অমানিশাৰ সুযোগ লৈ সিহঁতে,
ভাঙি দিছে হেঁপাহৰ সংসাৰখন।
সেই অমানিশাৰ সুযোগ লৈয়ে,
বিচাৰি ফুৰিছে,
কেঁচা মঙহৰ তেজ।
কাৰোবাৰ শিৰৰ হাঁহিটো ,
কাৰোবাৰ একমাত্ৰ সন্তানকে ,
কাঢ়ি লৈ গ'ল বোকোচাৰ পৰা।
মাথোঁ,
সকলোকে থেলি দিছে অন্ধকাৰ জীৱনলৈ।
সকলোৱে দিছে সিহঁতক চৈধ্য গোষ্ঠী উজাৰি গালি ।
তথাপিও লাগিব সিহঁতক
কেঁচা মঙহৰ তেজ ।
ছিঃ নিলাজ জাতি। ।
✍গিতুমণি কলিতা
দৰং (অসম )