কোনোবা খিনিত!
হেৰাই গৈছিলো শব্দবোৰৰ মাজতেই
বাঁহৰ দলং আছিল তাহানিতে
খোজ কাঢ়ি যাওঁতে ভয় ভয় লগা
সেই সময়বোৰ যেন দলং ভাগি পৰিব!
পৰিৱেশ বোৰ সলনি হ'ল,
আৰু মনবোৰো।
কি যে আছিল ন'
সেই দিনবোৰ,হাঁহি ধেমালিৰে খেলা ধুলা
এতিয়া হয়তো সেই আগৰ দিনবোৰ নাই
মানুহবোৰো সলনি হ'ল।
বাঁহৰ সলনি পকী ঘৰ হ'ল।
সেই আবেলিৰ দিনবোৰ হেৰাই গ'ল,
মানুহেও নোকোৱা হ'ল-
''ঐ ব'ল অলপ ডুবিটোৰ ফালে যাঁও''।
✍️উৎপল মৰাং
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ