হেৰৌ মুখা পিন্ধা অসমীয়া
স্বাভিমানী অস্তিত্ব নুবুজিলি!
জাতিৰ প্ৰেম কি?
জীয়াই থকাৰ কামনা-বাসনা।
দুৰ্নীতি, ভ্ৰষ্টাচাৰিক সদাগৰ সজালি,
কিয় এনে অতপালি।।
জলাঞ্জলি দিলি সকলো আজি
নিজেই নাজানে নিজৰ সংস্কৃতি,
এনে অসমীয়া জাতি।
আজি বিদেশী বণিকৰ হাতত দাসত্বধাৰী।।
কাহিনীও ভবা নাছিলোঁ
নিজৰ জনক আদৰি নল'ব বুলি,
সমাজ কিয় এনে অধগতি।
প্ৰতিবাদী কণ্ঠৰ শ্বাস-ৰুদ্ধ কণমানি হত্যাৰ
কেঁচা তেজৰ মূল্য দিব নোৱাৰিলি।
হেৰৌ মুখা পিন্ধা অসমীয়া!
সেইবাবেই তহঁতৰ এই দুৰ্গতি।।
আবেগৰ লগত হেতালি খেলিলি
বুজিবি তহঁতে এদিন,
ইয়াৰ পৰিনাম হ'ব অতি ভয়ংকৰী।।
✍️চিন্ময় ডেকা, টংলা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ