বোৰ্খা পিন্ধা ছোৱালীজনী-মিন্টু হাজৰিকা

©Admin
0
এজনী মহিলাই তিনিটা সৰু সৰু ল'ৰা ছোৱালীৰে সৈতে আৰক্ষী চকীৰ পদূলিৰ সন্মুখত অট'ৰ পৰা নামিছে। নামিয়ে কণমাণি কেঁচুৱাটো কোলাৰ পৰা কান্ধত তুলি লৈছে। সি কান্দিবলৈ আৰম্ভ কৰা বাবে ওমলোৱাৰ উদ্দেশ্যে নিজৰ হাত এখনেৰে  পিঠিত লাহে লাহে থপৰিয়াই দিছে। মাকৰ হাতৰ পৰশ পাই সি পুনৰ চকু কেইটা শয়নৰ উদ্দেশ্যে  মুুদি দিছে। তেনেবোৰ কৰ্মব্যস্ততাৰ মাজেৰেই চুলেমাই আৰক্ষী চকীলৈ বুলি খোজ দিছে। পিন্ধনত  মহিলা গৰাকীয়ে শৰীৰটো ক'লা বোৰ্খাৰ পছমী আৱৰণিৰ ভিতৰত মূৰৰ পৰা ভৰিলৈকে ঢাকি ৰাখিছে। ক'লা ৰঙৰ বোৰ্খা খনে তাইৰ সমস্ত সৌন্দৰ্য আৰু উজ্বলতা গিলি পেলাইছে।

ল'ৰা-ছোৱালী কেইটাই এটা নতুন পৰিৱেশৰ সন্মুখিন হৈ আওঁ-ভাওঁ বুজি নাপাই মাক চুলেমাক কেন্দ্ৰ কৰি ভয়ত ইফালে-সিফালে অগা দেৱা কৰাত লাগিছে । এডাল নাগপাশত নিজৰ শৰীৰটো মেৰিয়াই আৱদ্ধ হোৱা যেন হৈ তাৰ পৰা  মুক্ত হৈ ওলাই আহিবৰ বাবে যুঁজ-বাগৰটো কৰি ভৰিৰ আগৰ পৰা ল'ৰা-ছোৱালী কেইটাক আঁতৰাই লক্ষ্যস্থানলৈ আগবঢ়াৰ চেষ্টা অব্যাহত ৰাখিছে। 

চকীত উপস্থিত হৈ বোৰ্খা খন দাঙি পহৰাদাৰক প্ৰশ্ন কৰাত  পহৰা দাৰ জনে প্ৰত্যক্ষ কৰি উমান কৰিলে মহিলা গৰাকীৰ বয়সৰ ফালৰ পৰা  কোনো মতে ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰা হৈছে। সুস্থ পৰিকল্পনা বিহীন জীৱনটোত এই কম বয়সতে তিনিটা সন্তাৰ মাক হৈ সেই  নিষ্পাপ জীৱ কেইটাকো পোহ-পাল দিব লগাত পৰিছে। তিনিটা মানে•••• তিনিটা বুলি ক'লে হয়তো ভুল হ'ব। শৰীৰৰ বহিঃ অৱয়বলৈ লক্ষ্য কৰি আৰু এটা কথা ঠিৰাংকৈ ক'ব পাৰি যে এমাহ মানৰ পাছতে আন এটা জীৱই পৃথিৱীৰ মুখ দেখিব। পুষ্টিহীনতাৰ বাবে এই গৰাকীৰ শৰীৰটো শুকান জেওৰা খৰিত পৰিণত হৈ পৰিছে। পৰিহিত ক'লা আৱৰণ খনৰ বাহিৰত ওলাই থকা শৰীৰৰ অংশ সমুহত  সৌকাৰ কোবৰ অত্যাচাৰৰ কেঁচা চিন সুস্পষ্ট হৈ জিলিকি আছে। তাইৰ তিৰ-বিৰাই থকা চকুৰ চাৱনিত অলেখ প্ৰশ্নৰ উদয় হৈছে। হয়তো শোষণৰ পৰা মুক্তি, নহ'লে  মুক্তিৰ বাসনা। নহ'লে এনে শৰীৰ এটা লৈ কেতিয়াও থানাৰ দুৱাৰ দলিত ভৰি নিদিয়ে।

মহিলা গৰাকীক পহৰাদাৰ জনে সুধি গম পালে  মহিলা গৰাকীক মুক্তি লাগে আৰু সেই মুক্তি লাগে সংসাৰ বান্ধোনৰ অন্ধকূপ সদৃশ জীৱনটোৰ। এই মেৰ পেচত সোমাই তাই চাৰিও ফালে দিশহাৰা হৈ পৰিছে। সমস্যাই জৰ্জৰ অনাকাক্ষিৎ অপৰিকল্পিত পৰিয়ালটোত অনিশ্চিত ভৱিষ্যতে দেখা দিয়াই নহয় ক'লা বোৰ্খা খনৰ দৰেই অন্ধকাৰ গাঢ় হৈ পৰিছে। তাইৰ গৰাকী জাকিৰে কৰা অত্যাচাৰ আৰু শোষনৰ বলি হৈ তাইৰ জীৱনটোত আউল লগাই নহয় সংসাৰ খনত এতিয়া এটি বিষাক্ত আৰু কুটিল কাল নাগিনীৰ দৰে মসৃণ কলি ফণাই তাইক দংশন কৰিছে।অসহ্য বিষৰ জ্বালাত জৰ্জৰিত হৈ চুলেমা  কলমটিয়াইছে। মুহূৰ্তে মুহূৰ্তে নিতৌ কেঁকাইছে। অসহায় অবলা নাৰী গৰাকীয়ে জীৱনৰ মূল্য বুজি পাবলৈ কেতিয়াবাই এৰি দিছে।এতিয়া মাঁথো চৌপাশে আৱৰি আছে কালৰাত্ৰিৰ ক'লা ডাৱৰ বোৰ। এতিয়া তাই বুজি উঠিছে ক'লা বোৰ্খাৰ মাজত থকা তাইৰ শৰীৰটো  সদ্য ফাঁচীশালত ওলমাবলৈ গৈ থকা এজনী নিৰীহ আচামী, যাৰ ভৱিষ্যত অনিশ্চিত! ক'লা বোৰ্খাৰ দৰেই অন্ধকাৰ, গাঢ় অন্ধকাৰ।
---------া-------াা-------া--------



  ✍️মিন্টু হাজৰিকা(জ্ঞানকমল)
পেচাঃ- অসম আৰক্ষী অনাতাঁৰ বিভাগ, বৰঘাট আউত পোষ্ট, তেজপুৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)