সূৰ্যোদয় : প্ৰথম অধ্যায়~ধাৰাৱাহিক উপন্যাস-ৰাজেন দাস

©Admin
0
(১) 
নতুন প্ৰাণৰ 
ন চকুযুৰি
         দীপিতি ঢালি দে তাত, 
পুৰণি পৃথিৱীক
ন-কৈ চাই লওঁ
       হে বীণ। এষাৰি মাত।(ল.বে) 

  নতুনকৈ কিবা এটা কৰিম। নতুনকৈ বাঁহীৰ সুৰটো তোলাম। এই সপোন? সপোন ! সপোন । বাঁহশিল্পৰ পাবে পাবে পোহপাল দি যাম সপোন। অহৰহ সপোন এটা লৈ দেউতা জীয়াই আছে। গভীৰ নিজানত নাইবা নিতান্ত মনৰ সংযোগত। শুই থাকিবলৈ নিদিয়া সপোন।শুই থকা শিয়ালে আকৌ হাঁহ ধৰিব কেনেকৈ, সদায় মূৰ তুলি ওপৰলৈ চাবলৈ সাহস দিব পৰা সপোন।সপোনৰো কি সুকীয়া সৌন্দৰ্য্য । দিঠকত তাতোকৈ চুপাৰ-টুপাৰ সৌন্দৰ্য্য । 
"সন্তানক সদায় সাহস দি থাকিম।সপোনৰ পিছত তেজী ঘোঁৰা দৌৰাদি দৌৰাম। সিঁহতৰ ভালেই মোৰ ভাল। সিহঁতে ভাল কৰিলে আনে ভাল কৰিব। নিজৰ ফালে নেচেল। সন্তানৰ বাবেই সকলো সময়ত মই সাহস, অনুপ্ৰেৰণা হ'বই লাগিব, মোৰ যি হয় হওঁক।কি আহে যায়, কেৰেপ নকৰোঁ। চৰুক সুধি ভাত নবঢ়াৰ দৰে নিজৰ ভালপোৱা কাম কৰি যাম।সত্য, অহিংসা মোৰ সোঁহাত-বাওঁহাত হ'ব।অসত্য যিমানেই উজু হওক সত্য কিন্তু সদায় কঠিন আৰু উজ্জ্বল, অপৰাজিতা। ইভাগে তেনেই মামুলি কাৰোবাৰ নে ? "...মানুহজনীৰ সৈতে এইখিনি আলচ হৈ থাকেই। তেওঁও অনন্য সাহসী আৰু সাহসৰ প্ৰতীক। 
  কত সপোন ৰাতি তিনি পৰে দেখো, ৰাতি এপৰে দেখো, ৰাতি পৰে পৰে দেখো। ৰাতিপুৱা হে সকলো ফুটুকাৰ ফেন। দেউতাৰ সপোন গজি উঠিছে জালুৱৈ জীৱনৰ আশে-পাশে। জালৰ পাহে পাহে। জালৰ ডন যিমান প্ৰসাৰিত সপোনো সিমানেই প্ৰসাৰিত। 
আমাৰ চুবুৰীৰ পৰা বৰদেউতাৰ চুবুৰীলৈ দেউতাই জালৰ ডনবোৰ মেলি দিছে।আমাক টানি টানি নিব দিছে নি আছোঁ।ইমান যে মজা লাগিছে। টানি টানি সিমূৰ পোৱালেগৈ ।দেউতাই এইমূৰৰ পৰা শকালী চেৰেকীত চম্ভালি আছে।জালৰ সূতাবোৰ বোকাই-চোকাই লেটি-পেটী ঘেটী-মেটী হৈ গৈছে।আমি একোবত সূতাবোৰ হাতেৰে থূ-অকণ দি চাফা কৰি দিছোঁ।পেন্টতে মোহাৰি দি নতুন কৰিও দিছোঁ।ওচৰৰে চিতাৰাম বৰতাহঁতৰ ৰেডিঅ'ত বহুত অনুষ্ঠান শুনি আহিছোঁ। আজিৰ দিনটো অনুষ্ঠানটো মোৰ আটাইতকৈ ভাল লাগে।অনুষ্ঠানবোৰ বৰ ধুনীয়া, পৰিৱেশন আৰু উপস্থাপন। 
 এইসময়তে মা'ৰ মাত টো ৰেডিঅ' বজাদি বাজি আছে।কাণ উনাই শুনিলোঁ-"এই মানুহটো হ'ল আৰু ব্ৰক্ষ্মপুৱাই তাঁতবাতি। আহল-বহ
লকৈ মেলি ল'ব।বৰ‌ মাছুৱৈটো, দেউতাৰাৰ ক্ষেত্ৰত উজু এই কাম আনৰ বাবে মাছ মৰাৰ,জাল বন্ধা,জালৰ গুৰিত শীৰ লগোৱা " জনাৰ ভাত-মাছ,নজনাৰ কলগ্ৰহ"। মই লোকৰ ঘৰে ঘৰে লাজ-কাণ কাটি অনাবোৰ মিছাই।
  ইফালে-সিফালে অহা-যোৱা বৰ দিগদাৰ। চাপৰি চাপৰি আহিব লাগে।যেন ওখ মানুহ চাপৰ ঘৰৰ ভিতৰলৈ সোমাই আহিছে।
 দেউতাই ঘৰৰ চোতালৰ পৰা ৰাস্তালৈ জেওৰা দিয়াদি দি লৈছে। তেনেকৈ কৰিলেহে পুঙা বান্ধিবলৈ সুবিধা। পুৰণি নানা ৰঙৰ চেণ্ডেল আঙুলিৰ নিচিনাকৈ কাটি কাটি পুঙা কৰে।মহুৰাৰ দৰেও লাগে।কলপতুৱাৰ এডোখৰত যেতিয়া ফুটা কৰি লাইন কৰি কৰি পুতি পুতি সুতাবোৰ টানি টানি নিয়ে। বহাগৰ জানমণি টাকুৰী ঘূৰাদি ঘূৰি থকা যেন লাগে। পিতা গান্ধী এ সচাঁই ভাল কাম কৰি গ'ল। "অসমীয়া শিপিনীয়ে হেনো তাঁতৰ পাতত সপোন ৰচিব পাৰে" তেওঁতো কৈয়েই কৈছে। আমাৰ আকৌ কিছুৱে বহে তাঁতৰ পাতত চকু দেখোন আলিবাটতহে। অৱশ্য শিপিনী বহু প্ৰতিভা সম্পন্ন। তাঁতৰ পাততে গীতে মাতে,চিত্ৰকলাই সুশোভিত কৰি ৰেকৰ্ড কৰিছে, অসমৰ সংস্কৃতিকো জীয়াই ৰাখিছে। দাণ্ডিযাত্ৰা, অসহযোগ আন্দোলন, ভাৰত ত্যাগ আন্দোলন, স্বাধীনতা আন্দোলন... ইত্যাদি ত সবল অংশগ্রহণ কৰি আমাক সুবিধা কৰি দি থৈ গ'ল...। 
দেউতা চহা মানুহ। খেতি-বাতি প্ৰধান জীৱিকা। তথাপি মাছৰ লগতহে তেওঁৰ প্ৰাণটো।"মাছতহে তেওঁৰ জীউটো " মায়ে কোৱা শুনো।দেউতাই হেনো এদিনহে পঢ়াশালীলৈ গৈছিল।নামটো শিকি একেদিনাই শেষ।জীয়াই থাকিব পৰাকৈ কামখিনি শিকি পেলালে।

(২)
মা অষ্টমলৈ উঠিছিল।স্কুললৈ অহা-যোৱা কৰোঁতে কোনোবাই জোকাওঁতে ককাক মতিলাল পিতাই জনাইছিল। ককাই স্কুলেই বন্ধ কৰিলে। তাৰ পিছত ঘৰৰ কামত।পঢ়া-শুনা কৰা ঘৰৰ সিমান গুৰুত্ব নাছিল।বজাৰ কৰা, বজাৰৰ বাবে ঘৰচীয়া,বনৰীয়া ঢেকীয়া,কলমৌ, মানিমুনি...ঘৰৰ দহোবন‌ কৰা এইসমূহ ত বেছি ৰাপ আছিল।ককাই নিজে মা হঁতক দেৰগাঁৱৰ সাপ্তাহিক বজাৰলৈ লৈ গৈছিল খোজকঢ়াই।মূৰত শাকৰ সৰু-সুৰা পাচলিৰ ভাৰ দিছিল।ককা অবিৰাম(মা ৰ দেউতা)।নামেই কাম।কাম আৰু কাম।বছেৰেক জোৰাই খাইছিল। চাৰিওফালে নদন-বদন।মাছে-কাছই,শাকে-পাচলি উভৈনদী।আন দহজনকো দিছিল হে। বহুত ধান গাড়ীয়ে গাড়ীয়ে বজাৰত বিক্ৰী কৰিছিল।ঘৰখনৰ সকলোকে কামত পাকৈত কৰাইছিল। ভৱিষ্যতে যাতে অসুবিধা নহয়।ঘৰখনৰ চাৰিগৰাকী তেজে ফুটো ফুটো গাভৰু।ল'ৰা এজন।ককাই দুগৰাকী বিয়া কৰাইছিল।সৰুগৰাকীৰ ল'ৰা এটা।মই আকৌ ডাঙৰ জেঠাইক দেখিব নেপালোঁ।জেঠাই হেনো সাইলাখ গোসানীজনী।গঢ়গতি দহোজনৰ চকুত লগা।
(৩)
কালৰো কি কাল, বিপৰীত কাল। হৰিণাই চেলেকে বাঘৰ গাল। এদিন ভৰদুপৰীয়া জেঠাইদেউ ককাহতঁৰ আগফাললৈ ওলাল। আইতাই মাত লগালে-ৰঙিলী এইহেন গাভৰু ছোৱালী ভৰদুপৰীয়ালৈ গা ধুই অঁতাব পৰা নাই।মানুহ-দুনুহ কম,তাতে দিনতে বাঘ-ঘোঙ ওলায়।কাৰোৰে হাক বচন নুশুনি গা ধুবলৈ যায়।"মোৰ মাহ হালধি গোন্ধ যোৱা কেইবাটাও বছৰ গ'ল। দুটিকৈ সন্তানৰ মাতৃ। বনৰীয়াতকৈ ঘৰচীয়া লৈহে ভয়।হাবি জংঘলেৰে ডাঠ ।ভয় লাগিব পাৰে, কিন্তু মোৰ সাহস আছে ..."।এইবুলি ঘৰৰ পূব লৈ থকা নদীৰ ঘাটলৈ হাতত কাপোৰৰ দ'ম,মূৰত ওৰণি,গা-ধুবলৈ অনন্য যোগাৰ লৈ লৈছে।

(৪)
 ককা অলপ বেজালি ।দুই-এজনক বনৌষধি দি ভাল কৰা দেখিছোঁ।মোৰ মনত আছে ঘৰৰ কাৰোবাৰ গা-বেয়া হ'লে ককাই ৰাতিয়েই আহি গাঁৱলীয়া দৰৱ দিয়া।ককাই বৰ কৈ হাল্লা সহিব নোৱাৰি কৈছিল, ইমান হুলস্থূল কৰা,হাত ভৰি বান্ধি কোবাম ৰ..ৰ...। আঁতৰ হ,বাপেৰটোৰ ওচৰৰ পৰা...। কিবা মন্ত্ৰ পুথি পঢ়ি থাকে। সেয়েহে গণ্ডগোল হজম কৰিব নোৱাৰা হয়। খংটো লৈ থাকে, খিংখিঙীয়া। খংবোৰ ফুটচাইৰ দৰে...
ককাৰ শিৱসাগৰৰ বন্ধু এজন আছিল।বৰ শকত আবত মস্ত নোদোকা।নাকটো চুটি।মুখখন আহল বহল। চকু ডাঙৰ ডাঙৰ মাৰ্বলৰ দৰে।ককাৰ ওচৰলৈ বহুবাৰ অহা দেখিছোঁ। ককাৰ সৈতে নানা কথা আলোচনা কৰে।মই সৰু সেইবোৰ কথা বুজি নাপাওঁ।বেজালি সূত্ৰে আৰু ভাল বন্ধু বুলিহে জানো। বহুত সৰু সৰু মিঠাই লৈ আহে।সৰু ৰঙা বটলত আৰু কিবাকিবি আনে। দুদিন মান সুন্দৰকৈ থাকে আকৌ বাট লয়। সচাঁ বন্ধুত্বৰ জৰী। ই বৰ ওখ। 

(৫)
ভৰ দুপৰীয়া।ৰঙিলী(জেঠাই)কাপোৰ ধুই আছে।তাৰ পিছত গা তিয়াই ঘৰলৈ আহিব। পান্নালাল ঘাটলে নেযাবা দেই গাই আনন্দমনে গা-পা ধুই আহিছে।দিনটো ঠিকেই আছে।ৰাতিলৈ জেঠাইৰ গাটো বেয়া কৰিছে।ককাই বনৌষধি দিছে।কিবা মন্ত্ৰ ও মাতিছে।মিছা, হৰিয়ে নেৰাখিলে জৰীয়ে ক'ত ৰাখিব। লাগিল হুৱা-দুৱা। গোটেই সোপাই কান্দি ইয়ালি জীয়ালি।ককাৰ‌ ধমকেও কাম দিয়া নাই,যিদৰে অহা নাই দৰৱৰ কাম।হায়! হায়! মোৰ বনৌষধিৰো কাম অহা নাই।ইফালে গোটেই গাঁৱৰ‌ মানুহৰ ভিৰ।ঘৰ শোকাকুল ।ককাই ইফালে- সিফালে হাতখন পিছফাল কৰি ঘনাই অহা-যোৱা কৰিছে।ছে--হ মোক আকৌ কবিৰাজ বুলি ভাবে। আজিৰে পৰা ধাৰণা শেষ।দুডাল বাঁহ,কান্ধ পাতি চাৰিওজনে আগে আগে,
ঢোলে-ডগৰে হৰিনাম লৈ ৰাইজ আগবাঢ়িছে তেতিয়া হে ককাৰ সম্বিত ঘূৰি আহিল।বাপ যদিও ঢোৰা পাপ তথাপি ককাইচেপি ৰখা কান্দোন চেপি ৰাখিব নোৱাৰিলে। ককাৰ চকুপানী হৰহৰাই বৈ আহিল। যেন পৃথিৱীলৈ গংগা নামিছে।সেইদৰেই ৰাইজৰ সৈতে খোজ মিলালে।খোজ ঢলং পলং।ককাই গৈ আছে যদিও নিজৰ বেজালি কামফেৰাত ধিক্কাৰ জন্মিল। গাঁৱৰ দহৰ মানুহ মোৰ ওচৰলৈ অহা বন্ধ হৈ পৰিব।ভৰসাত চেঁচাপানী। তথাপি! তথাপি! হোৱাটো হলেই। যি হল ভালেই হ'ল। তেৰাৰেই লীলা। অন্তহীন। হৈ আছে, হৈ থাকিব। চৰৈৱতী চৰৈৱতী... 


(৬)
 ওচৰ-পাজৰৰ গাঁৱৰ সৰু - সৰু কেঁচুৱাই ৰাতি ৰাতি কান্দি থাকে,ঘৰবোৰত অশান্তি।মই পানী জাৰি-ফুকি দিও ভাল পাই,কোনোবাটোক ডোল দিও,তাবিজ দিও ভাল হৈ যায়।মোক শ্ৰদ্ধা কৰে।যদিও মই আজিলৈ মাননি দাবী নকৰিলোঁ। অতিপাত জ্বৰ,কাহ, বমি, শৌচ,মূৰ বিষ ইত্যাদি বিভিন্ন ৰোগৰ সুফল পাইছে।মোৰ টকা ঘটাৰ মূল উদ্দেশ্য নাই।মাত্ৰ মানুহক সহায় কৰা। এতিয়া নিজৰ জী কে বচাব নোৱাৰিলোঁ।কয় নহয় কথাষাৰ-বাৰীৰ ঘাঁহে গোহালিৰ গৰুৱে ৰাহি নাহে।সেইদৰেই মোৰ বনৌষধি ৰ ওপৰতনো কি ভৰষা।সকলো তেৰাৰেই লীলা। নিৰ্দিষ্ট ঠাইখিনি পাই হোমাগ্নি-মুখাগ্নি হৈ গ'ল।টেঙানিৰো জেঠাদেউৰ সকলো মানুহ ভৰি পৰিল। দুটি পুত্ৰ পাপু আৰু কনটি।বুদ্ধিত বেছ তীক্ষ্ণ।পাৰিব সিহঁতে নিজকে চম্ভালিব। গোলাঘাট জিলাৰ টেঙানিত হাতীৰ উপদ্ৰৱ হৈ থাকে। তথাপি আন বহু বাধা নেওচি প্ৰজন্মৰ পিছত প্ৰজন্ম খেদাইছে।খাইছে-বৈছে নিজস্বাধীনেৰে।ঘৰৰ খেতি-বাতি আছে। চাহপাত বহু আছে। চৰকাৰী আৰু ব্যক্তিগত ও।বহু টকা ইনকামো হয়।ব্ৰুচ চাহাবে শিকাই যোৱাৰে পৰা চাহপাতৰ‌ ভাল বজাৰ আছে। অসমৰ বাহিৰতো আৰু ভিতৰতো। মণিৰাম দেৱানেও যোৰহাটত বহু চাহবাগান পাতিলে।চেনিজান,চিনামৰা আদি ইয়াৰ উদাহৰণ। আনৰ চাহ-পাত কাটি (কলম দি)পৰিয়াল চলি যায়।ল'ৰা-ছোৱালী পঢ়াইছে-শুনাইছে। মা-দেউতাৰ কামৰ শেষ নাই। পৰত কাম, ঘৰত কাম। মুঠতে কামেই কাম। অৱশ্যে কাম-বন দুই এটা কৰি থাকিলে স্বাস্থ্যৰ বাবে ভাল। 
(৭)
অসমৰ মানুহে কাম কৰিব নোৱাৰে বুলিয়েই ইংৰাজ সকলে ব্ৰক্ষ্মদেশৰ পৰা বাঙালী আনি চাহত নিয়োগ কৰিলে।আমি সকলোৱে দেখিছোঁৱেই সিহঁত বৰ কষ্টসহিষ্ণু।ৰ'দ,বতাহ, বৰষুণ নেওচি অসমৰ অৰ্থনীতি লৈ বিৰাট ডাঙৰ বৰঙণি আগবঢ়াইছে। পিছে মজুৰি হে সামান্য।(অৱশ্যে এতিয়া সময় সলনি) তথাপি পৰিতাপৰ কথা যে ইমান কষ্ট কৰা এই মানুহখিনিৰ নিজা পৰিচয় নেপালোঁ। চাহপাতৰ কামত জড়িত হৈ সেই চাহ জনগোষ্ঠীৰ নামেৰেই ৰৈ বৈ গৈছে। গাত ৰ'দ নলগা আৰু বৰষুণ নপৰা মানুহ পাঠ এটা দিব্যদাই পঢ়িছোঁ বুলি কয়। বেচ ভাল। আমি হাতে কামে কৰিলে অভাৱ নহয়। কৰি খোৱাত লাজ কিহৰ। দীঘল নাক চুটি হয় বুলি ভয় ন।"লাজ নকৰাকৈ, কামত সৰু বৰ নাই। লোৰ চ'তিটো তলৰ পৰা ওপৰলৈ উঠাই দি আমেৰিকাৰ ৰাষ্ট্ৰপতি জৰ্জ ৱাশ্বিংটনে কোৱা নাছিল জানো -কামৰ সৰু বৰ নাই বুলি "। এইদৰে লাওকলি ককাই আইতাক কৈ থাকে প্ৰায়ে। খেতি খোলাত সৱ উবুৰি খাই পৰে। বছৰেকলৈ আতে। আলহী-অতিথি দুজনে সুবিধা পাৰে। সেই যে গুটি সিচোঁতে, ৰোওতে কয়েইচোন-গুৰুক দিম ভকতক দিম...। 

(৮)
জেঠাইৰ শ্ৰাদ্ধ শেষ।আলহী-দুলহীও এজন-দুজনকৈ গৈ আছে। গাঁৱৰ বুঢ়া-ডেকাই ৰভা -পৰলিবোৰ ভাঙিছে। গাভৰু ছোৱালী বোৰে বাচন-বৰ্তন ধুইছে, ঠাইখিনি ঝাড়ু দি পৰিষ্কাৰ কৰিছে।বৰ মোমাইৰ ঘৰৰ ৰাস্তাটো আহল-বহল।তাতে আমাক দেওবাৰে এলপিস্কুলৰ চাৰে পৰীক্ষাৰ সময়ত নেঘেৰিটিং শিৱদৌল অনা মনত পৰে, প্ৰায় ৬/৭কি.মি.সকলোৱে খোজ কাঢ়ি আহো।এবাৰ কমল চাৰ(প্ৰধান শিক্ষক) আৰু ৰামধন(সহ: শিক্ষক)চাৰে খোজ কঢ়া দিশটোৰ বিষয়ে ধুনীয়াকৈ শিকাই আনিছে।কন কন মইনাহঁতে খোজৰ খেলিমেলি কৰোতে ৰত্নকান্তই সিহঁতক বুজাইছে সি গা-টো ইফাল সিফাল কৈ বুজাই দিব পাৰিছে।"অই 'অই,তঁহতে শুনচোন-আমাৰ চাইড এইটো ।মানে গাড়ী যিটো দিশত যাব আমি তাৰ বিপৰীতে যাব লাগিব। দকিন
(দক্ষিণ)মুৱাকৈ আমি খোজ কাঢ়োতে বাওঁহাতে যাম,আৰু ঘূৰি আহোঁতে সোঁহাতে আহিম। অৰ্থাৎ আমি উভতি আহোঁতে আগৰ বাওঁ হাতৰ ঠাইত সোঁহাত থাকিব,সোঁহাতৰ ঠাইত বাওঁ হাত থাকিব। সকলোৱে কথাবোৰ শিকি লৈছিল বাবে সেইদিনা সুন্দৰ যাত্ৰা হৈছিল।সেইবাৰতকৈ বেছি মাৰ্বলগুটি খেলা মনত পৰে। আজিও কন-কন পোৱালি বোৰে খেলি আছে। পংকজে কোৱা শুনিছোঁ-হাই! সি মানে এইম লৈ আছে। বিৰোধীৰ মাৰ্বল টিকাবলৈ।

(৯)
চাকালাকা বম বম, গপ খেল, ৰং খেল, লুকা-লুকি ৰেল, কোন পুলিচ চোৰ ধৰা খেল,... আছেই। সৰুতে সকলো বলিয়া।খোৱা-বোৱাই পাহৰিব। ঘৰলৈ আহিবলৈ পাহৰে।টলৌ-টলৌকৈ ঘূৰি-ফুৰাৰ মজাই সুকীয়া। আৰ-তাৰ নগৰত জগৰ লগোৱা কামত ওস্তাদ। "খেল- খেল ভাত, মাছ-মাংস তাতে ওলাব ন। দাঁত কৰি মায়ে কৈ কৈ আকৌ ভুনভুনাই গৈ থাকিব-সৱ অধ:পতনে গ'ল, কামৰ ক টো নাই। তেনেকৈ কেনেকৈ চলিবি।কাম নকৰিলে খাবি কি। পিন্ধিবি কি। পিন্ধাবি কি...। 
(মাৰ্বল খেলটোৰ নাম-বান্দৰ)আঠুঁত হাতৰ মাৰ্বলৰে মাৰি পঠিয়ালে।ইস! নিপুলৰ মাৰ্বলক টিকাব নোৱাৰিলোঁ অ' ।অ ' ৰ তোক মই টিকাম।সি লগে লগে কৈছে-আগলৈ হাই চপাই ক্লিয়াৰ। মানে মাৰ্বলটো য'ত ৰব গৈ সেইডোখৰ ঠাইৰ গুটিটোক মুকলিকৈ ৰাখিব নোৱাৰিব,গোবৰৰ ভেৰত সোমাই পৰিলেও,তাতে টিকাব মন গ'লে টিকাব লাগিব।কি যে মজা লাগিছিল। পছন্দৰ ৰঙৰ ডগিল বা লাইটোৰে আন মাৰ্বলক আঘাত কৰিলে, জোৰকৈ টিকোৱাৰ বাবে মাৰ্বল ফাটিও যায়। যিদৰে বালাজীৰ বেট ফাটি বল ওলাই গৈছিল।এতিয়া মনত পৰিলে হাঁহি উঠে,সেইদিনত যে নজনাকৈয়ে ইংৰাজী ভাষাৰ শব্দমিশ্ৰণ আছিল। আজিও মাজে মাজে ক'ব নোৱাৰাকৈয়ে অসমীয়াৰ লগত বিভিন্ন শব্দ যোগ কৰি থাকোঁ।আন আন ভাষা ভালকৈ নেজানিও ফুটনি নমৰাকৈ নেৰোঁ। বোলে কয় নহয়-খায় মৰে কোন, কৈ মৰে কোন? নকৈ মৰে 
কোন? 
কোন?...

✍️ৰাজেন দাস
গৱেষক ছাত্ৰ
ডিব্ৰুগড় বিশ্ববিদ্যালয়
বিভাগ-অসমীয়া 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)