আৰু সংস্কৃতি দুয়োটাই সোমাই পৰিছে । তেনেস্থলত চৰকাৰ আৰু জাতীয় সংগঠনসমূহৰ ভূমিকা  গুৰুত্বপূৰ্ণ । বিশ্বায়নৰ কৱলত পৰা অসমীয়া ভাষা আৰু সংস্কৃতিৰ ভেটি  অক্ষুন্ন ৰাখিবলৈ হ'লে  উপৰোক্ত সিদ্ধান্ত সমূহ আওঁৰাব লাগিব ।তেতিয়াহে সুকীয়া অস্তিত্ব বহন কৰিবলৈ সক্ষম হ'ব । ।


✍ৰিতু ৰশ্মি হাজৰিকা
     চাৰিআলি 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)