২৯ মে'- আজিৰ দিনটোৰ বিশেষত্ব

©Admin
0

২৯ মে' (ইংৰাজী: 29 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৪৯তম (অধিবৰ্ষত ১৫০তম) দিন। বছৰ শেষ হ'বলৈ ২১৬ দিন বাকী থাকে।

১/ ১৩২৮ চনত পঞ্চম ফিলিপে ফ্ৰান্সৰ ৰাজমুকুট গ্ৰহণ কৰে।

২/ ১৪৫৩ চনত কনষ্টাণ্টিনোপল বিজয়: ছুলতান দ্বিতীয় মুহাম্মদৰ নেতৃত্বত উছমানী সেনাই ৫৩ দিন অবৰোধৰ পাছত বাইজেণ্টাইন ৰাজধানী কনষ্টাণ্টিনোপল জয় কৰে আৰু বাইজেণ্টাইন সাম্ৰাজ্যৰ সমাপ্তি ঘটে।

৩/ ১৭২৭ চনত দ্বিতীয় পিটাৰ ৰাছিয়াৰ ৰজা হয়।

৪/ ১৯৫৩ চনত টেনজিং নৰ্গে আৰু এণ্ডমান হিলাৰীয়ে যৌথভাবে পৃথিৱীৰ সৰ্বোচ্চ শৃঙ্গ মাউণ্ট এভাৰেষ্ট জয় কৰে। দুয়োজনৰ ভিতৰত তেনজিং নৰগে প্ৰথমে শৃঙ্গত উঠিছিল।

৫/১৯৬৮ চনতমানচেষ্টাৰ ইউনাইটেড ফুটবল ক্লাবে ইউৰোপীয়ান কাপ জয় কৰে।

৬/১৬৩০ চনত ইংলেণ্ড, স্কটলেণ্ড আৰু আয়াৰলেণ্ডৰ ৰজা দ্বিতীয় চাৰ্লচৰ জন্ম। (মৃত্য়ুঃ ১৬৮৫)

৭/ ১৮৬৩ চনত  ইংৰাজ ক্ৰিকেট খেলুৱৈ আৰ্থাৰ মোল্ডৰ জন্ম।

৮/১৮৬৮ চনত সৰ্বশেষ উছমানীয় খলিফা দ্বিতীয় আব্দুল মজিদৰ জন্ম।

৯/১৯১৬ চনত সাহিত্যিক আৰু সাহিত্য সমালোচক তথা এগৰাকী চৰকাৰী প্ৰশাসনিক বিষয়া অতুল চন্দ্ৰ বৰুৱাৰ জন্ম হয় । তেখেতে ১৯৭৯ চনত শুৱালকুছিত অনুষ্ঠিত হোৱা ৪৬তম অসম সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশনৰ সভাপতি হিচাপে কাৰ্যনিবাহ কৰিছিল। (মৃত্যু: ২০০১)

১০/ ১৯১৭  চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৩৫তম ৰাষ্ট্ৰপতি জন এফ. কেনেডিৰ জন্ম।

১১/ ১৯২৯ চনত বাংলাদেশী প্ৰকৃতিবিদ দ্বিজেন শৰ্মাৰ জন্ম।

১২/ ১৯৪১ চনত বাংলাদেশী কবি, সাহিত্যক, সম্পাদক আৰু মুক্তিযোদ্ধা অৰুণাভ সৰকাৰৰ জন্ম।(মৃত্যু ২০১৪চন)

১৩/ ১৮২৯ চনত ইংৰাজ আৱিষ্কাৰক আৰু প্ৰখ্যাত ৰসায়নবিদ, ডেভি চাকি (কাৰ্বন আৰ্ক লেম্প), কেলছিয়াম আৰু পটেছিয়ামৰ আৱিষ্কাৰক ছাৰ হামফ্ৰে ডেভিৰ মৃত্যু ।

১৪/ ১৯৭১ চনত  ভাৰতীয় থিয়েটাৰ আৰু বোলছবিৰ অভিনেতা, ভাৰতীয় গণনাট্য সংঘৰ প্ৰতিষ্ঠাতা পৃথ্বীৰাজ কাপুৰৰ মৃত্যু। (জন্মঃ ০৩/১১/১৯০১)

১৫/১৯৭৭ চনত বঙালী ভাষাতাত্ত্বিক পণ্ডিত, সাহিত্যিক আৰু শিক্ষাবিদ সুনীতিকুমাৰ চট্টোপাধ্যায়ৰ মৃত্যু।

১৬/ ১৯৭৯ কানাডীয়-আমেৰিকান চলচ্চিত্ৰ অভিনেত্ৰী আৰু প্ৰযোজক মেৰী পিকফোৰ্ডৰ মৃত্যু। (জন্ম: ১৮৯২ চন)

১৭/২০০৪ একুশে পদক বিজয়ী বাংলাদেশী সঙ্গীতশিল্পী আঞ্জু মান আৰা বেগমৰ মৃত্যু (জন্ম: ১৯৪২ চন)

১৮/ মূলগাভৰু দিৱস।

১৯/ আৰ্জেণ্টিনাৰ সেনাবাহিনী দিৱস

২০/আন্তৰ্জাতিক জাতিসংঘৰ শান্তিৰক্ষী দিৱস 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)