জোনালীয়ে নিজৰ দুই বছৰীয়া ছোৱালী মইনাই ভাত নাখায় বুলি কৈ কৈ ভাতৰ কাহীখন লৈ একেবাৰে খুৰী শাহুৱেক জনীৰ পাকঘৰ পালেগৈ। আইতাকৰ পাকঘৰত মইনাই ভাতবোৰ লিৰিকি বিদাৰি গোটেই মজিয়াখন সিঁচৰিত কৰাৰ পিছত নিজৰ জন্মদাত্ৰী মা'কতকৈয়ো ডাঙৰ খুৰী শাহুজনীক মজিয়াখন ভাল কৰি ল'বলৈ আদেশ দি জোনালীয়ে মইনাক লৈ পাকঘৰৰ পৰা ওলাই আহিল। পিছ মুহূৰ্ততে খুৰীয়েকৰ ২০ বছৰীয়া ছোৱালী ৰাখী ভাত খাবলৈ যোৱাত মাকে তাইক উদ্দেশ্যি ক'লে শিক্ষা আৰু জ্ঞান দুইটাই বেলেগ অ' ৰাখী মা। তইটো ডাঙৰ হ'লি এইবোৰ জনা বুজা হৈছ। তথাপিও কওঁ কোনো দিন ডাঙৰক আদেশ নিদিবি, সকলোকে সন্মান কৰিবি ভৱিষ্যতে আনৰ ঘৰৰ বোৱাৰী হ'লেও বংশৰ মৰ্য্যদা আৰু শিক্ষাৰ সন্মান সদায় ৰাখিবি।
✍️মেঘালী বৰুৱা
হাজৰিকাপাৰা, দৰং
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ