ধনীৰামে ঘৈণীয়েকে নেদেখাকৈ মনে মনে গৈ চাউলৰ টেমাটো জুমি চালে । নাই, খুদকণ এটাও নাই দেখোন ! কি কৰা যায় এতিয়া ? হাতত দাখন লৈ সি ধুমুহাৰ গতিৰে টাউনলৈ কাম বিচাৰি গুচি গ'ল ।
এবেলাৰ বাবে কোনো কাম নিদিয়ে । বহু অনুনয়-বিনয় কৰাৰ পিছত ধনীৰামে এঘৰত কাম পালে । হাজিৰাটো লৈ সি দৌৰি গৈ দোকান পালেগৈ । দুই কেজি চাউল, আধা কেজি আলু লৈ খৰখোজেৰে ঘৰলৈ বুলি ৰাওনা হ'ল । এমা- ডিমাকৈ থকা তিনিটি সন্তানৰ মুখত হাঁহি বিৰিঙি উঠা যেন লাগিল ধনীৰামৰ । হঠাৎ পিঠিত পূৰ্ণহতীয়া কোব এটা পৰিল । মূৰি দাঙি দেখিলে কেইবাজনো পুলিচে তাক ঘেৰি কোবাবলৈ লাঠি দাঙিছে । এজন পুলিচে ক'লে -- " ঐ কুকুৰ । নতুন SOP খন পঢ়া নাই ? তঁহতৰ দৰে সৰু সৰু মানুহবোৰৰ বাবেই চাৰিওফালে কৰ'না মহামাৰীটো বিয়পি পৰিছে ।" এজনে তাৰ হাতৰ পলিথিনটো জোৰেৰে টানি দিলে । পলিথিনটো ফাটি গোটেই ৰাস্তাতে চাউল আৰু আলুখিনি সিঁচৰিত হৈ পৰিল । ধনীৰামে পগলাৰ দৰে সেইখিনি বুটলিবলৈ চেষ্টা কৰিলে । ঠিক সেই সময়তে দামী গাড়ী এখন সেইবিলাকৰ ওপৰেৰে পাৰ হৈ গ'ল । এজন পুলিচে গাড়ীখন ৰখালে । গ্লাচখন নমাই গাড়ীৰ ভিতৰৰ পৰা মানুহজনে পুলিচজনক মিচিকিয়া হাঁহিৰে ক'লে -- " ছাৰ , একেবাৰে এৰাব নোৱাৰা কামৰ বাবেহে পলম হ'ল ।" পুলিচজনে হাঁহি হাঁহি ক'লে--" হ'ব হ'ব । সোনকালে যাওকগৈ ।" বাই ... বুলি কয় মানুহজনে গাড়ীখন চলাই গুচি গ'ল । ধনীৰামে অশ্ৰুসিক্ত নয়নেৰে সকলো দৃশ্য চাই আছিল । এইবোৰ দেখি তাৰ বুকুখন চিৰাচিৰকৈ ফাটি গ'ল । সি বুকুৰ বিষ সহ্য কৰিব নোৱাৰি ধুপুচকৈ মাটিতে বহি পৰিল । লগে লগে পুলিচ এজনে আহি সোনকালে যা বুলি ৰাজহাড়ডালতে আৰু এটা কোব মাৰিলে । সি কোনো মতে থিয় হৈ থৰক- বৰককৈ ঘৰমুৱা খোজ দি ভাৱিলে -- " বাহ: ৰে দুনীয়া ! ধনীয়ে কৰিলে লীলা আৰু দুখীয়াই কৰিলে ধৰি- বান্ধি কিলা । " সি কোনোমতে বাঁহৰ জপনাটো খুলি ঘৰলৈ সোমাই আহিলে । বাৰাণ্ডাৰ খুটা এটাতে আঁউজী বহি মুখেৰে বিৰবিৰাই থাকিল --" ডাঙৰ মানুহ- সৰু মানুহ , ডাঙৰ মানুহ- সৰু মানুহ ..."
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ