কি যে হয় দুৰ্নীতি,
সকলোৰে হৈছে লটি-ঘটি ৷
দুৰ্নীতিৰ বিৰুদ্ধে কি ক'বা?
এতিয়া আমি এক বোবা ৷
সৰুতে শিক্ষাগুৰুৱে কৈছিল আঁচল বোবাৰ হেনো
কোনো শত্ৰু নাই ;
সেইবাবেই আছো আমি
একেলগে দুৰ্নীতি চাই ৷
ওলাই আহা একেলগে
কিয়নো হৈ আছা
একো একোটা কৃত্ৰিম বোবা,
সমাজখনৰ বাবে একো নোকোৱা ৷
ৰাইজ, নকৰো আমি ৰাজনীতি
নিকা হ'ব লাগিব ৰাজনীতি
কৃত্ৰিম বোবা হৈ
নাথাকিবা ভাই ৷
দেশত কৰ'ণা, শুনিছানে নাই ৷
✍️অনিল বৰ্মণ
তৃতীয় ষান্মাষিক,গণিত বিভাগ
নলবাৰী, চামতা