অমাৱস্যা নিশা ফৰিং ফুটা জোনাক
পূৰ্ণিমা নিশা গভীৰ অন্ধকাৰ
চকা বন্ধত গাড়ী , মানুহৰ ভিৰত
বিৰ দি বাট নোপোৱা...!
কিন্তু চকা খোলা দিনা মানুহৰ...
সংখ্যা নিচেই কম,তাকৰ ,সেৰেঙা।
পৃথিৱীখন সচাই ওলোটা ঐ!
আজিকালি নোযোৱা ঠাইত মানুহৰ ভিৰ
কিন্তু যাব লগা ঠাইত মানুহ সেৰেঙা
কোনো সত্যত নাই ঐ!
কোনোৱা যদি সত্যত আছে,
তেতিয়া তাৰ সংখ্যা...
এপাচি শাকত এটা জালুকৰ দৰে ঐ!
ঘোচকোৰ সকলক পুলিছে কৰায়ত্ত কৰে
কিন্তু তেওঁলোকৰ মুক্তিৰ বাবে
আকৌ ঘোচ দিব লাগে।
পৃথিৱীখন বৰ জটিল ঐ!
✍️অনুজ বৰা, ঘিলামৰা (লখিমপুৰ), অসম
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ