জীৱন এক পৰিক্ৰমা মাথোঁন-চিন্ময় ডেকা

জীৱনত নিজৰ মনৰ বহু কথা নিজস্ব জনক সৌহাৰ্দ্যপূর্ণ মনোভাৱৰ আন্তৰিকতাৰে প্ৰকাশ কৰিব নকৈ নোৱাৰি ৷ বুকুৰ ভিতৰত অদম্য অৱলোকন অনাহাৰে অগা-দেৱা কৰা অনুভৱ খিনিক শব্দৰ শিকলিৰে বন্দী কৰি জীৱনৰ কিছু কথা লিপিৱদ্ধ কৰাটো সচাঁকৈয়ে অন্য এক মাদকতা বিচাৰি পোৱা যেন লাগে। যাক সময়ৰ সন্ধিক্ষণত নিজস্ব জনক স্বতঃস্ফূৰ্ত ভাৱে বহিঃপ্রকাশ কৰা দেখা যায়। কিছুমান কথা দ’কৈ শিপাই মনৰ মাজৰ খিৰিকিৰ সিপাৰত শব্দবোৰে লহৰ তুলিব ধৰে আৰু জীৱনৰ গানবোৰ বাজি উঠে, গভীৰতাবোৰ পূৰ্ণতা পায় ৷ পাৰা-পাৰ ভাৱনাবোৰ একগোট কৰি নতুন চিন্তাৰে জীৱনটোক সজোৱাটো ডাঙৰ কথা নহয়! কিন্তু, একমাত্ৰ ভাৱনা বোৰে আগভেটি ধৰেহি জীৱনত! যেন হালি থকা গছত বাগী কুঠাৰৰ মৰাৰ দৰে, কেতিয়াবা আধ্যাত্মিকতাৰে জীৱনটোক বিচাৰ কৰিলে দেখা পাওঁ অজস্র অশ্ৰু নিগৰি অহা এটুকুৰা বিৰাট টোপালৰ শূণ্যতা অথচ বিচাৰি পোৱা যায় মাথোঁ হৃদয়ৰ আলসুৱা বেদনাৰ কেৱল মাত্ৰ গভীৰ বিষাদতা ৷
মানুহ কেনেকৈ চিনিব পাৰি ? মাজে মাজে ভাৱোঁ! অৱকাশ নাই অকনো মানৱীয়তা নিদৰ্শন অপৰাজেয় সাৰ্থকতাত। জীৱনত বহু পাওঁ বহু হেৰুৱাওঁ সময়ৰ সোঁতত। এইবোৰৰ সঠিক দৃষ্টান্তৰ বাবে মনত সংবেদনশীল অনুভূতি জগাই তুলি উত্তাল হয়, পছোৱা ধুমুহা জাকৰ দৰে। এনে কি আছে যে, ফটককৈ মানুহক চিনিব পৰা যাব। আজি মোৰ বিবেকহীন, এই কংকৃত সময়ত। সম্পৰ্কবিলাক ইমান পাতল কেনেকৈ হয় ? অতি আন্তৰিকতাৰে গঢ় লৈ উঠা সম্পৰ্ক এটা এইদৰে থান্-বান্ হোৱাৰ আৰঁত ইমানেই নিকৃষ্ট স্বাৰ্থ থাকেনে? ভাৱি আচৰিত লাগে। বন্ধুত্ব সুলভ আচৰণ তদ্ৰূপ হৃদয়ৰ আহ্বানো গৌণ হৈ পৰে। দুদিনীয়া এই জীৱনত কেইমুহূৰ্তমানৰ সুহানুভূতিৰ বাবেই কোনো এক নিৰ্দিষ্ট সু-সম্পৰ্ক চিৰ দিনৰ বাবে ঘুণে ধৰে। আজিকালি লগতে থাকি, লগতে বহি বেলেগলৈ মোবাইলত মেছেজ পঠাই ; হাই ! ধুনু কি খবৰ? মৰম এটি দিয়া_!
বিশ্বাসত ল'বই নোৱাৰি এই মানুহ বোৰক। ওচৰৰ মানুহে বেইমানী কৰে । দূৰৰ মানুহে জানো কেতিয়াবা বেইমানী কৰে ? ওহোঁ.. কেতিয়াওঁ নকৰে।  প্ৰেম-ভালপোৱা, আন্তৰিকতা, বন্ধুত্ব , পৰিয়াল সকলোতে ভাইৰাছৰ দৰে সোমাইছে বিশ্বাসঘাতকতাৰ মেৰুকেন্দ্ৰীক অসংখ্য বীজানুৰ বশৱৰ্তী হৈ মানুহ চিনা টান অথচ মানুহক বুজি পোৱাও টান; ঘৰৰে হওঁক বা অচীন দূৰণি কোনোৱেই হওঁক।
প্ৰতিজন মানুহৰ মন, এখন বহল অন্তৰৰ হৃদয়, আত্মা, ভাল বেয়া বিচাৰিব পৰা শক্তি  আছে ।তৎসত্বেও তেনে কৰাৰ কল্পনাৰ কথা মনলৈ  আহে বাৰু কেনেকৈ ? এই যে, মানুহ বিলাক ইমান নিষ্ঠুৰ ভাৱে নিজৰ ভালপোৱা, নিজৰ মাক-দেউতাক,  নিজৰ সন্তান বা নিজৰে দৰেই একে তেজ মঙহৰ মানুহৰ বাবে যে এইদৰে প্ৰতিশোধ পৰায়ণ হৈ উঠে পাছলৈ বাৰু তেওঁলোকৰ মনলৈ সেই কথাবিলাকে আঘাত দিব বুলি এবাৰো কিয় কল্পনা নকৰে জীৱনটোত। সেয়ে সকলো জীৱশ্ৰেষ্ঠ মুখাপিন্ধা মানুহবোৰ স্বাৰ্থপৰ।
জীৱশ্ৰেষ্ঠ প্ৰাণী হিচাপে পৃথিৱীখনৰ অ'ত বিৰাজ সৌন্দৰ্য্যৰ দুনিয়াত জীৱনটো উপভোগ কৰিবলৈ দিব লাগে আৰু কিছু লোকৰ এনে হাবিয়াসো থাকে । কিন্তু তেনেই তাকৰ। 

✍️চিন্ময় ডেকা, টংলা

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send