অচিনাকী বাটটোৰে অহা- যোৱা কৰোতে-কবিতা~ দেৱশ্ৰী ওজা বৰা

©Admin
0
অচিনাকী বাটটােৰো অহা যোৱা কৰোতে
এদিন মই তোমাক লগ পাইছিলোঁ ৷
কাৰ বাবে তুমি ৰৈছিলা ,
দূৰৈৰ সেই কেকুঁৰিটোত মই জনা নাছিলোঁ ৷
লাহে লাহে তোমাৰ অনুভৱবোৰে মোক 
বাৰুকৈয়ে আমনি কৰিব ধৰিলে ,
দিনৰ পিছত মাহ বাগৰিবলৈ ধৰিলে ,
এতিয়া তোমাক লগ কৰাটো ,
মোৰ যেন নিত্য কাৰ্য হৈ পৰিল ,
কোনোবা এদিনো যদি তোমাক লগ নাপাওঁ,
মোৰ বুকুখনে বৰকৈ কান্দিব ধৰিলে জানা ,
তথাপিও অপেক্ষা মোৰ মাথো ,
মই তোমাৰ হোৱাৰ , 
তোমাৰ পিছে মোলৈ ,
হেঁপাহবোৰ কিমান মই বুজি পোৱা নাছিলো ৷
হঠাৎ ক’ৰবাৰ পৰা অহা অচিন ৰোগে,
পৃথিৱীত বহুত প্ৰাণ কাঢ়ি নিলে ,
আজি যে মই সেই কেকুঁৰিটোলৈ গৈছিলোঁ,
মই গমেই পোৱা নাছিলোঁ ,
ভগৱানে তোমাকো সেই অচিন ৰোগটো দি,
দুদিনতে আমাৰ মাজৰ পৰা লৈ গ’ল জানা ৷
এতিয়া মই বৃভ্ৰান্তিত ,
মৰ্মাহত মই বলীয়া হ’ম কিজানি ,
তুমিযে কাষত নাই ,
ভগৱানে কিহৰ পৰীক্ষা ল’লে ,
মোক যে তোমাৰ পৰা একেবাৰে কাঢ়ি নিলে ৷

🖋️দেৱশ্ৰী ওজা বৰা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)