একে আছো-পংকিতা কলিতা

তোমাৰ প্ৰতীক্ষাত
  আজি মই ক্ষান্ত নাৰী,
এপলক চকু দুটি
    জপাই উচুপি উঠো।
সপোন পখীটি হৈ
     ক্ষণপ্ৰভাৰ জোনাক
নামি আহে
যেনিবা এজাক
      প্ৰতীক্ষাৰ বতাহে
কোবাই যায়...
তথাপিও 
প্ৰতীক্ষাৰত হৈ আছো
আজি এই মূহূৰ্তটো...।।

         ✍️পংকিতা কলিতা(পলী প্ৰিয়া)
দৰং(ছিপাঝাৰ,হাজৰিকাপাৰা)

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send