দৰিদ্রতাৰ কৱলত শিশু শ্ৰমিক-চিন্ময় ডেকা

বৰ্তমান সময়ত দৰিদ্রতাৰ কৱলত শিশু শ্ৰমিক দ্ৰুত হাৰত বৃদ্ধি পাবলৈ ধৰিছে। দৰিদ্রতাই কোঙা কৰা জীৱনৰ  দায়িত্ব সমূহ সাৰথি কৰি লোকৰ ঘৰত শ্ৰম কৰি দুবেলা-দুমুঠি খুদকণ গোটোৱা শ্ৰমিক শিশু তেনেই নগণ্য বুলিব নোৱাৰি। সমাজৰ প্ৰত্যেকটি ক্ষণতে বিয়পি পৰি আছে, মাথোঁ দৃষ্টিগোচৰ নাই আমাৰ সভ্য সমাজত।
শিশু বুলি ক'লে আমাৰ সকলোৰে মনত ভাঁহি আহে এজন বা এজনী মৰম লগা কণমানিৰ প্ৰতিচ্ছবি কিন্তু আজিৰ সমাজত নিজৰ শিশুটি বৰ আদৰৰ, যত্ন লোৱা দেখা যায়। অথচ ঘৰত কাম কৰা শিশু শ্ৰমিক জনক আদৰৰ পৰিৱৰ্তে হেয় প্ৰতিপন্ন কৰে। পাৰ্থক্য মাথোঁ এটাই সিহঁত দৰিদ্র। আজিৰ শিশুটি দেশৰ ভৱিষ্যত তথা দেশখনৰ নাগৰিক। শিশু এজনক আমি যেনেদৰে সৰুতে গঢ় দিওঁ,সি তেনেদৰে ভৱিষ্যতত সংস্কাৰ, ভাষা,ৰীতি-নীতি,  জ্ঞান আহৰণ কৰে। বিশেষকৈ এই ক্ষেত্ৰত নিজ পিতৃ-মাতৃ তথা সমাজ, আন ওচৰ-চুবুৰীয়া, পৰিয়ালৰ আন সদস্যৰ অৱদান উল্লেখনীয়। সৰুতেই যদি এজন শিশুক ভাল ব্যক্তিত্বৰ দিশত অগ্রসৰ কৰিব নোৱাৰোঁ,  তেনেস্থলত ডাঙৰ হ'লে সি অবাটে, যোৱাটো খাটাং। ই-চিৰন্তন সত্য চিৰস্থায়ী; কোনেও নুই কৰিব নোৱাৰে। গতিকে যথাযথ ভাল অভিজ্ঞতা, অহৰ্তা প্ৰদান ক্ষেত্ৰত এটি শিশু সৰ্বাংগীণ ভাৱে উপযুক্ত কৰিবলৈ হ'লে সৰ্বপ্ৰথমে মাক- দেউতাকৰ গুৰুত্ব সৰ্বাধিক। মাক-দেউতাকৰ অবিহনে শিক্ষক তথা আত্মীয় জনেই শিশু এজনক সৰ্বাংগীণ বিকাশৰ পথত আগুৱাই নিয়াৰ ক্ষেত্ৰত অতুলনীয় ভূমিকা ল'ব পাৰে। মাথোঁ থাকিব লাগিব একনিষ্ঠ মৰম, ভালপোৱা, আন্তৰিকতা, সৌহাৰ্দ্যপূর্ণ মনোভাৱ,  ভাতৃত্ববোধ শিশুটিৰ লগত বিলীন কৰিব পৰা মনৰ আত্মসম্পৰ্ক। নহ'লে শিশুটি অন্ধকাৰৰ দিশত ধাৱমান হোৱাটো অনিবার্য।
বৰ্তমান আমাৰ দেশত শিশু শ্ৰমিকৰ সংখ্যা দ্ৰুত গতিত দিনক-দিনে  বৃদ্ধি পোৱাটো পৰিলক্ষিত হৈছে। দেশৰ চুকে-কোনে, গাওেঁ-ভূঞে, নগৰে-চহৰে শিশু শ্ৰমিকৰ সংখ্যা দ্ৰুত গতিত গা কৰি উঠিছে। কিছুমান শিশুক নিজৰ মাক-দেউতাকে শ্ৰম কৰিবলৈ বাধ্য কৰোৱাই। ফলত অভাৱত পৰি শিশু সকল শ্ৰম কৰিবলৈ লয়। পৰ্যায় মানে শিক্ষা আধাতে সামৰি দৰিদ্র পৰিয়াল হোৱা হেতুকে পেটৰ ভোগ নিবাৰণৰ বাবেও শ্ৰম কৰা দৃষ্টিগোচৰ হয়।. 
 আমাৰ দেশত দৰিদ্ৰ পৰিয়ালেই অধিক সংখ্যক লোক। চৰকাৰ খনে সঠিক সময়ত সঠিক দৃষ্টান্ত নলোৱা বাবেই আজি সমগ্ৰ বিশ্ব লগতে আমাৰ ৰাজ্যখনত শিশু শ্ৰমিকৰ সংখ্যা অত্যাধিক ভাৱে বৃদ্ধি পাবলৈ ধৰিছে। এই শিশু শ্ৰমিক সকলৰ ভৱিষ্যত কিমান ভয়ংকৰ হ'ব কল্পনা কৰিব নোৱাৰিম। একমাত্ৰ ভগৱানে জানিব। আজি কালি এই শিশু বোৰৰ বেছিভাগেই নিচাযুক্ত দ্রব্য সেৱন কৰা পৰিলক্ষিত হয় ফলত স্বাস্থ্যৰ সমস্যা গা কৰি উঠে।  নিৰবিছিন্ন ভাৱে সমাজ তথা চহৰ-নগৰত নানা-ধৰণৰ হিংসাত্মক কাৰ্য কৰিবলৈ অকনো কুণ্ঠাবোধ নকৰে  ফলশ্রুতিত সমাজ তথা দেশখনৰ নেতিবাচক সঁহাৰিয়ে উদ্বিগ্নতাৰ বাতাৱৰণৰ সৃষ্টি কৰিছে। বৰ্তমান ভাৰতবৰ্ষৰ শিশু শ্ৰমিক বৃদ্ধি হোৱাৰ ক্ষেত্ৰত আমি সকলোৱে সজাগ হোৱাটো নিতান্তই প্রয়োজন, দায়িত্ব! কিয়নো নিজৰ সন্তানটিৰ দৰেই আমি সিহঁতক ব্যৱহাৰ কৰা উচিত। স্বাৰ্থপৰ পৃথিৱীত আমি সিহঁতক মান-সন্মান, মৰ্যাদা দিবলৈ টান পাওঁ। 
সময় থাকোঁতেই যদি উচিত পদক্ষেপ লোৱা নহয়, তেন্তে ভৱিষ্যতত ইয়াৰ অন্ধকাৰৰ দিশত ম্লান পৰিবলৈ বেছি সময় নালাগিব। সেয়ে সকলোৱে সজাগ, সচেতন হৈ শিশু শ্ৰমিকক পৰিহাৰ কৰক; পাৰিলে এমুঠি অন্ন প্ৰদান কৰক সেইসমূহ দৰিদ্ৰ  পৰিয়ালক। তেনেক্ষেত্রতহে ভাৰতবৰ্ষ তথা আমাৰ ৰাজ্যখনত ভৱিষ্যতে সুন্দৰ তথা উন্নয়ন-প্ৰগতিৰ দেশ হিচাবে চিহ্নিত হৈ ৰ'ব।

✍️চিন্ময় ডেকা, টংলা

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send