কেতিয়াও ভবা নাছিলোঁ
কষ্টৰ প্ৰতিদান
এনেদৰে দিবি বুলি
কত সপোনৰ
নৌকা সাজিছিল !!
আমাৰ ল'ৰাই চাকৰি কৰিব !
ভনীয়েকৰ বিয়া
ধুম্-ধামেৰে পাতিব
কিন্তু সেই নৌকাৰ লক্ষ্য
অজানিতে ক'ৰবাত হেৰাই গ'ল
ইমান অভিমানী আছিলি নে ?
নে এয়া খং , ৰাগ ?
যি মাতৃয়ে দহ মাহ দহ দিন
তোক গৰ্ভত ৰাখি ,
যি পিতৃয়ে দিন-হাজিৰা
কৰিও তোৰ সুখ-দুখত
হাঁহিছিল , কান্দিছিল
সেয়াও তোৰ সহ্য নহ'ল ৷
ছিঃ ! কি প্ৰতিদান দিলি ?
বিশ্বাসঘাটকতা আৰু প্রবঞ্চনা ?
নিজৰ মুক্তি কাম্য কৰি
আনৰ সুখত হেঙাৰ হ'লি ?
কিয় কৰিলি এনেকুৱা ?
সকলোৰে জীৱনত
এক ৰহস্যময় অধ্যায়
হৈ ৰৈ গ'লি
জোনবাইৰ দেশলৈ গুচি গৈ
আনৰ জীৱনৰ জোনবাই
কাঢ়ি নিলি
সকলোকে তই
জীয়াই জীয়াই মাৰিলি
শেষ হৈ গ'ল সকলো
মৰহি গ'ল সেই স্বপ্ন !
✍🏻মিনাক্ষী বৰ্মন
ৰাজনীতি বিজ্ঞান বিভাগ,
নলবাৰী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ