প্ৰেমৰ দলিচাত হাতে-হাত ধৰি সপোন ৰচা মোৰ আজিও মনত পৰে।
সময়ৰ সোঁতত পৰি হয়তো তুমি পাহৰিছা
হেঁপাহৰ ঘৰ সজাৰ সোণালী সপোনবোৰ
সোণোৱালী সপোনজাকে আজিও ৰিঙিয়াই মাতে তোমাক হৃদয়ৰ কাৰেঙলৈ
হৃদয়ৰ গভীৰতাত তোমাক মনে বিচাৰি পাই নিৰৱে
এতিয়াও ৰৈ আছোঁ অধীৰ আগ্ৰহেৰে
আহিবা জানো মোৰ উকা জীৱনলৈ ৰঙ সিঁচিবলৈ
মৰমৰ অনুৰাধা!
বাট চাই ৰম তোমালৈ হেঁপাহেৰে
অনাদি যুগৰ অনন্ত প্ৰহৰীৰ দৰে।।
✍️দীপ্তি কুমাৰ
পদ্মাঝাৰ(দৰং)
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ