ইতিহাসৰ আঁচল ধৰি
অতীত প্ৰাগজ্যোতিষৰ সুগন্ধি বিলাই
তই একেথৰে ৰৈ আছ
গঙা চিলনীৰ পাখিত ৰং সানিবলৈ,
কেতিয়াবা সেইজন কবিক সুধিছনে'
কবিতাৰে সানিব পাৰিনে ফাগুনৰ আৱিৰ,
দীঘলীপুখুৰী: তোৰ বুকুখন কিমান গভীৰ?
সংকটৰ মাজতো তোক হঁহুৱাবলৈ
চাৰিওফালে থিয় হৈ আছে
পাৰিজাত ফুলবোৰ,
পাৰে পাৰে পূৰ্ণ হৈ থাকে
একো একোটা প্ৰেমৰ জংচন৷
মাথোঁ ৰঙা গোলাপৰ অচিন্ত সুৱাসত
জোন গলা ৰাতিবোৰ আৰু কিমান কৰিবা নিবিড় !
দীঘলীপুখুৰী: তোৰ বুকুখন কিমান গভীৰ ?
সৌ সিদিনা ৰঙা হৈ পৰিল
সন্দিকৈ কলেজৰ নষ্টালজিয়া ভেম
দুটি মৌপিয়াৰ স'তে
সলাজ ভংগিমাৰে খোজ দিছিলোঁ
তোৰ শীতল উপপথত
জিলিকি উঠিছিল মহানগৰীয়া প্ৰেম,
তোৰ জলৰাশিত অভিমানবোৰে
হাৰমনিয়াম বজাইছিল,
অনামিকালৈ অপেক্ষা সিদিনাতেই আছিল অধীৰ ৷
দীঘলীপুখুৰী: তোৰ বুকুখন কিমান গভীৰ !
✍️দিব্যজ্যোতি ডেকা।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ