প্ৰত্যাহ্বানৰ পৰা নিজকে কিদৰে নিৰাপদে ৰাখিব পাৰি-মাণিক পাল

©Admin
0
“ আচলতে দিন বা ৰাতিৰ হিচাপেই আচল হিচাপ । জীৱনৰ ৰুটিনৰ হেঁচাৰ কাৰণে যদি বিষন্নতা অনুভৱ কৰিব লাগে তেনেহ’লে প্ৰতি দিনৰ বেলি ডুবাৰ সময়তেই সেই বিষন্নতা অনুভৱ কৰিব লাগে । কি কৰিলোঁ দিনটোত ? কৰিলোঁ নে কিবা কামৰ কাম ? তেতিয়া বছৰৰো হিচাপ ওলায় । নিজৰে এখন কেলেণ্ডাৰ প্ৰস্তুত হয় আৰু কি ঠিক সেই কেলেণ্ডাৰেহে ওভোতাই , জীৱনক মহৎ কৰিব পাৰে ” - ড° ভবেন্দ্ৰনাথ শইকীয়া ।
           জীৱনটো হ’ল প্ৰত্যাহ্বানৰ শৃংখলা , যিবোৰ আমাৰ জীৱনত বিভিন্ন সময়ত বিভিন্ন ৰূপ লৈ আহে । যিবোৰে আমাৰ ধৈৰ্য , আত্মবিশ্বাস আৰু বিশ্বাসৰ পৰীক্ষা কৰে । প্ৰত্যাহ্বান হ’ল মানৱ জীৱনৰ এক অপৰিহাৰ্য্য অংগ । সেইবাবেই হয়তো “জৰ্জ বাৰ্ণাড শ ” য়ে কৈছিল - “ জীৱনটো নিজকে বিচৰা নহয় , জীৱনটো হ’ল নিজকে সৃষ্টি কৰা ।” বুৰঞ্জীয়ে দেখুৱাইছে যে প্ৰায়বোৰ প্ৰসিদ্ধ সফল ব্যক্তিয়ে সাধাৰণতে জয়লাভৰ আগতে অতি বিপদজনক বাধা আৰু প্ৰত্যাহ্বাৰ সন্মুখীন হৈছিল । তেওঁলোক জয়লাভ কৰিছিল এই কাৰণেই যে পৰাজয়ে তেওঁলোকক নিৰাশ কৰিব পৰা নাছিল । আমি কেনে ধৰণেৰে আমাৰ জীৱনৰ প্ৰত্যাহ্বানবোৰৰ সন্মুখীন হৈছোঁ , তাৰ ওপৰতে নিৰ্ভৰ কৰিব আমাৰ জীৱনৰ সফলতা আৰু বিফলতা । প্ৰত্যাহ্বান নাথাকিলে জীৱনত একো সু-ফল পোৱা নাযায় । জীৱনৰ প্ৰত্যাহ্বানত কিছু লোক অসন্তুষ্ট হৈ নিৰাশাৰ বশবৰ্তী হয় কিন্তু সফল ব্যক্তি কেতিয়াও জীৱনৰ প্ৰত্যাহ্বানৰ বাবে নিৰাশ নহয় । সেইবাবেই হয়তো কোৱা হয় যে - “ শান্ত সাগৰে দক্ষ নাৱিকৰ জন্ম নিদিয়ে । ” মানৱ জীৱনো ঠিক একে প্ৰত্যাহ্বান নথকা জীৱনে কেতিয়াও সফল ব্যক্তিৰ সৃষ্টি কৰিব নোৱাৰে । বিফলতা আৰু প্ৰত্যাহ্বান হ’ল সফলতাৰ ৰাজপথ । টম ৱাটছনে কৈছিল - “ আপুনি যদি সফল হ’ব খোজে , বিফলতাৰ হাৰ দুগুণ বৃদ্ধি কৰক ।” 
               গোলাপ ফুলৰ সৌন্দৰ্য আৰু সুবাস উপভোগ কৰিবলৈ হ’লে আমি প্ৰথমে গোলাপৰ কাঁইটৰ সন্মুখীন হ’ব লাগিব । জীৱনটোও ঠিক একে জীৱনৰ ৰস পান কৰিবলৈ হ’লে আমি জীৱনৰ বিষ স্বৰূপ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লাগিব । জীৱনৰ বিভিন্ন প্ৰত্যাহ্বানৰ পৰা নিজকে ৰক্ষা কৰি সফলতাৰে আগবাঢ়ি যাবলৈ হ’লে আমি কিছুমান নীতি-আদৰ্শ মানি চলিব লাগিব  । সেই আদৰ্শবোৰ হ’ল – 
ক) পৰিকল্পনা বা আঁচনি প্ৰস্তুত কৰা :: জীৱন বাটত লগ পাই থকা বিভিন্ন প্ৰত্যাহ্বানৰ ডেওনা পাৰ কৰি সফলতাৰে আগবাঢ়ি যাবলৈ হ’লে আমি কিছুমান পৰিকল্পনা বা আঁচনি প্ৰস্তুত কৰি আগবাঢ়ি যাব লাগিব । কাৰণ সঠিক পৰিকল্পনা বা আঁচনিয়ে আত্মবিশ্বাস গঢ় দিয়ে । এটা পূৰ্ণ মানসিক আৰু শাৰীৰিক প্ৰস্তুতি মূলত আত্মত্যাগ আৰু আত্মসংযমৰ ফল । যিকোনো ক্ষেত্ৰত সাফল্য লাভ কৰিবলৈ হ’লে পৰিকল্পনা বা আঁচনিৰ প্ৰয়োজন । পৰিকল্পনাই আমাৰ আগত এক নিৰ্দিষ্ট লক্ষ্য স্থিৰ কৰি দিয়ে । সেইবাবেই হয়তো “এন্টনি ডি ছেইন্টে” কৈছিল - “ পৰিকল্পনা বিহীন লক্ষ্য এটা সপোনহে ।”
খ) উচ্চ চিন্তা :: উচ্চ চিন্তাই জীৱন বাটৰ সকলো প্ৰত্যাহ্বানক দূৰ কৰি জীৱনত সফল হৈ আগবাঢ়ি যাবলৈ সহায় কৰে । জাতীৰ পিতা মহাত্মা গান্ধীয়ে কৈছিল “ Simple living high thinking ” । উচ্চ চিন্তাই দৃঢ়মনোভাৱ গঢ়ে , দায়িত্ব গ্ৰহণৰ প্ৰতি আগ্ৰহী কৰে , আশাবাদী মনোভাৱ গঢ়ি তোলে , ভাল সম্পৰ্ক আৰু মধুৰ জীৱনৰ সম্ভাৱনা আনে , ব্যক্তিক আনৰ যত্ন লোৱাৰ প্ৰতি আগ্ৰহী কৰে , ব্যক্তিক নতুন সুযোগ আৰু প্ৰত্যাহ্বানৰ প্ৰতি আগ্ৰহী কৰে । 
গ) ইতিবাচক মনোভাব :: সাফল্যৰ আধাৰ হ’ল মনোভাব । ইতিবাচক মনোভাবে ব্যক্তি এজনক সকলো ধৰণৰ প্ৰত্যাহ্বানৰ প্ৰতি যুজিবলৈ শক্তি দিয়ে । এ পি জে আব্দুল কালামে কৈছিল –“ Without positive attitude success is called luck. With positive attitude success is called achievement. ” ইতিবাচক মনোভাবেৰে পুষ্টিত ব্যক্তিসকলৰ আত্মবিশ্বাস , ধৈৰ্য আৰু নম্ৰতা আছে  । তেওঁৰ নিজৰ বা আনৰ প্ৰতি এটা উচ্চ ধাৰণা থাকে । ইতিবাচক মনোভাবৰ লগত কম্পিউটাৰ পৰিভাষাৰ GIGO ধাৰণাটো খাপ খায় । GIGO ৰ অৰ্থ হ’ল garbage in garbage out অৰ্থাৎ জাবৰ সোমালে জাবৰ ওলাব । একেদৰে আমি ক’ব পাৰোঁ – 
* ইতিবাচক ওলালে ইতিবাচক সোমাব ।
* ভাল সোমালে ভাল ওলাব ।
* নেতিবাচক সোমালে নেতিবাচক ওলাব ।

ঘ) নিৰাশ নোহোৱা :: জীৱন বাটৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আগবাঢ়ি যাবলৈ হ’লে আমি কেতিয়াও নিৰাশ হ’ব নালাগিব । পিয়েৰ টেলহাৰ্ডৰ মতে “ পৰিস্থিতি যিমানেই ভয়লগা নহওক , দৃঢ়তা আৰু আত্মবিশ্বাস থাকিলে জয়লাভ সুনিশ্চিত ।” নিৰাশাই আমাৰ মন মগজুত ভয় আৰু সংশয়ৰ এক নেতিবাচক চিন্তাক ঘৰ কৰায় । তিক্ততা হ’ল নিৰাশা আৰু হতাশাৰ ফল । তিক্ততাই আমাৰ শুভ কাম কৰিব পৰা কৰ্মক্ষমতা বিনষ্ট কৰে । নিৰাশাক দূৰ কৰি প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ তলত দিয়া কামবোৰ কৰিব লাগে –
* সুখী হ’বলৈ সংকল্প গ্ৰহণ কৰিব লাগিব । *নিজৰ মন নিজে নিৰূপণ কৰিব লাগিব । * প্ৰতিজন ব্যক্তিৰ মাজত থকা ইতিবাচক খিনি গ্ৰহণ কৰিব লাগিব । * সৰু সৰু বস্তুৰ মাজত আনন্দ বিচাৰিব লাগিব । * নিজকে গঠনমূলক কামত লিপ্ত ৰাখিব লাগিব । * চিন্তা নকৰি সমস্যা সমাধানৰ প্ৰতি গুৰুত্ব দিব লাগিব ।
ঙ) ধৈৰ্য :: ব্ৰায়ান আডামচৰ মতে “ ধৈৰ্য্যই সৃষ্টি কৰে আত্মবিশ্বাস , সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা আৰু এটা যুক্তিসংগত দৃষ্টিভংগী , যি শেষত সফলতা আনে ।” গতিকে ধৈৰ্য্য অবিহনে আমি আমাৰ জীৱনৰ প্ৰত্যাহ্বানবোৰক সফলতাৰে সন্মুখীন হ’ব নোৱাৰিম ।

চ) ইচ্ছাশক্তি :: মেকিয়াভেলে কৈছিল - “ ইচ্ছাশক্তি প্ৰৱল হ’লে জটিলতাই কোনো ধৰণৰ প্ৰতিবন্ধকতা সৃষ্টি কৰিব নোৱাৰে । ” সকলো সাফল্যৰ প্ৰথম পদক্ষেপ এক প্ৰৱল ইচ্ছা । যেনেদৰে সৰু জুই একুৰাই বিশেষ তাপ উৎপন্ন কৰিব নোৱাৰে , তেনেদৰে এটা দুৰ্বল ইচ্ছাই বিশেষ ফলাফল উৎপন্ন কৰিব নোৱাৰে । সাফল্যৰ প্ৰতি আগ্ৰহটো আহে জীৱনৰ এটা লক্ষ্যত উপনীত হোৱাৰ প্ৰৱল ইচ্ছাৰ পৰা । নেপ’লিয়ন হিলে লিখিছিল - “ মানুহৰ মনটোৱে যিটো ধাৰণা কৰি লয় , মনটোৱে সেইটো সফলো কৰে । ”
ছ) লক্ষ্য স্থিৰ কৰা :: লিটনৰ মতে , “ তোমাৰ লক্ষ্য স্থান ক’ত , সেইটো যদি ঠিক কৰিব নোৱাৰা তেন্তে , কোন পথে খোজ দিবা কেনেকৈ জানিবা । তোমাৰ লক্ষ্যই তোমাৰ পথ নিৰ্ধাৰণ কৰিব ।” জ্ঞানে আপোনাৰ লক্ষ্যত উপনীত হ’বলৈ সহায় কৰে যদিহে আপুনি জানে আপোনাৰ লক্ষ্যটো কি ? লক্ষ্যক SMART শব্দটোৰে বুজাব পৰা যায় – S – specific বা সুস্পষ্টতা , M- measurable বা পৰিমাপতা , A – achievable বা সুসম্পন্ন কৰিব পৰা , R- realistic বা বাস্তৱবাদী , T – time bound বা সময় নিৰূপিত । গতিকে দেখা গ’ল যে জীৱন বাটৰ বিভিন্ন প্ৰত্যাহ্বানৰ কাঁইটবোৰ আঁতৰাই আগবাঢ়ি যাবলৈ হ’লে নিৰ্দিষ্ট এটা লক্ষ্য স্থিৰ কৰি ল’ব লাগিব ।
              নিজকে প্ৰত্যাহ্বানৰ বাবে প্ৰস্তুত কৰি তোলাৰ আটাইতকৈ ডাঙৰ উপায় হ’ল নিজকে প্ৰশ্ন কৰা । কাৰণ আমি যেতিয়া নিজকে প্ৰশ্ন কৰিম তেতিয়া আমাৰ মগজুৱে চিন্তা কৰি উত্তৰ দিবলৈ বাধ্য হ’ব ।যিটোৱে বিভিন্ন প্ৰত্যাহ্বানৰ সম্মুখীন হ’বলৈ আমাক উৎসাহ দিব । কিন্তু এই ক্ষেত্ৰত লক্ষ্য ৰাখিব লাগিব যে প্ৰশ্নবোৰ যেন ইতিবাচক হয় , নেতিবাচক নহয় । 
                কিছুমান নেতিবাচক প্ৰশ্ন হ’ল – 
• এইটো কিয় মোৰ জীৱনত হ’ল ?
• কিয় এইজন ব্যক্তিয়ে মোৰ লগত এনে কৰিলে ? 
এইবোৰ প্ৰশ্নই কিন্তু আমাৰ জীৱনত আৰু বেছি সমস্যাৰ হে সৃষ্টি কৰিব , সমাধান নকৰে ।
             কিছুমান ইতিবাচক প্ৰশ্ন হ’ল –
• এই প্ৰত্যাহ্বানৰ পৰা মই কি শিকিব পাৰিলোঁ ?
• ইয়াৰ ভাল দিশবোৰ কি কি ?
• ইয়াৰ পৰা মই কি লাভ কৰিলোঁ ? 
• এই প্ৰত্যাহ্বানক মই কিদৰে সন্মুখীন কৰিম ? 
                         গতিকে দেখা গ’ল যে প্ৰত্যাহ্বান যিমান ডাঙৰ হওক কিয় ই জীৱন বাটৰ স্থায়ী হেঙাৰ হ’ব নোৱাৰে । কেৱল দায়িত্ব গ্ৰহণ , অভিযোগ কৰা বন্ধ কৰা আৰু বাস্তৱধৰ্মী চিন্তাৰ প্ৰতি অধিক গুৰুত্ব দিব লাগিব । শেষত প্ৰখ্যাত দাৰ্শনিক হেনৰি ডেভিদ থৰোৰ মতে , “ মানুহৰ জন্ম হয় সফল হ’বলৈকে , ব্যৰ্থ হ’বলৈ নহয় । আত্ম বিশ্বাসেই মানুহৰ জীৱনৰ সাফল্যৰ প্ৰথমটো সপোন । ”

মাণিক পাল ✍️
গাঁও: শিমলীতোলা
জিলা: গোৱালপাৰা
ম’বাইল নং :: ৮৬৩৮৯৪৭২৯২

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)