"বৌ আজি ভাত ৰন্ধা নাই?" ঘৰৰ কাষৰে বৌৱেক ৰুণুমীক পিৰালিত আমন-জিমনকৈ বহি থকা দেখি নম্ৰতাই সুধিলে।
"আজি চাউলেই নাই ৰ'বা।" সেমেনা-সেমেনিকৈ বৌৱেকে উত্তৰ দিলে।
নম্ৰতাই হুমুনিয়াহ কাঢ়িলে। তিনি বছৰ আগতে স্বামীহাৰা হোৱা বৌৱেককতো নম্ৰতাৰ দেউতাকে গোটেই পাকঘৰটোৱে গতাই দিছিল। বৌৱেকৰ গাখীৰতে ম'হৰ খুঁটি যেন হৈছিল।নম্ৰতাহঁতৰ বাকীৰ বহীখন অস্বাভাৱিকভাৱে দীঘলীয়া হৈ আহিছিল। অৱশেষত ৰুণুমীৰ সান্দহ খোৱা বালিকণৰ মুদা মৰিছিল। এই কথাবোৰ ভাবি ভাবিয়ে নম্ৰতাই বৌৱেকৰ হাতত চাউল এটোপোলা তুলি দিলে। বৌৱেকৰ চকুত দেখা পালে অনুতাপৰ চকুলো।
অংশুমান ভূঞা