স্বাস্থ্য লেখা-আদা,লং,ভেদাইলতা, নৰসিংহৰ গুণ- ডাঃ প্ৰণৱ চক্ৰৱৰ্তী

©Admin
0
অতিমাৰীৰ এই সংক্ৰমণৰ সময়ত আমি সকলোৱে শৰীৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰিব পৰা খাদ্যৰ ওপৰত গুৰুত্ব দিছোঁ ৷ আমি হাততে পোৱা তেনে কেইবিধমান ঔষধি মছলা আৰু উদ্ভিদৰ গুণৰ বিষয়ে চমুকৈ আলোচনা কৰোঁ আহক-

 আদাৰ গুণ
------------------
আমি সকলোৱে জানো যে আদা এবিধ ঔষধি গুণযুক্ত প্ৰাকৃতিক সামগ্ৰী(মচলা) ৷ এই ক’ৰ’না মহামাৰীৰ সময়তো স্বাস্থ্য বিশেষজ্ঞসকলে নিয়মিতভাৱে আদা ব্যৱহাৰৰ পৰামৰ্শ দি আছে ৷ আদাত জিঞ্জেৰোল নামৰ এবিধ শক্তিশালী ঔষধি উপাদান থাকে যাৰ বাবে অতীজৰে পৰা আয়ুৰ্বেদ আৰু বিকল্প চিকিৎসা পদ্ধতিত আদা ৰ বহুল প্ৰয়োগ হৈ আহিছে ৷ ই বদহজম আৰু ওকালি হ্ৰাস কৰাৰ উপৰিও চৰ্দি জ্বৰৰ পৰা আৰোগ্য লাভ কৰাত যথেষ্ট সহায় কৰে ৷ ই এন্টিঅক্সিডেন্ট গুণযুক্ত আৰু শক্তিশালী প্ৰদাহ নিবাৰক ৷ 

অকণমান বহলাই আদা ৰ গুণাগুণসমূহ জুকিয়াই চাওঁ আহক-

কেম’থেৰাপি লৈ থকা কৰ্কটৰোগত আক্ৰান্ত ৰোগী আৰু  অন্যান্য অস্ত্ৰোপচাৰ কৰা ৰোগীৰ প্ৰায়ে ওকালি আৰু বমি ভাৱ আহি থাকে ৷ আদা খালে এই সমস্যাৰ পৰা ৰেহাই পাব পাৰি ৷ মহিলাসকলে গৰ্ভাৱস্থাত পোৱা এনে সমস্যাৰ বাবেও আদা ফলপ্ৰসূ ঘৰুৱা চিকিৎসা ৷

ব্যায়াম বা কঠোৰ পৰিশ্ৰমৰ ফলত আৰম্ভ হোৱা মাংসপেশীৰ বিষ নিৰাময় হোৱাতো আদাই সহায় কৰে ৷ অৱশ্যে বিষ নিৰাময়ৰ ক্ষেত্ৰত তাৎক্ষণিক সুফল পোৱা নাযায় ৷ 

আগতেই উল্লেখ কৰিছোঁ আদা এবিধ উন্নত মানৰ প্ৰদাহ নিবাৰক ৷ আদাৰ নিয়মিত সেৱনে বাতবিষ কমাই ৰখাত সহায় কৰা দেখা যায় ৷ বিশেষকৈ আঠুৰ বিষ( Knee osteoarthritis) কমোৱাত সহায় কৰে ৷ গাঁঠিৰ বিষ আৰু জড়তা কমোৱাতো আদা উপকাৰী বুলি শেহতীয়া গৱেষণাই প্ৰমাণ কৰিছে ৷

তেজৰ শৰ্কৰা কমোৱাত আৰু হৃদযন্ত্ৰৰ সমস্যা কমাই ৰখাত আদা ই সহায় কৰে ৷ অৱশ্যে এইক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত ৷ আদা ই ডায়বেটিছ আৰু ব্লাডপ্ৰেচাৰৰ বাবে নিয়মীয়াকৈ ব্যৱহাৰ কৰা কিছুমান ঔষধৰ ক্ৰিয়াত প্ৰভাৱ পেলাব পাৰে ৷ 

দীৰ্ঘদিনীয়া বদহজমৰ সমস্যা(dyspepsia) আৰু ইয়াৰ ফলত হোৱা পেটৰ বিষ, পেটৰ অশান্তি, গেছ আদি কমোৱাত আদাই গুৰুত্বপূৰ্ণ ভূমিকা লয় ৷

মহিলাসকলৰ মাহেকীয়া সমস্যা আৰু এই সময়চোৱাত হোৱা বিষ (Dysmenorrhea) কমাই ৰখাত আদাৰ গুৰিয়ে সহায় কৰে ৷

আদাই দেহত ক’লেষ্ট্ৰ’লৰ পৰিমাণ হ্ৰাস কৰি ৰাখে আৰু ফলস্বৰূপে হৃদৰোগৰ সম্ভাৱনা কমে ৷ 

৬-জিঞ্জেৰোল কেঞ্চাৰ প্ৰতিৰোধী গুণযুক্ত হোৱা বাবে ৰোগ প্ৰতিৰোধৰ বাবে বিকল্প চিকিৎসা আহিলা হিচাপে ব্যৱহাৰ কৰাৰ থল আছে ৷ 

আদাই মগজুৰ কাৰ্যক্ষমতা বঢ়ায় ৷ এলজেইমাৰৰ লেখীয়া ৰোগৰ স্বীকাৰ নহবলৈ আদাক খাদ্যতালিকাত অন্তৰ্ভূক্ত কৰিব পাৰে ৷ 

বিভিন্ন সংক্ৰমণ ৰোধ কৰাতো আদা উপকাৰী। বিশেষকৈ বেক্টেৰিয়াজনিত সংক্ৰমণ ৰোধ কৰাত আদা সিদ্ধহস্ত ৷ মুখৰ ভিতৰৰ আৰু দাঁতৰ আলুৰ  বিভিন্ন বেক্টেৰিয়াজনিত সংক্ৰমণ,  প্ৰদাহ আদি  ৰোধ কৰাত ই উল্লেখযোগ্য ভূমিকা লৈ আহিছে ৷  হাওঁফাওঁৰ সংক্ৰমণ বঢ়াব পৰা ভাইৰাছক প্ৰতিহত কৰিবলৈও আদাৰ ভূমিকা লেখতলবলগীয়া ৷


 লং(cloves) ৰ গুণ-

লং আমাৰ অতি চিনাকী ৷ মূলতঃ সুগন্ধি মচলা হিচাপে ইয়াৰ ব্যৱহাৰ অধিক ৷ ইয়াৰ আছে অনেক ঔষধি গুণ ৷ চমুকৈ কিছু আলোচনা কৰোঁ আহক-

ক) লং ত ভিটামিন, ফাইবাৰ, কাৰ্বহাইড্ৰেট, বিভিন্ন মিনাৰেল, মেংগানিজ আদি শৰীৰৰ বাবে অতি আৱশ্যকীয় উপাদান পোৱা যায় ৷ মেংগানিজ হাড় মজবুত কৰা আৰু মগজুৰ কাৰ্যক্ষমতা বৃদ্ধি কৰাৰ বাবে অতি আৱশ্যকীয় ৷

খ) লং এন্টিঅক্সিডেন্ট যুক্ত ৷ 

গ) শেহতীয়া গৱেষণাই কৈছে লং এ টিউমাৰৰ বৃদ্ধিত বাধা দিব পাৰে আৰু কেঞ্চাৰ কোষ বোৰৰ ধ্বংসত অৰিহণা যোগাব পৰা ক্ষমতা লং ৰ আছে ৷

ঘ) ই বেক্টেৰিয়া ধ্বংস কৰে আৰু বেক্টেৰিয়াৰ বৃদ্ধিত বাধা দিয়ে ৷

ঙ) মুখৰ ভিতৰৰ ৰোগ, দাঁতৰ বিষ, দাঁতৰ আলুৰ বিভিন্ন ৰোগৰ পৰা লং -এ সহজে আৰোগ্য কৰিব পাৰে ৷ 
 
চ) লিভাৰক সুস্থ কৰি ৰখাৰ ক্ষমতা লং ৰ আছে ৷ ইয়াৰ নিয়মিত ব্যৱহাৰে পেটৰ বিভিন্ন সমস্যাৰ পৰা আমাক সকাহ দিয়ে ৷ তেজৰ শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণতো ই সহায় কৰে ৷ 

ছ) লং -এ পেট বা খাদ্যনলীৰ আল্‌চাৰ কমাই ৰাখে বুলি স্বাস্থ্যবিজ্ঞানীসকলে কয় ৷

ঘৰুৱা ব্যৱহাৰ-
ক)বদহজমৰ সমস্যা থাকিলে কেইটামান লং গুৰি কৰি মৌৰ লগত মিহলাই শোৱাৰ আগতে খাব ৷ ই পাচক এনজাইমৰ ক্ষৰণ বৃদ্ধি কৰি হজমত সহায় কৰিব ৷

খ) সাধাৰণ কাঁহ বা গলৰ সুৰসুৰণি, ডিঙিৰ প্ৰদাহ আদিৰ পৰা পৰিত্ৰাণ পাবলৈ লং চোবাই খাব পাৰে ৷

গ) মুখৰ দুৰ্গন্ধ হ্ৰাস কৰিবলৈ মুখত লং লৈ থাকিব ৷

ঘ) দাঁতৰ মাৰি বা আলুৰ বিষত লং থেতেলিয়াই লগাই থ'ব পাৰে ৷

ঙ) কাণৰ বিষত তিলৰ তেলৰ লগত কেইটামান লং সিজাই তাৰে চাৰিটোপালমান কাণত দিলে বিষ কমে ৷

চ) বমি বা ওকালি আহি থাকিলে লঙৰ গুৰি মৌৰ সৈতে মিহলাই খাব পাৰে ৷ লঙৰ গুৰি পানীত উতলাই চেনি মিহলাই ঠাণ্ডা হোৱাৰ পিছত খালেও সুফল পোৱা যায় ৷

 
ভেদাইলতাৰ গুণ
-------------------------

ভেদাইলতা আমাৰ সকলোৰে চিনাকি বনশাক ৷ উৎকট গোন্ধেই ভেদাইলতাৰ পৰিচয় ৷ অতি প্ৰাচীন কালৰে পৰা চীন, ভিয়েটনাম, ব্ৰহ্মদেশ আদিত ঔষধ ৰূপে ইয়াৰ প্ৰচলন হৈ আছিল ৷ আমাৰ অসমতো ঔষধি  গুণৰ ভড়াল ভেদাইলতাৰ ব্যৱহাৰ অতীজৰে পৰা চলি আহিছে ৷ সময়ৰ পৰিৱৰ্তনে বনশাকৰ পৰা আমাৰ বহুতকে আঁতৰাই আনিছে ৷ আজি ইয়াৰ সুফলসমূহ অতি চমুকৈ আলোচনা কৰিম ৷  ভেদাইলতা Rubiaceae গোটৰ অন্তৰ্গত ৷ ইংৰাজী নাম Shunk Vine, বৈজ্ঞানিক নাম Paederia foetida .

ব্যৱহাৰ আৰু গুণাগুণ-
১) গ্ৰহণী, অৰুচি আদি সমস্যাত ভেদাইলতাৰ তৰকাৰী খালে অতি সোনকালে আৰোগ্য হয় ৷

২) বাতবিষৰ সমস্যা থাকিলে ভেদাইলতাৰ ৰস খালে সুফল পোৱা যায় ৷

৩) অৰ্শৰোগত ভেদাইলতাৰ শিপাৰ ৰস খাব লাগে ৷

৪) ভেদাইলতা শুক্ৰবৰ্ধক, বল শক্তি দায়ক ৷ পাত আৰু শিপাৰ ৰস নিয়মীয়াকৈ খালে শক্তি বাঢ়ে 

৫) দাঁতৰ বিষ হ’লে ভেদাইলতাৰ গুটি খাব লাগে ৷

৬) মহিলাৰ জৰায়ুজনিত আৰু প্ৰসৱকালীন সমস্যাত ভেদাইলতা খাব লাগে ৷

৭) ভেদাইলতাৰ ৰসৰ প্ৰলেপে জ্বৰৰ উপশম ঘটায় ৷

৮) ভেদাইলতাৰ ৰস স্নায়ু ৰোগতো ভাল ৷

৯) হাড় ফাটিলে বা মোচোকা খালে ভেদাইলতা পিচি তাৰ প্ৰলেপ দিব লাগে ৷ 

১০) ভেদাইলতাৰ ৰসে হজম শক্তি বঢ়ায় ৷ 

১১) ছালৰ ৰোগত ভেদাইলতাৰ প্ৰলেপ দিলে সুফল পোৱা যায় ৷ এলাৰ্জীৰ সমস্যা থাকিলে নিয়মিত খালে উপকাৰ পায় ৷

১২) যকৃতৰ সমস্যাত ভেদাইলতা খাব লাগে ৷

১৩) প্ৰাৰম্ভিক পৰ্যায়ত মূত্ৰনলীৰ পাথৰ উলিয়াবলৈও পথ্য হিচাপে ইয়াৰ ব্যৱহাৰ কৰিব পাৰি ৷

১৪) কীট পতংগই কামুৰিলে ভেদাইলতাৰ ৰস লগালে বিষ, প্ৰদাহ আদি কমে ৷

    ইমানবোৰ ঔষধি গুণযুক্ত লতাডাল আমাৰ বাৰীৰ চুকেকোণে হয়তো এলাগী হৈ পৰি আছে ৷ আহঁক এতিয়াৰ পৰাই আমাৰ অগ্ৰজসকলৰ পথ অনুসৰণ কৰি আমাৰ খাদ্য তালিকাত ভেদাইলতাক আগস্থান দি ভেদাইলতাৰ আঞ্জা, চাতনি, বৰা আদিৰ জুতি লওঁ আৰু শৰীৰটোক নিৰোগী কৰি ৰাখোঁ ৷


  নৰসিংহ ৰ গুণ
-----------------------

  নৰসিংহ এবিধ ঔষধি উদ্ভিদ ৷ ইংৰাজীত ইয়াক Curry leaf বুলি কয় ৷ বৈজ্ঞানিক নাম Murraya koenji ৷ আমাৰ অসমত অতীজৰে পৰা ঔষধি খাদ্য ৰূপে ইয়াৰ ব্যৱহাৰ হৈ আহিছে ৷ দক্ষিণ ভাৰতত ইয়াৰ (কাৰীপত্তা)ব্যৱহাৰ সৰ্বাধিক ৷ 

  ই শূন্য চৰ্বীযুক্ত আৰু প্ৰচুৰ পৰিমাণে ভিটামিন তথা খনিজ লোণসমৃদ্ধ ৷ কেলচিয়াম, ফচফৰাচ, আইৰন, মেগনেছিয়াম, ভিটামিন এ, বি, ই আদি পোৱাৰ উপৰিও এমাইন’এচিড, গ্লাইক’চাইড আৰু ফ্লেবিনয়ড পোৱা যায় ৷ বিভিন্ন গৱেষণাই কৈছে যে ইয়াৰ পাত এন্টিঅক্সিডেন্টযুক্ত আৰু কৰ্কট প্ৰতিৰোধী গুণযুক্ত ৷

কেইটামান উপকাৰ-

নৰসিংহ পাতৰ আঞ্জা খালে গ্ৰহণী ৰোগ উপশম হয় ৷

অৰুচি আৰু বমি ভাৱ আঁতৰায় ৷ নৰসিংহৰ চাটনিৰ লগত এচামুচ তেতেলীৰ ৰস মিহলাই খালে বদহজম কমে ৷

যথেষ্ট পৰিমাণে খনিজ পদাৰ্থ, ভিটামিন থাকে কাৰণে শিশুৰ কাৰণে এই পাত উপকাৰী ৷

নৰসিংহৰ পাতে চুলি আৰু নখৰ সৌন্দৰ্য বৃদ্ধি কৰে ৷

নৰসিংহ পাতত থকা কেলচিয়ামে হাড় আৰু দাঁতৰ সু- গঠনত সহায় কৰে ৷

নৰসিংহ পাত বহুমুত্ৰ আৰু বৃক্কৰোগীৰ বাবে উপকাৰী ৷

কেঁচুমুৰীয়া থাকিলে নৰসিংহ পাতৰ চাটনি খাব পাৰে ৷

পায়োৰিয়া ৰোগ নিৰাময়ৰ বাবে নৰসিংহ পাতৰ ৰসৰ লগত নিমখ মিহলাই কুলকুলি কৰিব পাৰে ৷

কীট পতংগই কামুৰিলে নৰসিংহ পাতৰ ৰসৰ লগত নেমুৰ ৰস মিহলাই লগালে আৰাম পোৱা যায় ৷

জুয়ে পুৰিলে নৰসিংহ পাত থেতেলিয়াই পোৰা অংশত লগালে সুফল পোৱা যায় ৷

গৰ্ভৱতী মহিলাৰ বাবে নৰসিংহ উপকাৰী ৷

যথেষ্ট পৰিমাণে লৌহ পদাৰ্থ থাকে বাবে নৰসিংহ পাতৰ ৰস খালে শৰীৰত ৰক্ত বৃদ্ধি হয় ৷

নৰসিংহই ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰে ৷

এইবোৰৰ উপৰিও নৰসিংহৰ আৰু কিছু ঔষধি গুণ আছে বুলি শেহতীয়া চিকিৎসা বিজ্ঞানৰ গৱেষণা বোৰত প্ৰকাশ পাইছে ৷ গতিকে আমি ইয়াৰ ব্যৱহাৰত গুৰুত্ব দিয়া উচিত ৷

প্ৰেৰক- ডাঃ প্ৰণৱ চক্ৰৱৰ্ত্তী ,নলবাৰী 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)