এয়া নাৰী হোৱাৰ সুযোগ নেকি?-মেৰাদুল হুছেইন

আজি সোমবাৰ বুলিয়েই ওলাই গ’লো ,আজি অকলে যোৱাৰ সাহস কৰিলোঁ৷দেউতাই বৰ হেপাঁহেৰে মোক হাতত মোনাটো আগবঢ়াই দিলে আৰু দেউতাই মোক ইমানখিনি সাহস দিয়াৰ বাবে মই ধন্য৷হয়তো বহুতৰ কাৰণে বজাৰ কৰা এক ডাঙৰ কথা নহ'বও পাৰে,কিন্তু মোৰ বাবে এয়াই বহুত৷মাৰাৰ গালি আৰু কিমান শুনিম,মই বোলে বৰ সোজা আৰু সৰল৷মানুহে বোলে সহজতেই ঠগন দি যাব পাৰিব মোক৷
             কিন্তু মই মাৰাৰ লগত কাজিয়াত লিপ্ত হৈ পৰোঁ ,এইবোৰ ক’লে৷কাৰণ নন্দনে মোৰ পৰা মিছাঁকে স্কুলৰ প্ৰ-পত্ৰ পূৰণৰ টকাটো কাঢ়ি লৈ যোৱা সেই তাহানিৰ কথাটো মায়ে এতিয়াও গাই থাকে৷হয়তো মাৰাই পাহৰি গৈছে মই এতিয়া সৰু হৈ থকা নাই৷জীৱনৰ বেলিকা ঘনে ঘনে আগবাঢ়িছে৷কুৰি পাৰ কৰা চাৰি বছৰ হ’ল৷মোৰ বয়স চব্বিছ বছৰ৷মই এতিয়া সৰু নহয়৷মই সকলো বুজি পাওঁ৷কিন্তু মায়ে মোক লৈ সদায়েই চিন্তিত হৈ থাকে৷কাৰণ আজিৰ যুগত মোৰ দৰে লৰা খুব কম৷মই অলপ বোলে ব্যতিক্ৰম৷
মোৰ মাত কথাবোৰ সিমান স্পষ্ট নহয়৷কাৰণ মোক ভগৱানে এনে বনাইছে৷তাতে মোৰ কিনো ভুল আছে৷
             হয়তো মায়ে কোৱাৰ দৰে মোক কোনেনো বুজি পাব৷ডা° কল্যাণ চাৰে মোক অস্বাভাৱিক কোৱাৰ পিছত কেনেকৈ নিজকে সুস্থ বুলি ভাৱিম৷
কিন্তু দেউতাই হাৰ নামানিলে মই বোলে সকলোৰে সৈতে একেলগে কথা বতৰা আৰু চলাচল কৰিলে স্বাভাৱিক হৈ পাৰিম৷সেইবুলিয়েই মোক আজি টিলিঙা বজাৰত অকলে যাবলৈ সাহস দিলে৷
               বজাৰটো খুব দূৰত৷সেয়েহে বাছেৰে প্ৰায় চাৰি কিঃমিঃ মান যাব লাগে৷আজি এইফালে টেম্পু এটা নাই সেইবুলি বজাৰত ময়েই যাব ল'গা হ’ল৷মাৰাই হাতত বজাৰৰ সৰু এটা তালিকা দি দিলে যাতে মোৰ দ্বাৰা আকৌ কিবা ভুল যাতে নহয়৷সেইদিনা মই তালিকাখন হাতত যত্নেৰে ৰাখি বাছেৰে যাত্ৰা আৰম্ভ কৰিলোঁ৷
              বাছখনত বৰ থেপাথেপি হৈ আছিল৷মতা-মাইকী সকলো জাক বান্ধি গাড়ীখনত উবুৰি খাই আছিল৷মই যেনি তেনি উঠিলোঁ কিন্তু তাতেই মোৰ আগত এজনী সুন্দৰী ছোৱালী জিনছ পেন্ট,টি-ছাৰ্ট আৰু ক'লা ৰঙৰ চচমা পিন্ধি ৰৈ আছিল৷কিন্তু মই বাছখনৰ ওপৰৰ ৰিলিঙখনত হাতটো দি নিজকে নিয়ন্ত্ৰণ কৰি আছিলোঁ৷কিন্তু হাইৱেৰ ৰাস্তবোৰত ডাঙৰ ডাঙৰ গাত৷বাৰে বাৰে জাম্প মাৰে৷হয়তো চালকজনে নিয়ন্ত্ৰিত ভাৱে চলাবলৈ অক্ষম হৈ গৈছে৷কাৰণ বাট পথেই বেয়া বেচেৰাৰ কি দোষনো?
            এনেতে এই ঠেলা হেঁচাত মানুহৰ গা গোন্ধাই আছিল৷তাকেই সহ্য কৰি গৈ আছিলোঁ৷যি গৰম,এইফালে মায়ে দিয়া সেই তালিকাখন বাছৰ তলত পৰি গ’ল আৰু মই কি কৰিম নকৰিম ভাৱিব পৰা নাই৷এনেতে সেই সুন্দৰী ছোৱালীজনীৰ ভৰি কাষতে সেই তালিকাখন মই প্ৰত্যক্ষ কৰিলোঁ৷সেইবুলি মই সৰল মনটোক আৰু সৰল কৰি কবলৈ ধৰিলোঁ_____
:বাইদেউ ৷শুনকচোন!
কিন্তু তাই নুশুনিলে৷
এইবাৰ আকৌ___
বাইদেউ শুনকচোন৷কিন্তু তাই নুশুনিলে৷
আকৌ হাতৰ বেগটো লৰাই দিলোঁ৷
কিন্তু তাই নুশুনিলে৷
হয়তো বাছত হৈ থকা চিঞৰ-বাখৰত তাই মোৰ মাতটো শুনা নাই চাগে৷
এইদৰে শেষত___
কাষৰ দুজন লৰাই মোক অলপ খঙৰ দৃষ্টিৰে চালে৷কিন্তু মই হয়তো কথাটো কব নোৱাৰিলোঁ৷কিন্তু ছোৱালীজনীয়ে মায়ে দিয়া তালিকাখন ভৰিৰে গচকি থান বান কৰা দেখা পাই মই সহ্যৰ বাহিৰ হৈ হঠাৎ বহি যাওঁতে ভিৰৰ মাজতে তাইৰ তপিনাত মূৰটো লাগি গ’ল আৰু মই নিজৰ হাতখন ভৰিত লগাওঁতে ছোৱালীজনী চিঞৰিব ধৰিলে_____
বাছ কন্ডাক্টৰ__
:ভন্টি কি হ’লনো?
:দাদা মোক সহায় কৰক৷এই লৰাটোৱে মোক গোটেই যাত্ৰাপথত অশান্তি দি আছে৷
:হয় নেকি?অৰুণ গাড়ী ৰখা৷ছাল্লা তোক এতিয়া চাম৷

:হয় দাদা এইবোৰ পাশণ্ডৰ কাৰণে আজি নাৰী সুৰক্ষিত নহয়৷
              এনেতে গাড়ীখন চাপতি থানাত গৈ ৰখালে৷সকলোৱে গুৰুলা গুৰুল কৈ পিটিলে এজন নিষ্পাপ সোজা আৰু সৰল লৰাক৷ল’গ ল’গে তেজেৰে লুতুৰি পুতুৰি লৰাটোক টানি থানালৈ লৈ গ’ল আৰু আৰক্ষী অধীক্ষকজনে শুধিলে___
:তোৰ নাম কি?
:মোৰ উঠ কপি আছিল৷লাহেকৈ শ্যাম হাজৰিকা
:পিতাৰ নাম?
:কাণৈ
হয়তো এইকেইটাৰ বাহিৰে মোৰ আৰু একো উত্তৰ নোলালে৷

ইফালে ছোৱালীজনীয়ে বৰ সুন্দৰকৈ কবলৈ ধৰিলে___
“মোক গোটেই গাড়ীৰ পৰা ফলৌ কৰি আছে৷কি অভদ্ৰ,এই লৰাটোৱে কলেজৰ কাষত ৰখি মোক প্ৰত্যক্ষ কৰি থাকে চকু বেয়া আজি মোৰ গাত হাত দি দিছে৷তাৰ ইমান সাহস৷মানুহ চিনি পোৱা নাই,আজি আপোনালোকে নাথাকিলে মোৰ কি হ’লে হয়৷”
            এনেতে আৰক্ষী কনিষ্টবল ৰমণী বাইদেউ আহি হঠাৎ শ্যামক দেখি ঠাট্টা কৰিব লয় আৰু মুখত তেজ দেখা পাই আঁচৰিত হৈ পৰে,কাৰণ ৰমণী শ্যামহতঁৰ গাৱৰ মানুহ৷ আৰু বৰ আবেগিক হৈ পৰে৷লগে লগে শ্যামক আগুচি ধৰে ৷ অধীক্ষকজনক কবলৈ ধৰে___
:তেওঁ কি কৰিছেনোঁ চাৰ ?বৰ ছিধা লৰাটো৷অলপ অস্বাভাৱিক হয়৷তেওঁক ঘৰৰ পৰা ওলাব নিদিয়ে৷ক’ত দুৰ্ঘটনা হৈছেনোঁ,মই সিহঁতৰ ঘৰত খবৰটো দি দিওঁ ৰ’ব৷
:কি কোৱা?এই লৰাটোৱে ছোৱালীৰ গাত হাত দিছে৷এতিয়াই চালান দিম জেললৈ৷
:কি কোৱা তুমি মই বুজি পোৱা নাই৷
:লগে লগে ৰমণী বাইদেউ শ্যামৰ কথাটো সহ্য কৰিব নোৱাৰি কান্দিব ধৰিলে আৰু শ্যাম যে শাৰীৰিকভাৱে বাধাগ্ৰস্ত সেয়া ব্যাখ্যা কৰিব ধৰিলে যে মানুহ ইমান নিষ্ঠুৰ হ’ব নালাগে৷
:ৰমণী বাইদেউ যেতিয়া বাহিৰত আহি সকলোকে কথাটো অৱগত কৰে তেতিয়া সকলোৱে আবেগিক হৈ পৰে আৰু ছোৱালীজনীক গালিৰে থকা সৰকা কৰে যে তুমি নাৰী হোৱাৰ সুবিধা লৈছিলা৷এয়া আমাৰ সমাজত নহব৷তুমি যিটো লৰাৰ চৰিত্ৰত দাগ আনিছা সেইজন এজন বাধাগ্ৰস্ত যুৱক৷নিজে জনপ্ৰিয় হবলৈ গৈ নিজৰ চৰিত্ৰ উদঙায় দিছা৷তোমাক ভগৱানে ক্ষমা নকৰে বুলি লাজ দিয়াত ছোৱালীজনীয়ে কেচটো উঠাই লৈ লাজত মুখখন তলত কৰি গুচি গ’ল৷



✍️মেৰাদুল হুছেইন
ডিমৰুগুৰি,নগাওঁ

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send