ৰাতিটো পুৱাল কি নুপুৱাল
এক কম নব্বৈটা
গৌৰৱোজ্জ্বল জীৱনৰ
বৰ্ণিল ইতিহাসৰ
ইতিৰেখা পৰিল ।
মৃত্যু অপৰাজেয় জানি
ঠিৰাং কৈ কৈছিলা
মই কৃটিমভাবে
জীয়াই নাথাকিম ।
তুমি ইতিহাস হ'লা
তোমাৰ গুণমুগ্ধ
আজি অবাক,
নিস্তব্ধ ।
তোমাৰ অন্তিম সংস্কাৰ
তুমি ভবাৰ দৰে হ'ল
হে প্ৰবাদ পুৰুষ ।
জোন-তৰা ওলাব
বতাহ বলিব
ফুল ফুলিব
নিশা গৈ প্ৰভাত হ'ব
কিন্তু
কথাবাৰ্তাত তুমি নাথাকিবা ।
তাৰেই অনুসন্ধানতেই
তুমি মৃত্যু বৰিলা
যুগজয়ী প্ৰবাদ পুৰুষ
হে প্ৰিয়,
তোমাক প্ৰণাম ।
✍️হেমেন হাজৰিকা
মিৰ্জা
কামৰূপ অসম
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ