গুৱাহাটীত এটা ইণ্টাৰভিউ আছে , সুদীৰ্ঘ ২ বছৰৰ মূৰত গৈ আছোঁ গুৱাহাটীলৈ , বাছেৰে। স্বাভাৱিকতে মই বাছ যাত্ৰা ভাল পাওঁ। শিৱসাগৰ ASTC ত বাছ আহি ৰৈছে , টিংখংৰ বাছ 'ৰত্নগিৰী' । বাছৰ কেবিনত মৃদু স্বৰত বাজি আছে
'Ek din bik jayega mati ke mol, jag main reh jayenge pyare teri bol' ৰাজ কাপুৰৰ চিনেমা ধৰম-কৰমৰ গীত কিশোৰদাৰ কণ্ঠত । ভাল লাগিল গ'ল পৰিৱেশটো । হঠাৎ মোৰ ৩ নম্বৰ ছিংগল চিটটোৰ পৰা কেবিনত শুনিবলৈ পালোঁ ড্ৰাইভাৰৰ লগত এজন যাত্ৰীৰ কথা-বাৰ্তা , শোকত ম্ৰিয়মান যাত্ৰীজনৰ থুকা-থুকি মাতেৰে ড্ৰাইভাৰলৈ প্ৰশ্ন "নগাঁও" কেই বজাত পোৱাবগৈ ? ড্ৰাইভাৰৰ বিৰক্তিযুক্ত উত্তৰ ৰাতি ২টাত । অলপ কাণ দি গম পালোঁ যে যাত্ৰীজনৰ নগাঁৱত থকা পিতৃৰ গুৰুতৰ অসুখ আবেলিৰ পৰা , সেয়ে তেওঁ খৰ-খেদাকৈ প্ৰথমখন বাছ লৈছে যাতে সোনকালে ঘৰ পাবগৈ পাৰে । যথা সময়ত তেওঁ আহি বহিল মোৰ পিছৰ ৪ নম্বৰ ছিটত । বাছ চলিল । যোৰহাট Bypass পাৰ হৈ গোলাঘাট সোমাইছোঁ হঠাতে তেওঁৰ মোবাইলটো বাজি উঠিল , ততাতৈয়াকৈ ফোন তুলি লৈ উত্তৰ দিলে- 'হেল্ল' । আন একো শব্দ মই নুশুনিলোঁ । কিছু সময় মৌনতাৰ পিছত শুনিলোঁ তেওঁৰ কান্দোন । কেইবাবাৰো তেওঁ কান্দোন ৰখাবলৈ চেষ্টা কৰি ব্যৰ্থ হ'ল । মোৰ বুজিবলৈ বাকী নাথাকিল । মাথোঁ কাণত বাজি ৰ'ল 'Ek din bik jayega mati ke mol, jag main reh jayenge pyare teri bol'
(সম্পূৰ্ণ বাস্তৱ অভিজ্ঞতা)
✍️শ্ৰী অভিজিত শেনচোৱা
Dhunia likhoni😍
ReplyDelete