২৭মে' - আজিৰ দিনটোৰ বিশেষত্ব


২৭ মে' (ইংৰাজী: 27 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৪৭তম (অধিবৰ্ষত ১৪৮তম) দিন। বছৰ শেষ হ'বলৈ ২১৮ দিন বাকী থাকে।

১/ ১৯১৯ চনত জালিয়ানাৱালাবাগৰ ঘৃণ্য আৰু বৰ্বৰোচিত হত্যাকাণ্ডৰ( ১৯১৯ চনৰ ১৩ এপ্ৰিল) প্ৰতিবাদ জনাই ৰবীন্দ্ৰনাথ ঠাকুৰে ব্ৰিটিছ চৰকাৰে প্ৰদান কৰা "নাইট" উপাধি ত্যাগ কৰে আৰু বৰলাট লৰ্ড চেমচ ফোৰ্ডক চিঠি দিয়ে।

২/ ১৯৫২ চনত ইউৰোপীয়ান প্ৰতিৰক্ষা গোষ্ঠী গঠিত হয়।

৩/ ১৩৩২ চনত উত্তৰ আফ্ৰিকাৰ এজন দাৰ্শনিক, আধুনিক সমাজবিজ্ঞান, ভূগোল, বুৰঞ্জী আৰু অৰ্থনীতি বিজ্ঞানৰ অন্যতম পণ্ডিত ইবন খালদুনৰ জন্ম।

৪/ ১৮৫২ চনত পেশাদাৰী ইংৰাজ ক্ৰিকেটাৰ বিলি বাৰ্নছৰ জন্ম।

৫/১৯১০ চনত নোবেল বঁটা বিজয়ী জাৰ্মান জীৱ বিজ্ঞানী, যক্ষ্মা, কলেৰা আৰু এনথ্ৰাক্স বেক্টেৰিয়াৰ আৱিষ্কাৰক ৰবাৰ্ট কখৰ মৃত্যু।

৬/ ১৯৬৪ চনত ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ মৃত্যু।

৭/ মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ গুৰুজনাৰ আৱিৰ্ভাৱ তিথি।

৮/ ১৯০১ চনত অসমৰ প্ৰথম মহাবিদ্যালয় কটন কলেজ স্থাপিত।

৯/ ১৯৮৯ চনত ব্ৰহ্মদেশৰ নতুন নাম ম্যানমাৰ।

১০/ ১৮৯৫ চনত ব্ৰিটিছ বাৰ্ট এক্ৰেছৰ ফিল্ম কেমেৰা-প্ৰজেক্টৰ আৱিস্কাৰ।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send