"কোনোবাই ফোন কৰিছিল নেকি?" মানুহজনে উৎকণ্ঠিত হৈ সুধিলে।
"নাই কৰা।" মানুহগৰাকীয়ে উত্তৰ দিলে।
আগদিনা সামাজিক মাধ্যমত অ' পজিটিভ প্লাজমা বিচাৰি দিয়া আৱেদনৰ উত্তৰ পাব বুলি বৰ আশা কৰিছিল পৰিয়ালটোৱে।
এনেতে হঠাৎ ভাইব্ৰেচনত থকা ম'বাইল ফোনটোৰ পৰ্দাত জিলিকি উঠিল এটা নম্বৰ।
"হয়..আমিয়েই আৱেদন জনাইছিলোঁ। আপুনি...।" মানুহগৰাকীৰ মুখ মণ্ডলত ফুটি উঠিল এক আশাৰ বতৰা।
✍ অৰুণিমা ভট্টাচাৰ্য্য ।
বৰপেটা।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ