প্ৰতিখিলা পৃষ্ঠাৰ ভাজত নিহিত হৈ থকা সুবাসে মনটোক লৈ যায় শৈশৱৰ সোণোৱালী দিনবোৰলৈ
নীলা চিয়াঁহীৰ সজীৱতাত প্ৰাণ পাই উঠে সপোনে
সোনোৱালী সপোনজাকত বিলীন হয় বিষাদে আৱৰা হৃদয়
স্মৃতিয়ে সোঁৱৰাই হাঁহি ধেমালিৰে পাৰ কৰা ৰঙীন মূহুৰ্তবোৰ
সপোনজাকে ৰিঙিয়াই মাতে সোণসেৰীয়া বাটলৈ
সপোনজাকৰ সৈতে ডায়েৰীৰ পৃষ্ঠাও শেষ হয়
সপোনে বাগৰ সলায় অন্য এক দিশলৈ
মাথোঁ ৰৈ যায় স্মৃতিৰ এখিলা পাত
✍️দীপ্তি কুমাৰ
পদ্মাঝাৰ (দৰং)
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ