স্বীকাৰুক্তি-কবিতা~সৌৰভ কুমাৰ বৰুৱা

©Admin
0
বাহিৰত বিশাল সাম্ৰাজ্যৰে  
ৰাজপ্ৰসাদত মোৰ  
ঐশ্বৰ্য্য বিভূতি আৰু ভোগ বিলাসৰ 
এক অভিনৱ ৰঙীন বাগিচা ।
 
মোৰ দূর্গৰ চাৰিওকাষে 
সুগভীৰ দ' খাৱৈত 
জাক জাক কুম্ভীৰৰ গর্জন । 

ওখ প্ৰাচীৰৰ তলে ওপৰে 
অগণন সৈনিক আৰু বৰটোপৰ 
বহু তৰপীয়া নিৰাপত্তাৰ বেহু ।

 দূৰৈৰ শত্ৰু দূৰৈতে বিদূৰ কৰি 
শান্তিৰ নিজৰাত সিঁচিলো
ভৌতিক কামনা-বাসনাৰ  
সাতোৰঙী  ফাকু । 

অজাতশত্ৰু হৈ স্বৰ্ণখচিত 
পালেঙৰ মখমলীয়া উম লৈ 
পত্নীৰ গৰ্ভত আঁকিলো উত্তৰসুৰীৰ 
এখন হেঁপাহৰ কেনভাচ ।  

অমৰ স্মৃতিসৌধত খোদিলোঁ 
তথাকথিত মোৰ দুৰ্বাৰ পত্নীপ্ৰেমৰ 
অক্ষয় ভৌতিক স্বাক্ষৰ ।
  
যিদিনা সপোন ভাঙিল 
মোৰ সুখ সম্ভোগৰ সুউচ্চ পৰ্বত  
তাচপাতৰ দৰে খহি পৰিল ।

দুৱাৰহীন এটি ক্ষুদ্ৰ কোঠৰীত 
নিজকে আৱিষ্কাৰ কৰিলোঁ 
আমৃত্যু বন্দীত্বৰ ৰূপত ।  

বিয়লি বেলাত 
অনুভৱৰ এছাটি মলয়াই 
কাণে কাণে কৈ গ'ল- 
'ভোগ সৰ্বস্বৰ ঔৰসত 
মানুহৰ জন্ম নহয় ।' 

এতিয়া মাথোঁ মই 
আল্লাৰ সন্ধানত তিলতিলকৈ 
মৃত্যুৰ বাবে অপেক্ষাৰত । 
 
‌মই মোগল সম্ৰাট ছাহজাহানে কৈছো 
ভোগ সৰ্বস্ব জীৱন লৈ 
তোমালোকে আৰু মোৰ দৰে 
কোনো  ঔৰংজেৱৰ 
‌জন্ম নিদিবা, জন্ম নিদিবা ।

✍️সৌৰভ কুমাৰ বৰুৱা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)